চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত বাংলাদেশত নিৰ্বাচন: মুখ্য উপদেষ্টা ইউনুছৰ নিৰ্দেশ

Story by  atv | Posted by  [email protected] • 1 d ago
চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত বাংলাদেশত নিৰ্বাচন: মুখ্য উপদেষ্টা ইউনুছৰ নিৰ্দেশ
চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত বাংলাদেশত নিৰ্বাচন: মুখ্য উপদেষ্টা ইউনুছৰ নিৰ্দেশ
 
নতুন দিল্লী
 
চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন৷ ইতিমধ্যে বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে নিৰ্বাচনৰ বাবে সাজু হ'বলৈ সংশ্লিষ্ট সকলো চৰকাৰী পক্ষলৈ নিৰ্দেশনা জাৰি কৰিছে। দেশখনৰ আইন প্ৰয়োগ কৰ্তৃপক্ষৰ সৈতে বুধবাৰে হোৱা এখন বৈঠকৰ পিছতে মহম্মদ ইউনুছে এই নিৰ্দেশনা জাৰি কৰে।
 
এই বৈঠকত বাংলাদেশ চৰকাৰৰ গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে ৷ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ ডেপুটি প্ৰেছ ছেক্ৰেটেৰী আজাদ মজুমদাৰে এ এন আইক কয়- " আগন্তুক ডিচেম্বৰৰ ভিতৰত সাধাৰণ নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ আজিৰ বৈঠকত মুখ্য উপদেষ্টাই নিৰ্দেশ দিছে ৷ আগন্তুক নিৰ্বাচনত প্ৰায় ৮ লাখ আইন বলবৎকাৰী বিষয়াক ৪৭ হাজাৰটা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োগ কৰা হ'ব ৷ এওঁলোকৰ ভিতৰত প্ৰায় ৫ লাখ ৭০ হাজাৰ হ'ব আনছাৰ সদস্য আৰু ১ লাখ ৪১ হাজাৰ থাকিব আৰক্ষী ৷"
 
তেওঁ লগতে আৰু কয় যে এই নিৰ্বাচনৰ পূৰ্বে প্ৰশাসন ব্যৱস্থাতো ব্যাপক সালসলনি ঘটাবলৈ মুখ্য উপদেষ্টাই নিৰ্দেশ দিছে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে মহম্মদ ইউনুছে মন্তব্য কৰিছিল যে আগন্তুক ফেব্ৰুৱাৰীৰ ভিতৰত দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব ৷ স্মৰ্তব্য যে বিগত বৰ্ষৰ আগষ্টত সেই সময়ৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক গাদীচ্যূত কৰা হৈছিল আৰু তাৰ পিছৰে পৰাই ন'বেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত দেশখনত চলি আছে অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ শাসন৷
 
ভাৰত-বাংলাদেশৰ ঘনিষ্ঠ সম্পৰ্ক হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা অৱনতি ঘটে ৷ যোৱা বছৰৰ ৫ আগষ্টত বাংলাদেশত ব্যাপক ছাত্ৰ আন্দোলনৰ পিছত হাছিনাক পদৰ পৰা অপসাৰণ কৰাৰ পিছৰে পৰা সন্মুখীন হ’বলগীয়া হৈছে কেইবাটাও গোচৰৰ। এই আন্দোলনৰ বাবেই হাছিনাই ঢাকা এৰি পলায়ন কৰিবলৈ বাধ্য হয়।