গুজৰাটত গ্ৰেপ্তাৰ ৪ আল-কায়েদাৰ সন্ত্ৰাসবাদী

Story by  atv | Posted by  [email protected] • 26 d ago
গুজৰাটত গ্ৰেপ্তাৰ ৪ আল-কায়েদাৰ সন্ত্ৰাসবাদী
গুজৰাটত গ্ৰেপ্তাৰ ৪ আল-কায়েদাৰ সন্ত্ৰাসবাদী
 
নতুন দিল্লী
 
ভুৱা মুদ্ৰাৰ বা জাল নোটৰ ৰেকেট চলোৱা আৰু বিশ্ব সন্ত্ৰাসবাদী সংগঠনৰ মতাদৰ্শ প্ৰচাৰ কৰা আল কায়দাৰ সৈতে জড়িত চাৰিটা সন্ত্ৰাসবাদীক গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী দলে (এন্টি টেৰৰিষ্ট স্কোৱাড) গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে এজনক অন্য ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বুলি এ টি এছে জানিবলৈ দিয়ে।
 
সূত্ৰই জনোৱা মতে, সন্ত্ৰাসবাদী অভিযুক্ত মহম্মদ ফৈক, মহম্মদ ফাৰ্দিন, চেফুল্লাহ কুৰেছি, আৰু জীছান আলীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু সন্দেহজনক এপ ব্যৱহাৰ কৰি আল কায়দাৰ মতাদৰ্শ বিয়পাইছিল।
 
সূত্ৰই জনোৱা মতে, তেওঁলোকে সামাজিক মাধ্যমৰ যোগাযোগৰ তথ্য নাইকিয়া কৰি ৰাখিবলৈ অটো-ডিলিট এপ ব্যৱহাৰ কৰিছিল। বৰ্তমান চাৰিওজনকে জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।
 
গুজৰাটৰ এ টি এছৰ বিষয়াসকলে কয় যে অভিযুক্তসকল দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে জড়িত হৈ আছে। তেওঁলোকে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আল কায়দাৰ সৈতে যোগাযোগ কৰিছিল।
 
ৰাজ্যত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰি থকা অৱস্থাত ধৰা পৰাৰ পিছতে এই চাৰিওজন আহিছিল এ টি এছৰ ৰাডাৰত।
 
গুজৰাটৰ এ টি এছে কয় যে তেওঁলোকে আড্ডা আৰু ছ’চিয়েল মিডিয়া হেণ্ডেল বিশ্লেষণ কৰা হৈ আছে।
 
আল কায়দা আফগানিস্তানত সন্ত্ৰাসবাদীক পুঁজিৰ যোগান ধৰা সংস্থা হিচাপে ওছামা বিন লাডেনৰ গুৰু শ্বেইখ আব্দুল্লা আজ্জামে সৃষ্টি কৰা মাখতাব আল-খিদামতৰ পৰাই গঢ় লৈ উঠিছিল। আল-কায়েদা, ইয়াৰ সংযুক্ত প্ৰতিষ্ঠান আৰু গোটটোৰ পৰা অনুপ্ৰাণিতসকলে আফ্ৰিকা, এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাত আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ সৈতে জড়িত হৈ আছে।
 
আৰম্ভণিৰে পৰা ১৯৯১ চনলৈকে আল কায়দা আফগানিস্তানত আৰু পাকিস্তানৰ পেছাৱাৰত অৱস্থিত আছিল। ১৯৯৬ চনৰ পৰা ২০০১ চনৰ শেষলৈকে বিন লাডেন আৰু আফগানিস্তানৰ সন্ত্ৰাসবাদী সহযোগীসকলে তালিবানৰ সুৰক্ষাত ইয়াক পৰিচালনা কৰিছিল।