এতিয়াৰে পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ লাগিব বেংক একাউন্ট নম্বৰ

Story by  atv | Posted by  [email protected] • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৭ বৰ্ষৰ হাইস্কুল শীক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক জৰুৰী তথা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। শিক্ষা পৰিষদৰ নতুন সিদ্ধান্ত মৰ্মে, মেট্ৰিক পৰীক্ষাৰ প-পত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ নিজৰ নামত একোটা বৈধ বেংক একাউণ্ট থকাটো বাধ্যতামূলক কৰা হৈছে।
 
এই সন্দৰ্ভত ৰাজ্যৰ প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকললৈ আনুষ্ঠানিক নিৰ্দেশনা প্ৰেৰণ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে।
 
চৰকাৰী অনুদানসমূহ পোনপটীয়াভাৱে ছাত্ৰ-ছাত্ৰীৰ হাতত যাতে পৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, ৰাজ্য চৰকাৰে  হাইস্কুল শীক্ষান্ত পৰীক্ষাৰ্থীসকলৰ বাবে বিভিন্ন বিত্তীয় সাহাৰ্য আৰু আঁচনিৰ পৰিকল্পনা কৰিছে, যাৰ ধন পোনপটীয়াকৈ ডিবিটি ব্যৱস্থাৰ জৰিয়তে পৰীক্ষাৰ্থীসকলৰ একাউণ্টত জমা কৰা হ’ব। সেয়ে ফৰ্ম ফিলআপৰ সময়তে পৰীক্ষাৰ্থীৰ বেংক একাউণ্টৰ তথ্য  পৰিষদৰ পৰ্টেলত উপলব্ধ কৰোৱাটো বাধ্যতামূলক কৰিছে শিক্ষা পৰিষদে।
 
আনহাতে, শিক্ষা পৰিষদে পৰীক্ষাৰ্থীসকলৰ উপৰি তেওঁলোকৰ অভিভাৱকসকলক সময় থাকোতেই ছাত্ৰ-ছাত্ৰীজনৰ নামত বৈধ বেংকত একাউণ্ট খুলি লোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। অন্তিম সময়ত যাতে ফৰ্ম ফিলআপৰ সময়ত কোনো ধৰণৰ অসুবিধা বা জটিলতাৰ সৃষ্টি নহয়, তাৰ বাবে নিজ নিজ বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীসকলক সহায়-সহযোগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।