পৰ্যটকৰ বাবে সুখবৰ; ২ অক্টোবৰৰ পৰা মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

Story by  atv | Posted by  [email protected] • 1 h ago
মানস ৰাষ্ট্ৰীয় উদ্যান
মানস ৰাষ্ট্ৰীয় উদ্যান
 
গুৱাহাটী
 
দীৰ্ঘদিনীয়া বাৰিষা কালৰ অন্ত পেলাই প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকসকলৰ বাবে কঢ়িয়াই অনা হৈছে এক সু-খবৰ। অহা ২ অক্টোবৰৰ পৰা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব। এই মুকলিৰ লগে লগে ২০২৬-২৭ বৰ্ষৰ নতুন পৰ্যটন ঋতুৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ ঘটিব।
 
উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া নীতিশ বড়োৱে জানিবলৈ দিয়া মতে, অহা ২ অক্টোবৰৰ দিনা এখন বিশেষ আৰু বৰ্ণিল কাৰ্যসূচীৰ মাজেৰে মানস ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয়টো মূল প্ৰৱেশদ্বাৰত আনুষ্ঠানিকভাৱে উদ্যানখনৰ দ্বাৰ মুকলি কৰা হ’ব। এই বিশেষ দিনটোক লৈ কেৱল বন বিভাগেই নহয়, স্থানীয় পৰ্যটন খণ্ডৰ লগত জড়িত ব্যৱসায়ী আৰু কৰ্মীসকলৰ মাজতো ব্যাপক উছাহ পৰিলক্ষিত হৈছে। নতুন পৰ্যটন বৰ্ষত দেশী-বিদেশী আলহীক আদৰিবলৈ সকলোৱে মিলি এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে।
 
বাৰিষাৰ প্ৰবল বৰষুণৰ বাবে নিয়মীয়াকৈ বন্ধ ৰখাৰ পাছত এতিয়া পুনৰ মানসৰ সেউজ বুকুত পৰ্যটকে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। কৰ্তৃপক্ষই জনোৱা অনুসৰি, এই পুনৰ মুকলিৰ লগে লগে সমগ্ৰ উদ্যানখনতে পৰ্যায়ক্ৰমে হাতী চফাৰী, জীপ চফাৰী আৰু অন্যান্য ৰোমাঞ্চকৰ পৰ্যটন কাৰ্যকলাপসমূহ আৰম্ভ হ’ব। উল্লেখযোগ্য যে, বাৰিষাৰ এই বন্ধৰ সময়ছোৱাত বন বিভাগে উদ্যানখনৰ ভিতৰৰ যাতায়াতৰ পথসমূহ সুন্দৰকৈ মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি তুলিছে। ইয়াৰ লগতে পৰ্যটক আৰু বন্যপ্ৰাণী দুয়োৰে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখনৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাও পূৰ্বতকৈ অধিক সুদৃঢ় কৰি তোলা হৈছে।
 
প্ৰকৃতিৰ অপূৰ্ব দান আৰু জৈৱ-বৈচিত্ৰ্যেৰে ভৰপূৰ মানস ৰাষ্ট্ৰীয় উদ্যান কেৱল অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক অন্যতম প্ৰধান আৰু আকৰ্ষণীয় বন্যপ্ৰাণী পৰ্যটনস্থলী। এই বিশাল সংৰক্ষিত বনাঞ্চলখন বিলুপ্তপ্ৰায় একশিঙীয়া গঁড়, ৰাজকীয় বেংগল টাইগাৰ, আপুৰুগীয়া সোণালী বান্দৰ আৰু বনৰীয়া ম’হৰ লগতে অসংখ্য বিৰল প্ৰজাতিৰ পক্ষীৰ নিৰাপদ আশ্ৰয়স্থল। প্ৰতিবছৰে প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ এই বিনন্দীয়া ৰূপ চাবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও হাজাৰ হাজাৰ পৰ্যটকৰ সোঁত বয় মানসলৈ। নতুন পৰ্যটন বৰ্ষতো উদ্যানখনে সমগ্ৰ বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।