নতুন দিল্লী
আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ বহু মহাকাশ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা জিম লাভেল এতিয়া সেই তৰাৰ দেশলৈ গতি কৰিছে। ৯৭ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছে।
তেওঁৰ অৱদানৰ কথা স্মৰণ কৰি নাছাই কয় যে ১৯৭০ চনত এপ’ল’ ১৩ অভিযান পৃথিৱীলৈ নিৰাপদে ঘূৰি অহাত জিম লাভেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁ এটা সম্ভাৱ্য ট্ৰেজেডীক সফল অভিযানলৈ ৰূপান্তৰিত কৰিছিল । সেই সময়ত তেওঁলোকৰ মহাকাশযান পৃথিৱীৰ পৰা লাখ লাখ মাইল দূৰত থকাৰ সময়ত বিস্ফোৰণৰ বাবে চন্দ্ৰত অৱতৰণ কৰাৰ চেষ্টা বন্ধ হৈ পৰে।
লাখ লাখ মানুহে টিভিত এই ঘটনাটো চাই আছিল, যেতিয়া লাভেল আৰু তেওঁৰ সংগী দুজনে নিৰাপদে প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিছিল আৰু এই মুহূৰ্তটো মহাকাশ ভ্ৰমণৰ ইতিহাসৰ আটাইতকৈ স্মৰণীয় হৈ পৰিছিল । জিম লাভেল এপ’ল’ ৮ মিছনৰ সদস্যও আছিল। তেওঁ দুবাৰ চন্দ্ৰৰ ওচৰলৈ গৈছিল যদিও চন্দ্ৰত অৱতৰণ কৰা নাছিল।
১৯২৮ চনৰ ২৫ মাৰ্চত জন্মগ্ৰহণ কৰা জেমছ আৰ্থাৰ লাভেল জুনিয়ৰে শৈশৱতে গাড়ী দুৰ্ঘটনাত পিতৃক হেৰুৱাইছিল। এনে অৱস্থাত মাতৃয়ে বৰ কষ্টেৰে তেওঁক ডাঙৰ-দীঘল কৰিছিল। পৰিয়ালটোৰ আৰ্থিক অৱস্থা এনেকুৱা আছিল যে তেওঁ কলেজলৈও যাব পৰা নাছিল। এনে পৰিস্থিতিত লভেলে আমেৰিকাৰ নৌসেনাত যোগদান কৰাৰ সিদ্ধান্ত লয় । নেভেল একাডেমী এনাপলিছত নামভৰ্তি কৰি কোৰিয়া যুদ্ধৰ সময়ত পঢ়া-শুনা সমাপ্ত কৰে তেওঁ। নৌসেনাই তেওঁক পাইলট হ’বলৈও প্ৰশিক্ষণ দিছিল।
জিম লাভেলে পঢ়াৰ সময়ত ৰকেট বিজ্ঞানৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছিল। প্ৰথম অৱস্থাত তেওঁ সুযোগো পাইছিল। ১৯৫৮ চনত প্ৰায় ৩০ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে নাছাত আবেদন কৰে। অৱশ্যে চিকিৎসা পৰীক্ষাৰ সময়ত তেওঁক নাকচ কৰা হয়। চাৰি বছৰৰ পাছত ১৯৬২ চনত তেওঁ নাছাৰ ‘নিউ নাইন’ত নিৰ্বাচিত হয়, যিয়ে চন্দ্ৰত আমেৰিকাৰ প্ৰথম খোজৰ অভিযানত অংশগ্ৰহণ কৰে।
এপ’ল’ ৮ অভিযানৰ সময়ত লাভলে তেওঁৰ আন দুজন সংগীৰ সৈতে মহাকাশত ২৫,০০০ মাইল প্ৰতি ঘণ্টাৰ বেগত চন্দ্ৰৰ কাষলৈ গৈছিল। তাৰ পৰাই তেওঁ পৃথিৱীৰ এক আচৰিত দৃশ্য দেখিলে, যাক ‘আৰ্থাইজ’ বুলি কোৱা হৈছিল। তেওঁ মানুহক দেখুৱাই দিলে যে পৃথিৱীখন কিমান ধুনীয়া। ১৯৬৯ চনত নাছাই নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিনক চন্দ্ৰলৈ পঠিয়াইছিল, যিটো সেই সময়ৰ আটাইতকৈ ডাঙৰ মানৱ অভিযান আছিল।
১৯৭০ চনত জিম লাভেল এপ’ল’ ১৩ মিছনৰ কমাণ্ডাৰ হয়। তেওঁৰ মহাকাশযানখন চন্দ্ৰত অৱতৰণ কৰিবলৈ ওলাইছিল যদিও দুৰ্ঘটনাত মহাকাশযানখনৰ বিস্ফোৰণ ঘটিছিল, যাৰ বাবে তেওঁৰ অভিযান প্ৰায় অসফল হৈ পৰিছিল। মহাকাশযানখনৰ অক্সিজেন টেংকত সমস্যাৰ সৃষ্টি হৈছিল।
লা্ভেল আৰু তেওঁৰ দলটোৱে চন্দ্ৰ মডিউলটো ব্যৱহাৰ কৰি মাটিত অৱতৰণ কৰিছিল যদিও ইয়াত হিট শ্বিল্ড নাছিল, গতিকে ইয়াক পৃথিৱীত পুনৰ প্ৰৱেশৰ বাবে ব্যৱহাৰ কৰিব পৰা নাছিল । সেই মডিউলটোত তেওঁলোক কঠিন পৰিস্থিতিতো বাচি থাকিল। তাপমাত্ৰা কমি আহিল, খাদ্য আৰু পানীৰ অভাৱ হ’ল যদিও যুঁজি থাকিল । অৱশেষত তেওঁলোক সফলতাৰে পৃথিৱীলৈ উভতি আহিল।
১৯৭৩ চনত নৌসেনাৰ পৰা অৱসৰ গ্ৰহণ কৰি লাভেলে শান্তিপূৰ্ণ জীৱন কটায় । ১৯৯৫ চনত মুক্তি পোৱা তেওঁৰ কাহিনীৰ ওপৰত ‘লাষ্ট মুন’ নামৰ এখন ছবিও নিৰ্মাণ কৰা হৈছিল । টম হেংকছে তেওঁৰ চৰিত্ৰত অভিনয় কৰিছিল । জিম লাভেল দুবাৰ চন্দ্ৰৰ অতি ওচৰলৈ গৈছিল । তেওঁ মহাকাশৰ পৰাই পৃথিৱীখন বুজি পাইছিল । জীৱনত অতি কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ তেওঁ পুনৰ পৃথিৱীলৈ আহিছিল । মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহীসকলৰ বাবে তেওঁৰ জীৱন প্ৰেৰণা।