নতুন দিল্লী
ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাৰ ৫০ শতাংশ অতিৰিক্ত শুল্ক আৰোপৰ ঘোষণাৰ পিছতে দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। ইতিমধ্যেই কৃষকৰ স্বাৰ্থত 'মূল্য পৰিশোধ’ কৰিবলৈ সাজু বুলি মন্তব্য কৰি ট্ৰাম্পৰ শুল্কবৃদ্ধিৰ প্ৰত্যুত্তৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। ইয়াৰ মাজতে আজি এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে আমদানি হ্ৰাস কৰি ৰপ্তানি বৃদ্ধি কৰাটো দেশপ্ৰেমৰ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব পাৰে।
শনিবাৰে নাগপুৰস্থিত বিশ্বেশ্বৰয় ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ এক অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে বিশ্বৰ বিভিন্ন সমস্যাৰ মাজত যদি ভাৰতে মূৰ তুলি থিয় দিব বিচাৰে তেন্তে জ্ঞান, প্ৰযুক্তি আৰু শক্তিৰ সঠিক প্ৰয়োগ অতি প্ৰয়োজনীয়। গাডকাৰীয়ে কয় যে বিশ্ব নতশিৰ হ’ব, কেৱল বিশ্বক নতশিৰ কৰাৰ শক্তি আমাৰ থকাটো প্ৰয়োজন।
তেওঁৰ মতে আমি যদি বৈজ্ঞানিক প্ৰগতি, আধুনিক প্ৰযুক্তি আৰু জ্ঞানভিত্তিক শক্তি ব্যৱহাৰ কৰো তেন্তে ভাৰতে আৰু কাৰো সন্মুখত মূৰ দোৱাবলগীয়া নহ’ব। প্রযুক্তি আৰু অর্থনৈতিক শক্তিৰ বাবেই বিশ্বৰ একাংশ দেশে মদমত্তৰ দৰে কাম কৰি আছে বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, ''অৱশ্যে ভাৰত সেই পথত নাই, আমাৰ সংস্কৃতিয়ে প্ৰথমে পৃথিৱীৰ মংগলৰ কথা কয়, আমাৰ নিজৰ কল্যাণৰ কথা নহয়।’’
ভাৰতৰ বিভিন্ন জিলা আৰু ৰাজ্যৰ বিভিন্ন সমস্যা আৰু সম্ভাৱনা আছে বুলিও তেওঁ কয়। য’ত অধিক আৱৰ্জনা থাকে তাত বিভিন্ন ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি কাম কৰিব পাৰি। যদি সমগ্ৰ দেশৰ বিজ্ঞানী আৰু গৱেষণা প্ৰতিষ্ঠানসমূহে এই দিশসমূহৰ ওপৰত কাম কৰে তেন্তে ভাৰতৰ বিকাশৰ হাৰ তিনিগুণ বৃদ্ধি পাব বুলি দাবী কৰে নীতিন গাডকাৰীয়ে।