ভাৰতীয় বায়ুসেনাৰ বিমানেৰে সাহায্য বিতৰণ মণিপুৰৰ ভূমিস্খলনত প্ৰভাৱিত অঞ্চলত

Story by  atv | Posted by  Munni Begum • 15 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ইম্ফল

অবিৰতভাৱে হৈ থকা বৰষুণৰ ফলত মণিপুৰৰ চূড়চান্দপুৰ জিলাত ভূমিস্খলন সংঘটিত হৈছে। যাৰফলত কেইবাখনো দূৰৱৰ্তী গাঁৱলৈ যোৱাৰ পথ বিচ্ছিন্ন হৈ পৰিছে।
 
সেয়েহে ভাৰতীয় বায়ুসেনাই মণিপুৰৰ চূড়চান্দপুৰ জিলালৈ চাউল, দালিকে ধৰি ৫৩০০ কিলোগ্ৰাম অত্যাৱশ্যকীয় সামগ্ৰী বিমানেৰে যোগান ধৰিছে। 
 
শনিবাৰে জাৰি কৰা প্ৰতিৰক্ষা বিবৃতি অনুসৰি, হেংলেপ মহকুমালৈ সাহায্য সামগ্ৰীসমূহ যোগান ধৰিবলৈ মি-১৭ হেলিকপ্টাৰ ব্যৱহাৰ কৰি ৯টা প্ৰত্যাহ্বানমূলক যাত্ৰা আৰম্ভ কৰা হৈছিল।
 
বিষয়াসকলে জনোৱামতে, বিগত সপ্তাহত বিশেষকৈ চিয়াংপি আৰু টুইলাফাইৰ মাজত ৯০টাতকৈও অধিক ভূমিস্খলনে পথ সংযোগত গুৰুতৰ প্ৰভাৱ পেলাইছে আৰু সম্প্ৰদায়সমূহক পৃথক কৰি তুলিছে।   
 
সংকটৰ প্ৰতি সঁহাৰি জনাই মণিপুৰ চৰকাৰে আই এ এফৰ সহায় বিচাৰি ছান্টিং আৰু চাইচাঙৰ দৰে আৱদ্ধ হৈ থকা গাঁওসমূহত জৰুৰী প্ৰয়োজনীয় খাদ্য আৰু চিকিৎসা সামগ্ৰী যোগান ধৰা হৈছিল।
 
ইফালে, এন এইচ আই ডি চি এলকে ধৰি সংস্থাসমূহে ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাৰ লগতে পথৰ সংযোগ পুনৰুদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।