কেয়ী পানয়'ৰ (অৰুণাচল প্ৰদেশ)
বুধবাৰে অৰুণাচল প্ৰদেশ চৰকাৰে জৰুৰীকালীন বিমান সহায় সক্ৰিয় কৰি তোলে আৰু ভাৰতীয় বায়ু সেনাৰ সৈতে সমন্বয় ৰাখি পুছা অঞ্চলত বানৰ তাণ্ডৱৰ পিছত বানপীড়িত কেয়ী পানয়'ৰ জিলাত উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (এছডিআৰএফ)ৰ লোক আৰু সা-সৰঞ্জামক ক্ষতিগ্ৰস্ত স্থানসমূহলৈ তৎকালীনভাৱে প্ৰেৰণ কৰা হয়।
অৰুণাচল প্ৰদেশৰ তথ্য আৰু জনসংযোগ বিভাগ (ডিআইপিআৰ)ৰ মতে, পুছা অঞ্চলত হঠাতে হোৱা বানপানীৰ তথ্য লাভ কৰাৰ পিছত ৰাজ্যখনৰ অসামৰিক বিমান পৰিবহন বিভাগক তৎক্ষণাত সক্ৰিয় কৰা হৈছিল আৰু উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে সাজু কৰা হৈছিল।
কেয়ী পানয়'ৰ জিলাৰ উপ-আৰক্ষী আয়ুক্তৰ অনুৰোধ মৰ্মে, অসামৰিক বিমান পৰিবহণ বিভাগে ইষ্টাৰ্ণ এয়াৰ কমাণ্ড (ইএচি), শ্বিলঙৰ সৈতে সমন্বয় স্থাপন কৰি উদ্ধাৰকাৰী কৰ্মী আৰু সামগ্ৰীসমূহ উচ্ছেদ আৰু নিয়োজনৰ বাবে বায়ু সেনাৰ সহায় বিচাৰিছিল।
ইয়াৰ পিছত ভাৰতীয় বায়ু সেনাই এছডিআৰএফৰ কৰ্মী আৰু সাহায্য সামগ্ৰী ইটানগৰ কেপিটেল ৰিজিয়ন (আই চি আৰ)ৰ পৰা কেয়ী পানয়'ৰ জিলাৰ পিটাপুললৈ বিমানেৰে কঢ়িয়াই নিয়াৰ বাবে এক বিমান সহায় অভিযান আৰম্ভ কৰে।
বিষয়াসকলে কয় যে, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কৰ্ণেল আৰ মালহোত্ৰা আৰু ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ গ্ৰুপ কেপ্টেইন মুকেশ চৌহানে প্ৰত্যাহ্বানমূলক বতৰ সত্ত্বেও হ'লংগিত সফলতাৰে উপস্থিত হৈ পিটাপুললৈ যাত্ৰা কৰে।
এছআৰএফৰে দল আৰু অত্যাৱশ্যকীয় উদ্ধাৰ সামগ্ৰীসমূহ বানাক্ৰান্ত অঞ্চললৈ প্ৰেৰণ কৰা হয়। প্ৰশাসনে কয় যে, জিলাখনত উদ্ধাৰ আৰু সাহায্য কাৰ্য অব্যাহত থকাৰ বাবে অতিৰিক্ত বায়ু সহায়ক অভিযানৰ পৰিকল্পনা কৰা হৈছে।
অসামৰিক বিমান পৰিবহণ বিভাগ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভাৰতীয় বায়ু সেনা, এছডিআৰএফৰ জোৱান আৰু এপিডি হ'লংগিক জৰুৰীকালীন অৱস্থাৰ সময়ত বিমানৰ সহায় ত্বৰান্বিত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
বিষয়াসকলে কেয়ী পানয়'ৰ, উপ আয়ুক্ত শ্বেতা নগৰ, ক'টো মেহতা, জিলা আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা দলৰ প্ৰচেষ্টাক ভূমিগত সমৰ্থন আৰু সমন্বয়ৰ বাবে প্ৰশংসা কৰে।