ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত; নিহত দুই পাইলট

Story by  atv | Posted by  [email protected] • 6 h ago
ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত
ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত
 
নতুন দিল্লী
 
ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত। ৰাজস্থানৰ চুৰু জিলাৰ ৰাতংগৰ চহৰৰ সমীপত বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। খবৰ অনুসৰি ৰাতংগৰ চহৰৰ সমীপৰ ভানুদা গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা।
 
এই দুৰ্ঘটনাত নিহত হৈছে বায়ুসেনাৰ দুয়োগৰাকী পাইলট। গাওঁবাসীয়ে জনোৱা অনুসৰি বুধবাৰে পুৱা স্থানীয় লোকে হঠাতে এক প্ৰচণ্ড শব্দ শুনে। প্ৰথমতে এই শব্দ ক’ৰ পৰা আহিছিল সেয়া স্পষ্ট হোৱা নাছিল।
 
পিছত তেওঁলোকে দেখে পথাৰত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা জুই জ্বলি উঠিছিল। বিমানখন কেইবাটাও টুকুৰা হৈ ভাঙি পৰিছিল আৰু আটাইকেইটা টুকুৰা জ্বলি আছিল। ঘটনাটো তেওঁলোকৰ দৃষ্টিগোচৰ হোৱাত প্ৰথমে উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই ঘটনাৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে।
 
পিছত ঘটনাৰ খবৰ পোৱাত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হয়। অৱশ্যে বিমানখনত কিমানজন লোক আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
 
জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল এখন বায়ুসেনাৰ জাগুৱাৰ। স্থানীয় আৰক্ষী থানাৰ বিষয়া ৰাজলদেশ কমলেশে জনোৱা মতে, দুৰ্ঘটনাস্থলীত মানুহৰ শৰীৰৰ জ্বলি যোৱা অংগ উদ্ধাৰ কৰা হৈছে। পিছত বায়ুসেনাই কয় যে এই দুৰ্ঘটনাত কোনো সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা নাই। বায়ু সেনাই নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
 
লগতে বায়ুসেনাই কয় যে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্তৰ বাবে ‘Court of Inquiry’ গঠন কৰা হ’ব। মন কৰিবলগীয়া যে চলিত বৰ্ষত জাগুৱাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ এয়া তৃতীয়টো ঘটনা। যোৱা এপ্ৰিল মাহত গুজৰাটৰ জামনগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ সুৱৰ্দাৰ গাঁৱৰ এখন পথাৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল দুজনীয়া জাগুৱাৰ যুদ্ধ বিমান। সেই দুৰ্ঘটনাত বিমানখনৰ পাইলট সিদ্ধাৰ্থ যাদৱৰ মৃত্যু হয়।
 
ইয়াৰ পূৰ্বে হাৰিয়ানাৰ পঞ্চকুলাত জাগুৱাৰ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰশিক্ষণৰ সময়ত সংঘটিত হৈছিল সেই দুৰ্ঘটনা। অৱশ্যে দুৰ্ঘটনাগ্ৰস্ত যুঁজাৰু বিমানখনৰ পৰা নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় পাইলটজন।
 
উল্লেখযোগ্য যে, জাগুৱাৰ হৈছে দুই ইঞ্জিনযুক্ত যুদ্ধ বিমান। ভাৰতীয় বায়ুসেনাই দীৰ্ঘদিন ধৰি এই বিমানখন ব্যৱহাৰ কৰি আহিছে। জাগুৱাৰ বিমানক প্ৰয়োজন অনুসৰি নতুনকৈ সজাই তোলা হৈছে। বৰ্তমান ভাৰতীয় সেনাৰ হাতত প্ৰায় ১২০ খন জাগুৱাৰ যুদ্ধ বিমান আছে।