সম্পূৰ্ণ হ'ল ইছৰোৰ মানৱ মহাকাশ অভিযানৰ প্ৰস্তুতি; গগণযানৰ বাবে সাজু ইঞ্জিন

Story by  atv | Posted by  [email protected] • 6 h ago
সম্পূৰ্ণ হ'ল ইছৰোৰ মানৱ মহাকাশ অভিযানৰ প্ৰস্তুতি; গগণযানৰ বাবে সাজু ইঞ্জিন
সম্পূৰ্ণ হ'ল ইছৰোৰ মানৱ মহাকাশ অভিযানৰ প্ৰস্তুতি; গগণযানৰ বাবে সাজু ইঞ্জিন
 
নতুন দিল্লী
 
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে কয় যে গগণযান অভিযানৰ বাবে চাৰ্ভিছ মডিউল প্ৰপালচন চিষ্টেম (এছ এম পি এছ)ৰ কাম সফলতাৰে সম্পূৰ্ণ কৰা হৈছে । ইয়াৰ লগতে এই ব্যৱস্থাৰ প্ৰয়োজনীয় সকলো পৰীক্ষাও সম্পূৰ্ণ কৰা হৈছে। শুকুৰবাৰে এই ব্যৱস্থাৰ এটা ডাঙৰ পৰীক্ষা ৩৫০ ছেকেণ্ড (প্ৰায় ৬ মিনিট)ৰ বাবে কৰা হৈছিল । ইয়াৰ উদ্দেশ্য আছিল উৰণৰ সময়ত কোনো সমস্যা হ’লে আৰু মিছনটো মাজভাগত বন্ধ কৰি দিবলগীয়া হ’লে এই ব্যৱস্থাটোৱে সঠিকভাৱে কাম কৰে নে নাই (যাক ‘মিছন এবৰ্ট’ বুলি কোৱা হয়) চাব লাগে।
 
গগণযান অভিযান ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ অভিযান । ইছৰোৱে এক বিবৃতিত কয় যে হট পৰীক্ষাৰ সময়ত ভৱিষ্যদ্বাণী অনুসৰি প্ৰপালচন ব্যৱস্থাৰ কাৰ্য্যক্ষমতা স্বাভাৱিক আছিল । ইছৰোৰ মতে, গগণযানৰ চাৰ্ভিচ মডিউলত এটা বিশেষ ব্যৱস্থা স্থাপন কৰা হৈছে যিটো দুবিধ ইন্ধনেৰে চলি থাকে । এই ব্যৱস্থাই মানুহৰ লগত মহাকাশলৈ যোৱা অংশটোক সহায় কৰে। ইয়াৰ কাম হ’ল ৰকেটটোক সঠিক কক্ষপথলৈ লৈ যোৱা, উৰণৰ সময়ত দিশ নিয়ন্ত্ৰণ কৰা, প্ৰয়োজনৰ সময়ত ৰকেটৰ গতি লেহেমীয়া কৰা আৰু কিবা সমস্যা হ’লে মিছনটো মাজভাগত বন্ধ কৰি নিৰাপদে মহাকাশচাৰীসকলক ঘূৰাই অনা।
 
এই অভিযানত দুটা বিশেষ ধৰণৰ ইঞ্জিনে কাম কৰে- লিকুইড এপ’জি মটৰ (LAM)-এ ৰকেটটোক সঠিক কক্ষপথলৈ অনাত সহায় কৰে আৰু তাৰ পিছত লাহে লাহে তললৈ নমাই অনাত সহায় কৰে । ৰিয়েকচন কণ্ট্ৰল চিষ্টেমে (RCS) ৰকেটৰ দিশ অতি নিখুঁতভাৱে নিয়ন্ত্ৰণ কৰে । ইছৰোৱে কয় যে এছ এম পি এছ সঠিকভাৱে পৰীক্ষা কৰিবলৈ এটা মডেল প্ৰস্তুত কৰা হৈছিল, যাক চিষ্টেম ডেম’নষ্ট্ৰেচন মডেল (এছ ডি এম) বুলি কোৱা হয়। এই মডেলত প্ৰকৃত ব্যৱস্থাটোত থাকিব পৰা সকলো অংশও অন্তৰ্ভুক্ত কৰা হৈছে- যেনে ইন্ধনৰ টেংকৰ পৰা ইন্ধন পঠোৱা ব্যৱস্থা, হিলিয়াম গেছৰ চাপ বজাই ৰখা ব্যৱস্থা, উৰণৰ সময়ত কাম কৰা সৰু ইঞ্জিন (থ্ৰাষ্টাৰ) আৰু সেইবোৰ নিয়ন্ত্ৰণ কৰা সঁজুলি।
 
এই মডেলৰ ওপৰত ইছৰোৱে ২৫টা ভিন্ন পৰীক্ষা চলাইছিল- কিছুমান স্বাভাৱিক পৰিস্থিতিত আৰু কিছুমান কঠিন পৰিস্থিতিত । এই সকলোবোৰ পৰীক্ষা একেলগে মুঠ ১৪,৩৩১ ছেকেণ্ড (প্ৰায় ৪ ঘণ্টা) চলিছিল । তেওঁলোকৰ উদ্দেশ্য আছিল এই ব্যৱস্থাই গগণযান অভিযানৰ বিভিন্ন পৰ্যায় আৰু মানুহক নিৰাপদে কঢ়িয়াই নিয়াৰ প্ৰয়োজনীয়তা পূৰণ কৰে নেকি সেয়া চোৱা।
 
ইছৰোৱে কয় যে এই প্ৰপালচন চিষ্টেমটো ইয়াৰ লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰ (এল পি এছ চি)ত ডিজাইন, পৰিকল্পনা আৰু নিৰ্মাণ কৰা হৈছিল । ইয়াৰ সকলো পৰীক্ষা তামিলনাডুৰ মহেন্দ্ৰগিৰিত অৱস্থিত ইছৰোৰ প্ৰপালচন কমপ্লেক্স (আই পি আৰ চি)ত কৰা হৈছিল, য’ত ৰকেটৰ ইঞ্জিন আৰু ইয়াৰ লগত জড়িত ব্যৱস্থাসমূহ পৰীক্ষা কৰা হয় ।