নতুন দিল্লী
প্ৰকৃতিৰ ৰোষত পৰিছে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ড। শেহতীয়াকৈ ৰাজ্যখনত হোৱা ডাৱৰ বিস্ফোৰণ আৰু ইয়াৰ ফলত হোৱা বিস্তৰ ক্ষয়-ক্ষতিয়ে ৰাজ্যখনৰ পৰিৱেশ- পৰিস্থিতিয়েই সলনি কৰি দিছে।
ৰাজ্যখনৰ ৰুদ্ৰপ্ৰয়াগ জিলাত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে তীব্ৰ প্ৰত্যাহ্বানে দেখা দিছে কেদাৰনাথ ধাম যাত্ৰাত ৷ তীৰ্থযাত্ৰীসকলে খোজকাঢ়ি যোৱা পথটো ক্ৰমাৎ হৈ পৰিছে বিপদজনক । আনহাতে, মধ্যমহেশ্বৰ উপত্যকাতো হৈছে ধাৰাসাৰ বৰষুণ৷
যাৰ বাবে আগন্তুক দুদিনলৈ বন্ধ ঘোষণা কৰা হৈছে কেদাৰনাথ আৰু মধ্যমহেশ্বৰ যাত্ৰা ৷ ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ ৭ আৰু ৮ আগষ্ট এই দুটা দিনত ভক্তসকলক কেদাৰনাথ ধামলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। সম্প্ৰতি উত্তৰাখণ্ডৰ ঠায়ে ঠায়ে অব্যাহত আছে প্ৰবল বৃষ্টিপাত ৷ যাৰ বাবে কোনো কোনো অঞ্চলত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে ৷
পাহাৰৰ পৰা খহি অহা মাটি-শিলে পথ বন্ধ কৰাত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় লোকসকলৰ লগতে তীৰ্থযাত্ৰীসকলো ৷ বিশেষকৈ খোজকাঢ়ি মন্দিৰসমূহলৈ যোৱা যাত্ৰীয়ে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ যাৰ বাবে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগা হয় ৷
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগতীয়া খবৰ অনুসৰি আগন্তুক দিনসমূহৰ বাবে জাৰি কৰা হৈছে সতৰ্কতা । বিশেষকৈ খোজকাঢ়ি পাৰ হ’বলগীয়া কেদাৰনাথ অভিমুখী পথটোৰ বিভিন্ন স্থানত প্ৰকাণ্ড প্ৰকাণ্ড শিল পৰি থকাৰ ফলতে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছে।
আনহাতে নদীৰ পাৰলৈ যোৱাতো নিষেধাজ্ঞা আৰোপ কৰিছে আৰক্ষীয়ে। বৃষ্টিপাতৰ ফলত ৰুদ্ৰপ্ৰয়াগৰ অলকানন্দা নৈৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিছে ৷ যাৰ ফলত নদীৰ পাৰত অৱস্থিত আটাইকেইটা ঘাট আৰু ৰাস্তা সম্প্ৰতি পানীত ডুব গৈছে। নদীৰ পাৰত বসবাস কৰা লোকসকলক সজাগ হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী-প্ৰশাসনে ৷