নতুন দিল্লী
পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ। আজিৰ পৰা ৰাজ্যখনৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান তিনিদিনৰ বাবে বন্ধ ঘোষণা কৰিছে মণিপুৰ চৰকাৰে৷ ৰাজ্যখনৰ শেহতীয়া আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি আজিৰে পৰা ২২ আগষ্টলৈ বন্ধ থাকিব সকলো ধৰণৰ শিক্ষানুষ্ঠান৷
বুধবাৰে মণিপুৰৰ শিক্ষা বিভাগে জাৰি কৰা এক নিৰ্দেশ অনুসৰি মাধ্যমিক শিক্ষা ব’ৰ্ড, উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড আৰু অন্যান্য ব’ৰ্ডৰ সৈতে জড়িত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ লগতে চৰকাৰী, সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো এই বন্ধৰ নিৰ্দেশনা প্ৰযোজ্য হ’ব।
নিৰ্দেশটোত কোৱা হৈছে- "ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰৰ ৰাজ্যপালে মাধ্যমিক শিক্ষা ব'ৰ্ড, উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ড বা অন্যান্য মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়কে ধৰি উচ্চ শিক্ষানুষ্ঠানসমূহৰ সৈতে জড়িত সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে ৷ ২০ আগষ্টৰ পৰা ২২ আগষ্ট শনিবাৰলৈ এই নিৰ্দেশনা প্ৰযোজ্য হ'ব।"
লগতে শিক্ষা বিভাগে সকলো উপ-আয়ুক্ত, খণ্ড শিক্ষা বিষয়া আৰু সংশ্লিষ্ট সঞ্চালকক নিজা নিজা অধীনস্থ বিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ মাজত এই নিৰ্দেশ প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মণিপুৰ চৰকাৰৰ বিদ্যালয় শিক্ষা, উচ্চ আৰু কাৰিকৰী শিক্ষা, প্ৰাপ্তবয়স্ক শিক্ষা আৰু এছচিইআৰটি বিভাগৰ আয়ুক্ত সচিব নিংথৌজাম জিঅ’ফ্ৰেই এই নিৰ্দেশ জাৰি কৰিছে।
ইফালে, দেওবাৰে কেম্পেইন ফৰ জাষ্ট এণ্ড ফেয়াৰ ডিলিমিটেশ্ব'নে মণিপুৰত চলি থকা লোকপিয়ল অনুশীলনৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আন্দোলনৰ অংশ হিচাপে দেওবাৰে নিশা ৰাজ্যৰ কেইবাটাও স্থানত জোৰ সমদলো অনুষ্ঠিত হয়।
চৰকাৰক হেঁচা প্ৰয়োগ কৰা জে এফ ডিৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই উৰিপক-কাংচুপ পথ, টিদ্ডিম পথ, কংবা পথ আৰু খুৰাই-লামলঙৰ কাষেৰে বিক্ষোভমূলক সমদল কৰে মণিপুৰৰ জনতাই । বিক্ষোভৰ সময়ত প্ৰতিবাদকাৰীসকলে এন আৰ চি উন্নীতকৰণ আৰু আভ্যন্তৰীণ স্থানচ্যুত ব্যক্তি (আই ডি পি)ক পুনৰ সংস্থাপন নকৰালৈকে কোনো লোকপিয়লৰ অনুশীলনৰ অনুমতি দিয়া নহ’ব বুলি স্পষ্টভাৱে শ্লোগান দিয়ে।
উল্লেখযোগ্য যে, মেইৰা পাইবি গোটকে ধৰি একাধিক সংগঠনৰ নেতাৰ সৈতে বিতং আলোচনাৰ অন্তত এই প্ৰতিবাদ তীব্ৰতৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । জোৰ সমদলৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ সমগ্ৰ অঞ্চলত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। লোকপিয়ল কৰাৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ আহ্বান জনাইছে জে এফ ডিয়ে।