শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাত জড়িত পাঁচজন মুখা পিন্ধা লোকক চিনাক্ত মেঘালয় চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 16 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
শ্বিলং 
 
আগষ্টৰ ১৯ তাৰিখে শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাত, বিশেষকৈ অসম পঞ্জীয়নভুক্ত বাহনত আক্ৰমণৰ সৈতে জড়িত পাঁচজন মুখা পিন্ধা লোকক চিনাক্ত কৰা হৈছে বুলি মেঘালয় চৰকাৰে জনাইছে। আগষ্টৰ ২২ তাৰিখে অসম আৰু মেঘালয়ৰ মাজত অনুষ্ঠিত এখন যুটীয়া বৈঠকৰ পিছত এই কথা প্ৰকাশ কৰা হয়।
 
কইনাধৰা ষ্টেট গেষ্ট হাউছত দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত অনুষ্ঠিত বৈঠকখনত এই লোকসকলক চিনাক্ত কৰাটো অন্যতম গুৰুত্বপূৰ্ণ অগ্ৰগতি হিচাপে আলোচনা কৰা হয়। মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধাৰ আৰু অসমৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত বৈঠকখন তিনিঘণ্টাতকৈও অধিক সময় ধৰি চলে। বৈঠকত শ্বিলঙৰ ঘটনাৰ পৰৱৰ্তী পৰিস্থিতি আৰু ইয়াৰ প্ৰভাৱক লৈ বিস্তৃতভাৱে আলোচনা কৰা হয়।
 
মেঘালয় চৰকাৰে হিংসাত জড়িত বাকী লোকসকলক চিনাক্ত কৰাৰ বাবে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে। বিশেষকৈ অসম পঞ্জীয়নভুক্ত বাহনসমূহক লক্ষ্য কৰি আক্ৰমণ চলোৱা লোকসকলৰ ওপৰত দলটোৱে গুৰুত্ব দিব। লগতে জড়িত লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক বিচাৰৰ সন্মুখীন কৰোৱাৰ ব্যৱস্থাও কৰিব বিশেষ তদন্তকাৰী দলে। 
 
মেঘালয় চৰকাৰে জনোৱা মতে, আগষ্টৰ ১৯ তাৰিখৰ ঘটনাক লৈ এতিয়ালৈকে মুঠ ১৫খন এজাহাৰ (FIR) পঞ্জীয়ন কৰা হৈছে। অসমক দিয়া তথ্য অনুসৰি, খাচী ষ্টুডেণ্টছ ইউনিয়ন (KSU)-ৰ সভাপতি, উপ-সভাপতি আৰু সাধাৰণ সম্পাদকক মেঘালয় মেইনটেনেন্স অৱ পাব্লিক অৰ্ডাৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।