ভাৰতৰ ধৰ্মীয় সহনশীলতাক প্ৰশংসা কৰে মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব আল ইছাই

Story by  atv | Posted by  [email protected] • 9 Months ago
মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব আল ইছা, বিবেকানন্দ ফাউণ্ডেশ্যনৰ সঞ্চালক ড০ অৰবিন্দ গুপ্তা আৰু বিবেকানন্দ ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ অধ্যক্ষ এছ গুৰুমূৰ্তি
মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব আল ইছা, বিবেকানন্দ ফাউণ্ডেশ্যনৰ সঞ্চালক ড০ অৰবিন্দ গুপ্তা আৰু বিবেকানন্দ ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ অধ্যক্ষ এছ গুৰুমূৰ্তি
 
তৃপ্তি নাথ/ নতুন দিল্লী
 
বুধবাৰে মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব ড০ মহম্মদ বিন আব্দুলকাৰীম আল ইছাই ভাৰতৰ ধৰ্মীয় সহনশীলতা, শান্তিপূৰ্ণ সহ-অস্তিত্ব, বৈচিত্ৰ্য আৰু ভাতৃত্ববোধক প্ৰশংসা কৰে। ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধানক প্ৰণাম জনাই পূজনীয় ইছলামিক পণ্ডিতগৰাকীয়ে স্বীকাৰ কৰে যে ভাৰতীয় পৰম্পৰাই বিশ্ববাসীক সমন্বয়ৰ শিক্ষা দিছে।
 
 
আৰবী ভাষাত দিয়া তেওঁৰ শক্তিশালী ভাষণৰ বাবে সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈছিল আৰু লগতে সকলোৱে থিয় হৈ হাত চাপৰি দিছিল।  
 
ড০ আল ইছাক মধ্যপন্থী ইছলামৰ ওপৰত এক আগশাৰীৰ বিশ্বব্যাপী কণ্ঠৰ লগতে উগ্ৰবাদী মতাদৰ্শৰ বিৰুদ্ধে থিয় হোৱা এক গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে গণ্য কৰা হয়।
 
প্ৰথম ভাৰত ভ্ৰমণৰ তৃতীয় দিনা নতুন দিল্লীৰ বিবেকানন্দ ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনত এক সভাত ভাষণ দি বহুল ভ্ৰমণকাৰী মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিবগৰাকীয়ে ভাৰতীয় দৰ্শন আৰু পৰম্পৰাক প্ৰশংসা কৰে।“ভাৰতৰ বৈচিত্ৰ্য দেখি মই অতিশয় আপ্লুত হৈছো। যদি কোনো এখন দেশ আছে যিয়ে পাৰস্পৰিক বুজাবুজি বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগাইছে তেন্তে সেয়া হ’ল হিন্দুস্তান (ভাৰত)। ভাৰতত যি শান্তিপূৰ্ণ সহাৱস্থান মই প্ৰত্যক্ষ কৰিলোঁ, সেয়া মই আগতে ক’তো দেখা নাই", তেওঁ কয়।
 
মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব আল ইছাই
 
গ্ল’বেল ফাউণ্ডেশ্যন ফৰ চিভিলাইজেচনেল হাৰমনি (ভাৰত)ৰ সহযোগত আয়োজন কৰা “সকলো ধৰ্মৰ মাজত সমন্বয়ৰ সংলাপ” শীৰ্ষক বিষয়ৰ ওপৰত ভাষণ দি মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিবগৰাকীয়ে কয় যে যিকোনো বিষয়ত আলোচনা নকৰিলে ভুল বুজাবুজিৰ সৃষ্টি কৰে। "যেতিয়াই দুজনৰ মাজত আলোচনাৰ অভাৱ হয় তেতিয়াই ভুল বুজাবুজি আৰু সমস্যাৰ সৃষ্টি হয়। বৰ্তমান দেখিব পোৱা যায় যে, ধৰ্মীয় নেতাসকলে নিজকে আত্মগোপন কৰি ৰখাৰ প্ৰৱণতা বৃদ্ধি পাইছে আৰু সেয়েহে ইজনে সিজনক বুজি নাপায়'', তেওঁ কয়।
 
তেওঁ পৰামৰ্শ দিয়ে যে "সেয়েহে আলোচনাৰ বাবে সকলোৰে মাজত এটা ভাল সম্পৰ্ক স্থাপন কৰাটো গুৰুত্বপূৰ্ণ। সভ্যতাৰ মাজৰ সংঘৰ্ষ ৰোধ কৰিবলৈ হ'লে আমি পৰৱৰ্তী প্ৰজন্মক শৈশৱৰ পৰাই সুৰক্ষা আৰু পথ প্ৰদৰ্শন কৰাটো প্ৰয়োজন।''
 
ড° আল-ইছাৰ ভাষণৰ হিন্দুস্তানী ভাষাত অনুবাদ কৰা স্তম্ভলেখক গুলাম ৰাছুল ডেহলভিয়ে আৱাজ-দ্য ভইচক জনাই যে ছৌদি নেতাগৰাকীয়ে অতি সাহিত্যিক আৰু উন্নতমানৰ আৰবী ভাষা কয়।
 
ড০ আল ইছাই কয় যে ঘৃণাৰ নেতিবাচক অপপ্ৰচাৰ কৰা কিতাপ আৰু সাহিত্যক সমগ্ৰ বিশ্বৰ বাবে বিপদজনক। আনহাতে ইতিবাচক, সংকোচিত আৰু বহুত্ববাদী বাৰ্তা কঢ়িয়াই অনা কিতাপৰ প্ৰচাৰ ভালদৰে হোৱা দেখা নাযায়। “যদি আমি ইতিবাচক আৰু বহুত্ববাদী বাৰ্তাৰ প্ৰচাৰ পুনৰ আৰম্ভ কৰো, তেন্তে আমি ঘৃণাৰ অপপ্ৰচাৰৰ ফলত হোৱা ক্ষতি আঁতৰাই পেলাই সমাজত এক ভাল বাৰ্তা ঘূৰাই আনিব পাৰিম।''
 
তেওঁ কয়, ‘সমাজখনক ভাল পথ দেখুৱাবলৈ বিভিন্ন ধৰণে আলোচনা কৰিব পাৰি। যেনে ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ঐতিহাসিক ভাবে। কিন্তু এই বিষয়সমূহ বাস্তৱিক ৰূপত ব্যৱহাৰ হোৱা দেখা নাযায়। যিকোনো আলোচনাৰ অপৰিহাৰ্য নীতি হ’ল, ই সদ্ভাৱৰ ওপৰত ভিত্তি কৰি হ’ব লাগে। যদি ইয়াৰ ৰাজনৈতিক বা বস্তুবাদী এজেণ্ডা থাকে তেন্তে ই সফল হ’ব নোৱাৰে। যিকোনো বিষয়ৰ আলোচনা সুস্থ নীতিৰ ওপৰত ভিত্তি কৰি হ’লেই সফল হয়।
 
তেওঁ কয় যে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজনৈতিক আৰু ধৰ্মীয় নেতা আৰু বুদ্ধিজীৱীক সাক্ষাৎ কৰি মুছলিম ৱৰ্ল্ড লীগক প্ৰতিনিধিত্ব কৰাটো তেওঁৰ বাবে আনন্দ আৰু গৌৰৱৰ বিষয়। তেওঁ কয় যে তেওঁৰ সংগঠনে বৰ্তমানৰ অৱনতি ঘটা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন দেশ আৰু আনকি ৰাষ্ট্ৰসংঘতো ধৰ্মীয় নেতৃত্বক জড়িত কৰিবলৈ চেষ্টা কৰিছে।
 
১৯৬২ চনত প্ৰতিষ্ঠা হোৱা মুছলিম ৱৰ্ল্ড লীগ হৈছে ছৌদি আৰৱৰ মক্কাত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় ইছলামিক এন জি অ’। সংগঠনটোৱে শান্তি, সহনশীলতা আৰু প্ৰেমক প্ৰসাৰিত কৰা মধ্যমীয়া মূল্যবোধক আগুৱাই লৈ ইছলামৰ প্ৰকৃত বাৰ্তা মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে। 
 
ছৌদি আৰবৰ ন্যায় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা পাণ্ডিত্যপূৰ্ণ নেতাগৰাকীয়ে সন্ত্ৰাসবাদক প্ৰচাৰ কৰা সংগঠনসমূহৰ বিৰুদ্ধে স্থিতি লৈ আহিছে। তেওঁ কয়, ‘ভ্ৰান্ত ধাৰণা, ঘৃণা তত্ত্ব আৰু ভুল ধাৰণাই উগ্ৰবাদৰ পৰা সন্ত্ৰাসবাদৰ পথ ক্ষিপ্ৰ কৰি তুলিছে। ক্ষমতা বেছি শক্তিশালী কৰিবলৈ বহু নেতাই নিজৰ নিয়ন্ত্ৰণ আৰু প্ৰভুত্ব শক্তিশালী কৰিবলৈ ঘৃণাৰ আখ্যান ব্যৱহাৰ কৰা দেখা যায়।”
 
তেওঁ সেই নিষ্ঠুৰ শক্তিক সকীয়াই দিয়ে, যিয়ে সভ্যতাৰ আধিপত্য বিনষ্ট কৰে। “প্ৰেম, মানৱতা আৰু শান্তিপূৰ্ণ সহাৱস্থানেই হৃদয় জয় কৰে",তেওঁ কয়।
 
আল ইছাই জোৰ দি কয় যে, “যিবোৰ ভুল ধাৰণা বিয়পি পৰিছে তাৰ সমাধান আমি বিচাৰি উলিওৱাটো প্ৰয়োজন। আমি দুটা বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব, যুৱক-যুৱতীসকলক শিক্ষা দিয়া আৰু অপপ্ৰচাৰৰ পৰা ৰক্ষা কৰা।’’
 
ভাৰতীয় ধৰ্মগুৰুসকলৰ সৈতে তেওঁৰ অভিজ্ঞতা গঠনমূলক আছিল। তেওঁ কয়, “ভুল চিন্তাৰ প্ৰচাৰ কৰা সংগঠন কম। ইয়াত ধৰ্মগুৰুসকলৰ সৈতে যেতিয়া মই মত বিনিময় কৰিছিলো, তেতিয়া তেওঁলোকে মোক এখন বেলেগ ছবি দেখুৱাইছিল। তেওঁলোকে ভাতৃত্ববোধ, আলোচনা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ কথা কৈছিল। তেওঁলোকে কেতিয়াও আনৰ ওপৰত শাসন কৰাৰ দৰে একো কোৱা নাছিল। ভাৰতৰ ধৰ্মীয় নেতৃত্বৰ সৈতে মোৰ পাৰস্পৰিক ক্ৰিয়া-কলাপে মোক উপলব্ধি কৰাইছিল যে আমি মানৱীয় মূল্যবোধক বজাই ৰখা আৰু একেলগে থিয় দিয়াটো প্ৰয়োজন।''
 
তেওঁ লগতে কয়, ‘আমাৰ মাজত মতানৈক্য থাকিব পাৰে কিন্তু আমিও একেলগে আছোঁ। আমাৰ মাজত মতানক্য থাকিলেও আমি একত্ৰিত হৈ থাকিব লাগিব। আমি বিশ্বাস কৰোঁ যে আমি একেজোপা গছৰ বিভিন্ন অংশ। আমাৰ ধৰ্ম মানৱতা। আমি সকলোৱে একে বংশাৱলীৰ।’’
 
উক্ত অনুষ্ঠানটোত শোভা বঢ়োৱাসকলৰ ভিতৰত বিশিষ্ট আছিল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, ভাৰতত থকা ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰদূত ইনা হাগনিনিংট্যাছ কৃষ্ণমূৰ্তি আৰু ভাৰত ইছলামিক সাংস্কৃতিক কেন্দ্ৰৰ মুৰব্বী চিৰাজুদ্দিন কুৰেশ্বী।