গুৱাহাটী
মণিপুৰৰ ইম্ফলত যোৱা ১৫ ৰ পৰা ১৯ এপ্ৰিললৈকে অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক ৰাষ্ট্রীয় মুকাভিনয় মহোৎসৱত অসমৰ এটা ৯ জনীয়া দলে দৰ্শনীয় মুকাভিনয় প্ৰদৰ্শন কৰি দেশৰ বিভিন্ন ৰাজ্যৰ আগশাৰীৰ মুকাভিনয় শিল্পীৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
ৰাজস্থান, বিহাৰ,মিজোৰাম, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, মণিপুৰকে আদি কৰি বিভিন্ন ৰাজ্যই অংশগ্ৰহণ কৰা মুকাভিনয় মহোৎসৱত অসম মাইম এণ্ড স্কীট থিয়েটাৰৰ তৰফৰ পৰা সংগীত নাটক অকাডেমি ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা প্ৰাপক কুলদ্বীপ পাটগিৰীৰ পৰিচালনাৰে সীতা হৰণ, চোৰ পুলিচ, চেলফি শীৰ্ষক মুকাভিনয় প্ৰদৰ্শন কৰা হয় ।
ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বৰষা শৰ্মা, কঙ্কণ তালুকদাৰ, মনজিত কাকতি, ত্ৰিদীপ ৰয়, মৌচুমী দাস, ভাৰ্গৱী তালুকদাৰ, কৃষাণজ্যোতি বৰুৱা, জোনালী তালুকদাৰ আৰু কুলদ্বীপ পাটগিৰীয়ে অভিনয় কৰা মুকাভিনয়ে ভাৰতৰ মুকাভিনয় ক্ষেত্ৰখনত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি উদ্যোক্তা কাঙলে মাইম থিয়েটাৰৰ পৰিচালক ড৹ সদানন্দ সিঙে আশা প্ৰকাশ কৰে।
ৰাষ্ট্রীয় মুকাভিনয় মহোৎসৱখন উদ্বোধনী কৰে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰ.কে. ৰঞ্জন সিং আৰু মণিপুৰৰ ৰাজ্যসভাৰ সদস্য ইনিংথো লেইচেম্বা চানাযাওবাই। কাঙলে মাইম থিয়েটাৰৰ উদ্যোগত অনুষ্ঠিত কৰা উক্ত মুকাভিনয় মহোৎসৱৰ সাতদিনীয়া কৰ্মশালাত মুকাভিনয়ৰ লগতে থাংটাৰ প্ৰশিক্ষণ প্ৰদান কৰে ।