নতুন দিল্লী
উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ অধীনস্থ অসম, পশ্চিমবংগ আৰু বিহাৰৰ ৮২ টা ষ্টেচন উন্নত কৰাৰ লগতে ২০২ টা নতুন ষ্টপেজৰ অনুমোদন জনাইছে ভাৰতীয় ৰে’ল বিভাগে৷ যাৰ দ্বাৰা দুৰ্গম অঞ্চলৰ লগতে সৰু-সৰু চহৰৰ হাজাৰ হাজাৰ যাত্ৰী উপকৃত হোৱাৰ সম্ভাৱনা আছে।
উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ মুখ্য জনসংযোগ বিষয়া(চি পি আৰ অ’) কপিঞ্জল কিশোৰ শৰ্মাই বিষয়টোত এনেদৰে কয়, ‘‘ৰে’লৰ সংযোগ বৃদ্ধি, সৰু আৰু উদীয়মান চহৰৰ যাত্ৰীৰ সুবিধা সহজলভ্য কৰি তোলা আৰু জনসাধাৰণৰ দীৰ্ঘদিনীয়া চাহিদা পূৰণৰ বাবে এই অতিৰিক্ত ২০২ টা ষ্টপেজৰ পৰীক্ষামূলক ভিত্তিত অনুমোদন জনোৱা হৈছে।’’
শৰ্মাই লগতে কয় যে অনুমোদন লাভ কৰা এই আদেশ শীঘ্ৰে হ’ব কাৰ্যকৰী। তদুপৰি যাত্ৰীৰ মতামত আৰু কাৰ্যকৰী সম্ভাৱনীয়তাক তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰা হ’ব।
এই পদক্ষেপৰ অধীনত বহু গুৰুত্বপূৰ্ণ আৰু প্ৰিমিয়াম ৰে’ল অন্তৰ্ভুক্ত কৰা হৈছে৷ নিউ জলপাইগুৰি-গুৱাহাটী-নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্ৰেছ ৰঙিয়াত, আনন্দ বিহাৰ-আগৰতলা-আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছ নিউ হাফলং আৰু নিউ কোচবিহাৰত, কলকাতা-ছাইৰাং-কলকাতা এক্সপ্ৰেছক কটকহলত আৰু গুৱাহাটী-ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছক কাটলিচেৰাত ষ্টপেজ প্ৰদান কৰা হৈছে। যাৰ বাবে উত্তৰ বংগ, বিহাৰ আৰু অসমত ৰে’ল যাত্ৰাৰ সময়সূচী অধিক মসৃণ হৈ পৰিছে।
তদুপৰি নতুন দিল্লী-ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ এতিয়া ধেমাজি, শিৱসাগৰ টাউন, বিশ্বনাথ চাৰিআলিৰ দৰে ষ্টেচনত ৰ’ব। যাৰ ফলত উজনি অসমৰ যাত্ৰীসকলে ৰাজধানী এক্সপ্ৰেছৰ দৰে উন্নত ৰে’লসেৱাৰ সুবিধা লাভ কৰিব। তদুপৰি গুৱাহাটী-হাওৰা-গুৱাহাটী, ডিব্ৰুগড়-হাওৰা-ডিব্ৰুগড়, কামাখ্যা-পুৰী-কামাখ্যা, শিলচৰ-গুৱাহাটী-শিলচৰ আৰু আলিপুৰদুৱাৰ-দিল্লী-আলিপুৰদুৱাৰ এক্সপ্ৰেছকে ধৰি ডাঙৰ ডাঙৰ মেইল আৰু যাত্ৰীবাহী ৰে’লসমূহে সেৱা আগবঢ়াব আৰু বৰ্ধিত ষ্টপেজ আঁচনিৰ অধীনত এক্সপ্ৰেছ ৰে’লকো অন্তৰ্ভুক্ত কৰা হৈছে।
এন এফ আৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ ষ্টেচন, যেনে - ৰঙিয়া, নলবাৰী, বৰপেটাৰোড, গোৱালপাৰা টাউন, বাসুগাঁও, ডাংতল, কোকৰাঝাৰ, নিউ কোচবিহাৰ, নতুন আলিপুৰদুৱাৰ, শিৱসাগৰ টাউন, ধেমাজি, লংকা, হোজাই, বিশ্বনাথ চাৰিআলি, আলুৱাবাৰী ৰোড, বাগডোগ্ৰা, দলখোলা, সামসী, হৰিশচন্দ্ৰপুৰ, ৰাণীনগৰ জলপাইগুৰি, নিউ মাল জংচন, শিৱক আদি ষ্টেচনসমূহক এই পৰীক্ষামূলক প্ৰক্ৰিয়াৰ বাবে নিৰ্বাচিত কৰা হৈছে।
এই ষ্টপেজসমূহে বিভিন্ন চহৰ আৰু গ্ৰামাঞ্চলৰ যাত্ৰীসকলক বৃহৎ বৃহৎ জংচনলৈ যোৱাৰ ক্ষেত্ৰত যাত্ৰাৰ সময় হ্ৰাসৰ লগতে দীৰ্ঘ দূৰত্ব আৰু প্ৰিমিয়াম ৰে’লৰ সৈতে উন্নত সা-সুবিধাৰে আহ-যাহৰ সুযোগ প্ৰদান কৰাৰ ক্ষেত্ৰত উপকৃত কৰিব বুলি আশা কৰা হৈছে।
পৰ্যায়ক্ৰমে আগন্তুক সপ্তাহৰ পৰা এই আঁচনি কাৰ্যকৰী কৰা হ’ব বুলি জানিবলৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই৷
যাত্ৰীসকলক ৰে’ল বিভাগৰ চৰকাৰী অনুসন্ধান ব্যৱস্থা আৰু ৱেবছাইটৰ জৰিয়তে আপডেট কৰা ৰে’লৰ সময়সূচীসমূহ পৰীক্ষা কৰিবলৈ আহ্বান জনোৱা হৈছে। বিষয়াগৰাকীয়ে কয়, ‘‘উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে উত্তৰ-পূব আৰু সমীপৱৰ্তী অঞ্চলৰ জনসাধাৰণক উন্নত যাতায়াতৰ সুবিধা প্ৰদান আৰু ৰে’ল সংযোগ শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।’’
গুৱাহাটীৰ মালিগাঁৱত থকা উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ মুখ্য কাৰ্যালয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লগতে পশ্চিমবংগৰ ৭ খন জিলা আৰু উত্তৰ বিহাৰৰ ৫ খন জিলাত কাম কৰি থকাৰ কথা জানিবলৈ দিয়ে।