কাশ্মীৰৰ ৰাজনীতিত এসময়ৰ বাঘ হিচাপে পৰিচিত ফাৰুক আব্দুল্লাৰ দললৈ এতিয়া অস্তিত্বৰ ভাবুকি

Story by  atv | Posted by  Munni Begum • 3 Months ago
কাশ্মীৰত স্থানীয় লোকৰ সৈতে ওমৰ আব্দুল্লা
কাশ্মীৰত স্থানীয় লোকৰ সৈতে ওমৰ আব্দুল্লা
 
আহমেদ আলী ফায়াজ/শ্ৰীনগৰ
 
৫০ বছৰতকৈও অধিক সময় ধৰি কাশ্মীৰৰ নিৰ্বাচনী ৰাজনীতিত একচেটিয়াভাৱে আধিপত্য বিস্তাৰ কৰি অহা ফাৰুক আব্দুল্লা নেতৃত্বাধীন জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় সন্মিলনে (J&K National Conference) আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। 
 
কাৰণ, পূৰ্বে নিৰ্বাচনত জয়ী হ’বলৈ দলটোৱে বিভাজন আৰু আৱেগিক বিষয়সমূহৰ ওপৰত নিৰ্ভৰ কৰিছিল যদিও এতিয়া প্ৰচাৰ কৰিবলৈ তেনে কোনো বিষয় নথকাত ফাৰুক আব্দুল্লাৰ দলটো বিবুধিত পৰিছে। ফলত এতিয়া নিৰ্বাচনত ৩৭০ অনুচ্ছেদ সন্দৰ্ভত নিজৰ স্থিতিৰ গণভোট বিচাৰিছে দলটোৱে। প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা আৰু তেওঁৰ পুত্ৰ ওমৰ আব্দুল্লাকে ধৰি ৰাষ্ট্ৰীয় সন্মিলনৰ শীৰ্ষ নেতাসকলে তেওঁলোকৰ সভাত ৰাজহুৱাভাৱে এই কথা প্ৰকাশ কৰিছে। 
 
শ্বেখ মহম্মদ আব্দুল্লাই প্ৰতিষ্ঠা কৰা দলটো এটা সময়ত কাশ্মীৰৰ ৰাজনীতিত বাঘ হিচাপে পৰিচিত আছিল যদিও এইবাৰ এই দলটো নিৰ্বাচনী ৰণত পিছপৰি আছে। কাৰণ, এতিয়াও তেওঁলোকে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই। বৰ্তমান কিছু আসনৰ বাবে কেৱল বিজেপি, কংগ্ৰেছ, আৰু গোলাম নবী আজাদৰ ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ আজাদ পাৰ্টিয়েহে প্ৰাৰ্থী ঘোষণা কৰিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
২০০০ চনৰ আগতে National Conference দলে নিৰ্বাচনত খুব কমেইহে পৰাজয়ৰ সন্মুখীন হৈছিল। ১৯৭৫ চনত শ্বেখ মূলসুঁতিলৈ ঘূৰি অহাৰ পিছৰে পৰা কাশ্মীৰৰ বিধানসভা আৰু লোকসভা দুয়োটা নিৰ্বাচনতে এন চি দলে ধাৰাবাহিকভাৱে জয়লাভ কৰি আহিছে।১৯৭৭ চনৰ বিধানসভা নিৰ্বাচনত এন চি আটাইতকৈ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেই সময়ত কেন্দ্ৰত থকা শাসকীয় দল জনতা পাৰ্টিৰ বেনাৰত এক বৃহৎ মিত্ৰজোঁটে তেওঁলোকক প্ৰত্যাহ্বান জনাইছিল। প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই আৰু তেওঁৰ দলৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে কাশ্মীৰ উপত্যকাত ব্যাপক সভা অনুষ্ঠিত কৰাৰ বিপৰীতে শ্বেখ মহম্মদ আব্দুল্লা গোটেই প্ৰচাৰ অভিযানৰ সময়ছোৱাত অসুস্থ হৈ থাকে।
 
পুনৰবাৰ ৭৬খন আসনৰ ভিতৰত ৪৭খন আসন লাভ কৰি বিজয়ী হৈ ওলাই আহিল এন চি। উপত্যকাটোত ৪২খন আসনৰ ভিতৰত ৩৯খন আসন লাভ কৰাৰ বিপৰীতে জামাত-ই-ইছলামীয়ে এখন আসন আৰু জনতা পাৰ্টিয়ে দুখন আসন লাভ কৰে। ইন্দিৰা গান্ধীৰ কংগ্ৰেছ দলে বিসম্বাদৰ সূচনা কৰি ফাৰুক আব্দুল্লাৰ চৰকাৰক উৎখাত কৰাৰ মাত্ৰ এবছৰৰ পূৰ্বে ১৯৮৩ চনত এন চিয়ে এই সফলতা পুনৰাবৃত্তি কৰিছিল।
 
কিন্তু ২০০২ চনত দলটোৱে মুফতি ছাইদৰ পিডিপি আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ হাতত ক্ষমতা হেৰুৱাই প্ৰথমবাৰৰ বাবে নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। এই বিপৰ্যয়ৰ মাজতো, কাশ্মীৰত এন চিয়ে দুখন আসন লাভ কৰি ২০০৪ চনৰ লোকসভা নিৰ্বাচনত পিডিপিৰ হাতত মাত্ৰ এখন আসনহে এৰি থৈ গ’ল। ২০০৯ আৰু ২০১৯ চনত তেওঁলোকে পুনৰ কাশ্মীৰৰ তিনিওখন আসনত জয়লাভ কৰে।
 
২০১৪ চনত এন চিয়ে ব্যৰ্থতাৰ সন্মুখীন হৈছিল, যেতিয়া কাশ্মীৰৰ লোকসভাৰ তিনিওখন আসনত দলটো পিডিপিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল। আনকি দলটোৰ আগশাৰীৰ প্ৰচাৰক তথা পিতৃপুৰুষ ফাৰুক আব্দুল্লাও শ্ৰীনগৰত পিডিপিৰ তাৰিক হামিদ কাৰাৰ হাতত পৰাজিত হৈছিল। সেই বছৰৰ শেষৰ ফালে এন চিয়েও বিধানসভা নিৰ্বাচনত আন এক লোকচানৰ সন্মুখীন হৈছিল আৰু ৮৭ জনীয়া সদনত ১৫খন আসনৰ সৰ্বনিম্ন সংখ্যা লাভ কৰিছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
"২০১৪ চনত লোকসভা নিৰ্বাচনত এন চিৰ পৰাজয় কিছু পৰিমাণে প্ৰত্যাশিত আছিল। অৱশ্যে এইবাৰ এন চিৰ বহু প্ৰত্যাহান আছে। আন এক পৰাজয়ে দলটোলৈ অস্তিত্বৰ সংকট কঢ়িয়াই আনিব। ই ৰাজ্যখনত হ'বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাব।"-নাম প্ৰকাশৰ পৰা বিৰত থকা এজন জ্যেষ্ঠ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকে এইদৰে কয়।
 
ফাৰুক আব্দুলাৰ এন চি সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মনপোষণ কৰে। কিছুমানে দলটোক সমৰ্থন কৰে আৰু আন কিছুমানে বিৰোধিতা কৰে। খানচাহাব অঞ্চলৰ আব্দুল ৰছিদ পাৰেই নিজৰ অভিজ্ঞতা ব্যক্ত কৰি কয়, "আমি ১০ বছৰ ধৰি সংগ্ৰাম কৰিছিলো ঋণ আৰু ৰাজসাহায্যত টিলাৰ-ট্ৰেক্টৰ লাভ কৰিবলৈ। প্ৰতিবাৰেই কৃষি বিভাগে মাটি নথকা অযোগ্য ব্যক্তিক ঋণ আবণ্টন দিছিল। তেওঁলোকে ৰাজসাহায্য লৈ অদৃশ্য হৈ গৈছিল। এইবাৰ এতিয়া সলনি হৈছে। ব্যৱস্থাটো সম্পূৰ্ণৰূপে অনলাইন আৰু স্বচ্ছ হৈ উঠিছে। আমি কোনো অসুবিধা নোহোৱাকৈ আৰু কাকো ধন নিদিয়াকৈ ঋণ আৰু ৰাজসাহাৰ্য্য লাভ কৰিছো।"
 
জম্মু-কাশ্মীৰ বেংকৰ বিষয়াসকলে জনোৱা মতে, কেৱল বুডগাম জিলাতে কিষাণ ক্ৰেডিট কাৰ্ডত চৰকাৰী আঁচনিৰ জৰিয়তে পেৰেৰ দৰে ৪০ হাজাৰৰো অধিক কৃষক লাভৱান হৈছে। এই হিতাধিকাৰীসকলৰ বহুতেই পূৰ্বৰ শাসকীয় দল এন চি আৰু পিডিপিক দুৰ্নীতিৰ সৈতে গভীৰভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন কৰি সমালোচনা কৰে।
 
আনহাতে, বুডগামৰ টাবিন্দা হুৰৰ দৰে প্ৰথমবাৰৰ ভোটাৰসকলে জম্মু-কাশ্মীৰলৈ ৩৭০ অনুচ্ছেদ আৰু ৰাজ্যৰ স্বীকৃতি উভতাই আনিব পৰা যিকোনো দলকে তেওঁ সমৰ্থন কৰিব। "এতিয়া সকলোৱে সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদক নাকচ কৰিছে, গতিকে ভাৰতীয় সংবিধানৰ পৰিসৰৰ ভিতৰত কাশ্মীৰীৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিচয় পুনৰুদ্ধাৰ কৰাত কোনো আপত্তি থাকিব নালাগে।"-তেওঁ কয়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
উচ্চতম ন্যায়ালয়ে ৩৭০ অনুচ্ছেদ বাতিল কৰাটো নিশ্চিত কৰা বুলি সোঁৱৰাই দিয়াৰ সময়ত কেন্দ্ৰত চৰকাৰ সলনি হোৱাৰ পিছত সকলো ঘূৰি আহিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।
 
উল্লেখ্য যে, শেহতীয়াকৈ শ্ৰীনগৰত প্ৰধানমন্ত্ৰী মোদীৰ ৰাজহুৱা সভাৰ পিছত বহু যুৱকে শান্তি, বাণিজ্য, পৰ্যটন, শিক্ষাৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে। "নাগৰিক হত্যা, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ, ধৰ্মঘট, এনকাউণ্টাৰ, হিংসাত্মক প্ৰতিবাদ, শিলগুটি নিক্ষেপ, আৰু পেলেট বন্দুক নোহোৱা হৈ গৈছে। বাণিজ্য, পৰ্যটন, শিক্ষা, সকলোবোৰ ক্ষেত্ৰ আগুৱাই গৈছে। মানুহে আৰু কি বিচাৰে?" শ্ৰী প্ৰতাপ সিং মহাবিদ্যালয়ৰ এজন সহকাৰী অধ্যাপকে এইদৰে কয়। এন চি বা পিডিপিক মানুহে আৰু সহজভাৱে ল’ব নোৱাৰে বুলিও তেওঁ লগতে কয়।
 
অৱশ্যে, এন চি (নেচনেল কনফাৰেন্স)-এ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ মেহবুবা মুফতিৰ পিডিপি (পিপলছ ডেম’ক্ৰেটিক পাৰ্টি)ৰ দৰে গুৰুতৰ নহয়। বিগত পাঁচ বছৰত পিডিপিৰ ২০ জনতকৈ অধিক জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন মন্ত্ৰীয়ে দল এৰি থৈ গৈছে।
 
পিডিপিৰ পৰা এনচিত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী বাছাৰত বুখাৰী আৰু খানচাহাবৰ পৰা মনজুৰ আহমদ ৱানী নামৰ এজন পৰাজিত প্ৰাৰ্থী এনচি এৰি যোৱা কেইজনমান নেতাৰ ভিতৰত অন্যতম। অৱশ্যে জম্মুৰ এন চিয়ে ডি এছ ৰানা, প্ৰাক্তন মন্ত্ৰী সুৰজিৎ সিং চালাথিয়া আৰু মুস্তাক বুখাৰী, প্ৰাক্তন এম এল চি শ্বেহনাজ গনাইকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাক হেৰুৱাইছে।