পাছপোৰ্ট নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়: কেন্দ্ৰৰ স্পষ্টীকৰণক লৈ দেশজুৰি বিতৰ্ক

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
ভাৰতীয় পাছপোৰ্ট নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰা যায় নে নাই, সেই বিষয়টোক কেন্দ্ৰ কৰি দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে স্পষ্ট কৰি কয় যে, পাছপোৰ্টক নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হিচাপে গণ্য নকৰাৰ স্থিতি কোনো নতুন নীতি নহয়, বৰঞ্চ ই বহু দশক ধৰি প্ৰচলিত আইনী ব্যাখ্যাৰেই অংশ।
 
বিতৰ্কৰ সূচনা হয় বিদেশ মন্ত্ৰালয়ৰ (MEA) এজন বিষয়াৰ মন্তব্যৰ পিছত। বিষয়াজনে কৈছিল যে, পাছপোৰ্ট মূলতঃ এখন ভ্ৰমণ নথি (Travel Document) আৰু ইয়াক নাগৰিকত্বৰ নিৰ্ণায়ক প্ৰমাণ হিচাপে ধৰা উচিত নহয়। তেওঁ লগতে স্পষ্ট কৰে যে, পাছপোৰ্ট থাকিলেই কোনো ব্যক্তিয়ে স্বয়ংক্ৰিয়ভাৱে ভাৰতীয় নাগৰিকৰ বাবে সংৰক্ষিত কল্যাণমূলক আঁচনি বা সুবিধাসমূহ লাভ কৰাৰ অধিকাৰ নাপায়। 
 
এই মন্তব্যৰ পিছতে সামাজিক মাধ্যম এক্সত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বহুতে চৰকাৰৰ এই ব্যাখ্যাক সমালোচনা কৰাৰ লগতে প্ৰশ্ন  উত্থাপন কৰে যে, ভাৰত চৰকাৰেই যদি বিস্তৃত পৰীক্ষা-বাছনিৰ পিছত পাছপোৰ্ট জাৰি কৰে, তেন্তে ইয়াক নাগৰিকত্বৰ প্ৰমাণ হিচাপে কিয় গণ্য কৰা নহয়? 
 
চৰকাৰী সূত্ৰসমূহে অৱশ্যে স্পষ্ট কৰি কয় যে, চৰকাৰৰ স্থিতিত কোনো পৰিবৰ্তন হোৱা নাই। এক চৰকাৰী সূত্ৰই কয়, "যোৱাকালি এই সিদ্ধান্ত লোৱা হোৱা নাছিল যে, পাছপোৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়। আনকি বিগত ১২ বছৰতো এনে কোনো সিদ্ধান্ত লোৱা হোৱা নাছিল। আইনৰ দৃষ্টিত পাছপোৰ্টক কেতিয়াও নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হিচাপে গণ্য কৰা হোৱা নাই।" 
 
চৰকাৰে লগতে উল্লেখ কৰে যে, ১৯৬৭ চনৰ পাছপোৰ্ট আইন অনুসৰি বিশেষ পৰিস্থিতিত অ-নাগৰিক ব্যক্তিকো পাছপোৰ্ট জাৰি কৰাৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও ২০১৩ চনৰ পৰা বোম্বে উচ্চ ন্যায়ালয়ৰ কেইবাটাও ৰায়ত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, কেৱল পাছপোৰ্টেই নাগৰিকত্বৰ প্ৰমাণ নহয়।
 
তথাপিও বহু লোকে চৰকাৰৰ এই ব্যাখ্যাৰ বিৰোধিতা কৰে। তেওঁলোকৰ মতে, পাছপোৰ্ট লাভৰ পূৰ্বে আবেদনকাৰীৰ পৰিচয়, ঠিকনা আৰু অন্যান্য তথ্যৰ বিস্তৃত পৰীক্ষা কৰা হয়। আৰক্ষীৰ দ্বাৰা শাৰীৰিকভাৱে ঠিকনা পৰীক্ষাও কৰা হয়। তদুপৰি পাছপোৰ্টত বাহকজনক ভাৰতীয় হিচাপে চিহ্নিত কৰা থাকে। সেইবাবে ইয়াক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য নকৰাটো অস্বাভাৱিক। 
 
বিশিষ্ট গীতিকাৰ জাভেদ আখতাৰে মন্ত্ৰালয়ৰ এই স্থিতিক “অযৌক্তিকৰ” বুলি অভিহিত কৰি প্ৰশ্ন উত্থাপন কৰে যে, যদি চৰকাৰ নিজেই নিশ্চিত নহয় যে, এজন ব্যক্তি ভাৰতীয় নাগৰিক হয় নে নহয়, তেন্তে তেওঁক পাছপোৰ্ট জাৰি কৰাৰ যুক্তি কি?
 
শিৱসেনা (ইউবিটি) নেতা আদিত্য ঠাকৰেও চৰকাৰক একেধৰণৰ প্ৰশ্ন কৰে। তেওঁ আশংকা প্ৰকাশ কৰে যে, যদি চৰকাৰৰ এই স্থিতি হয় যে, অ-ভাৰতীয় লোককো পাছপোৰ্ট জাৰি কৰিব পৰা যায়, তেন্তে বিদেশী দেশসমূহৰ মাজত ভাৰতীয় পাছপোৰ্টৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।
 
এই বিষয়ত বিৰোধী নেতাসকলেও সৰব হৈ উঠে। তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰাই এক্সত লিখে, "এতিয়া যেন এনে লাগে যে ভাৰতীয় নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ হ'ল হিন্দু হোৱা আৰু বিজেপিৰ ভোটাৰ হোৱা।" আনহাতে, ৰাজ্যসভাৰ সাংসদ কপিল চিব্বালে প্ৰশ্ন তোলে, "তেন্তে নাগৰিকত্বৰ প্ৰমাণ হিচাপে কোনটো নথি গ্ৰহণযোগ্য?" 
 
আলোচনাৰ সময়ত বহুতে আধাৰ কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰৰ কথাও উল্লেখ কৰে। উচ্চতম ন্যায়ালয়ে পূৰ্বেই কয় যে, আধাৰ মূলতঃ পৰিচয়ৰ নথি, নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়। ভোটাৰ তালিকা পুনৰীক্ষণৰ ক্ষেত্ৰতো আধাৰ আৰু ভোটাৰ পৰিচয় পত্ৰক এককভাৱে নাগৰিকত্বৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হোৱা নাছিল।
 
এই বিতৰ্কৰ মাজতে প্ৰাক্তন কূটনীতিবিদ নিৰূপমা মেনন ৰাৱে এক বিস্তৃত ব্যাখ্যা আগবঢ়াই কয় যে, "আইনৰ ব্যাখ্যা আৰু জনসাধাৰণৰ ধাৰণা সদায় একে নহয়।" তেওঁ উল্লেখ কৰে যে, পাছপোৰ্ট আইন আৰু নাগৰিকত্ব আইন দুটা পৃথক বিষয়। তেওঁৰ ভাষাত, "এখন আইনে নথিখন নিয়ন্ত্ৰণ কৰে, আনখন আইনে ব্যক্তিৰ আইনী মৰ্যাদা বা নাগৰিকত্ব নিৰ্ধাৰণ কৰে।"
 
২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন (NRC) সন্দৰ্ভত প্ৰকাশ কৰা এক ব্যাখ্যাত প্ৰেছ ইনফৰ্মেচন ব্যুৰো (PIB)-এও কৈছিল যে, নাগৰিকত্ব নিৰ্ধাৰণ কৰা হয় ১৯৫৫ চনৰ নাগৰিকত্ব আইন আৰু ২০০৯ চনৰ নাগৰিকত্ব বিধি অনুসৰি।
 
ভাৰতীয় আইন অনুসৰি নাগৰিকত্ব লাভ কৰাৰ পাঁচটা পথ আছে— জন্মসূত্ৰে, বংশসূত্ৰে, পঞ্জীয়নৰ জৰিয়তে, স্বাভাৱিকীকৰণ (Naturalisation)ৰ জৰিয়তে আৰু কোনো ভূখণ্ড ভাৰতত অন্তৰ্ভুক্ত হোৱাৰ ফলত। এই আইনী ব্যৱস্থাৰ আধাৰতে কোনো ব্যক্তিৰ নাগৰিকত্ব নিৰ্ধাৰণ কৰা হয়, কেৱল পাছপোৰ্টৰ আধাৰত নহয়।
 
সেয়েহে, চৰকাৰৰ মতে পাছপোৰ্ট এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বিশ্বাসযোগ্য চৰকাৰী নথি হ’লেও, আইনৰ দৃষ্টিত ই নাগৰিকত্বৰ চূড়ান্ত বা একমাত্ৰ প্ৰমাণ নহয়। কিন্তু এই ব্যাখ্যাই দেশজুৰি এক গুৰুত্বপূৰ্ণ বিতৰ্কৰ জন্ম দিছে— যদি পাছপোৰ্ট, আধাৰ আৰু ভোটাৰ পৰিচয় পত্ৰ কোনোটোৱেই নাগৰিকত্বৰ নিৰ্ণায়ক প্ৰমাণ নহয়, তেন্তে সাধাৰণ নাগৰিকে নিজৰ নাগৰিকত্ব কেনেকৈ আৰু কোন নথিৰ জৰিয়তে প্ৰমাণ কৰিব?


শেহতীয়া খবৰ