মালদা
পশ্চিম বংগৰ মালদা জিলাৰ বিভিন্ন স্থানত বজ্ৰপাত হোৱাৰ ফলত বৃহস্পতিবাৰে বিয়লি ১১ জন লোকৰ মৃত্যু হোৱা বুলি এগৰাকী চৰকাৰী বিষয়াই জানিবলৈ দিয়ে। বজ্ৰপাতত কেইবাজনো লোক আহত হয়।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মৃত্যুক লৈ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। লগতে আহত আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাসকলৰ আশু আৰোগ্য কামনা কৰিছে।
জিলা প্ৰশাসনে মৃতকৰ পৰিয়ালক ২ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে বুলি এগৰাকী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। বিষয়াগৰাকীয়ে কয় যে, "এতিয়ালৈকে বজ্ৰপাতৰ ফলত ১১জন লোকৰ মৃত্যু হৈছে। বহু আহত লোকক বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে। ইয়াৰে কিছুমানৰ অৱস্থা সংকটজনক।"
তেওঁ কয়, মালদাৰ সাহাপুৰ অঞ্চলত তিনিজন ব্যক্তি — চন্দন সাহানী (৪০), ৰাজ মৃদ্ধা (১৬) আৰু মানজিৎ মণ্ডল (২১)নিহত হোৱাৰ বিপৰীতে গাজোলত এখন আমৰ বাগিচাত কাম কৰি থকা অৱস্থাত বজ্ৰপাত পৰি অসিত সাহা (১৯) নামৰ আন এজন ব্যক্তিৰ মৃত্যু হয়।
মণিকচাকৰ মহম্মদ টোলাৰ আঠ বছৰীয়া ৰাণা শ্বেখ আৰু হৰিশচন্দ্ৰপুৰৰ নয়ন ৰায় (২৩) আৰু প্ৰিয়ংকা সিংহা (২০) নামৰ এহাল দম্পতীও বজ্ৰপাতৰ বাবে প্ৰাণ হেৰুৱাইছে বুলি বিষয়াগৰাকীয়ে লগতে কয়।
হাদ্দাতোলাত বজ্ৰপাতৰ ফলত অতুল মণ্ডল (৬৫) আৰু শ্বেখ ছাব্ৰুল (১১)ৰ মৃত্যু হোৱাৰ বিপৰীতে মিৰদাদপুৰত সুমিত্ৰা মণ্ডলে(৪৫) প্ৰাণ হেৰুৱাইছে। ইংৰাজী বজাৰৰ মিল্কিত পংকজ মণ্ডল (২৩) নামৰ এজন লোকৰ মৃত্যু হৈছে।
এক্সত মমতা বেনাৰ্জীয়ে এক পোষ্টত লিখিছে, "মালদাত হোৱা কৰুণ বজ্ৰপাতৰ ফলত নিজৰ আপোনজনক হেৰুৱা পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন অৰিছো। মোৰ চিন্তা আৰু প্ৰাৰ্থনা তেওঁলোকৰ সৈতে আছে, আৰু তেওঁলোকৰ শীঘ্ৰে আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।"
তেওঁ লগতে কয়, "আমাৰ জিলা প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ অক্লান্তভাৱে কাম কৰি আছে। আৰ্তজনক সহায়ৰ বাবে আমি আমাৰ সামৰ্থ্য অনুসৰি সকলো কৰি যাম।"