নতুন দিল্লী
ৰাছিয়াৰ তেল ক্ৰয় অব্যাহত ৰখাৰ বাবে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰত্যক্ষ প্ৰতিক্ৰিয়া হিচাপে গণ্য কৰা মন্তব্যত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নাৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব, যদিও তাৰ বাবে অত্যধিক মূল্য দিব লাগে।
এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ দেশৰ কৃষকৰ কাষত থিয় দি আমেৰিকাৰ অত্যাধিক শুল্কৰ বোজা বহন কৰি যাব। প্ৰধানমন্ত্ৰীয়ে কয় যে, "আমাৰ বাবে আমাৰ কৃষকৰ স্বাৰ্থ সৰ্বোচ্চ অগ্ৰাধিকাৰ। ভাৰতে কেতিয়াও কৃষক, মাছমৰীয়া আৰু দুগ্ধ পালকৰ স্বাৰ্থত আপোচ নকৰে।"
তেওঁ লগতে কয়, "মই জানো যে ইয়াৰ বাবে মই ব্যক্তিগতভাৱে অত্যধিক মূল্য দিব লাগিব, আৰু মই ইয়াৰ বাবে সাজু। ভাৰত ইয়াৰ বাবে সাজু।"
ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পে অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত, যিযে মুঠ শুল্ক ৫০ শতাংশলৈ লৈ গৈছে, প্ৰধানমন্ত্ৰীৰ এই প্ৰত্যাহ্বানমূলক সুৰত। এই শুল্ক হৈছে আমেৰিকাই যিকোনো দেশৰ ওপৰত আৰোপ কৰাৰ ভিতৰত সৰ্বোচ্চ।
ৰাছিয়াৰ তেল আৰু সামৰিক সঁজুলি ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতে আমেৰিকাৰ মতে চলিবলৈ অস্বীকাৰ কৰাৰ বাবে এই পদক্ষেপক প্ৰত্যক্ষ শাস্তি হিচাপে বহুলভাৱে গণ্য কৰা হৈছে আৰু ই কৌশলগত সম্পৰ্কক বেয়া কৰি তুলিছে।
ভাৰতক “বন্ধু” বুলি অভিহিত কৰা ট্ৰাম্পে মাত্ৰ কেইদিনমান পূৰ্বে মস্কোৰ সৈতে যোগাযোগৰ বাবে “শাস্তিৰ” কথা সকীয়াই দিছিল। বুধবাৰে তেওঁ এই শাস্তি ঘোষণা কৰে। অনাগত দিনত “গৌণ নিষেধাজ্ঞা”ৰ সতৰ্কবাণীও দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰই এই শুল্কসমূহক “অন্যায় আৰু অযুক্তিকৰ” বুলি অভিহিত কৰে, আৰু “নিজৰ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ” কৰাৰ প্ৰতিজ্ঞা কৰে। ইয়াৰ উপৰিও তেওঁলোকে নিজেই ৰাছিয়াৰ ইউৰেনিয়াম হেক্সাফ্ল’ৰাইড, পেলেডিয়াম আৰু সাৰ ক্ৰয় অব্যাহত ৰখাৰ সময়তে ৰাছিয়াৰ তেল আমদানিৰ বাবে ভাৰতক এককভাৱে লক্ষ্য কৰাৰ ক্ষেত্ৰত ৱাশ্বিংটনৰ দুই মুখীয়া মাপকাঠি সমালোচনা কৰে।
শুল্ক বৃদ্ধিয়ে ৱাশ্বিংটনৰ সৈতে স্থবিৰ হৈ পৰা দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ আলোচনাক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা হতাশাকো প্ৰতিফলিত কৰিছে, যিটো নতুন দিল্লীয়ে কৃষি বজাৰত প্ৰৱেশ আৰু ডিজিটেল বাণিজ্যৰ নিয়মৰ ওপৰত ভূমি এৰি দিবলৈ অস্বীকাৰ কৰাৰ পিছত ভাঙি পৰিছিল।
ট্ৰাম্পৰ শুল্ক আক্ৰমণৰ ফলত আমেৰিকা-ভাৰতৰ সম্পৰ্ক যোৱা কিছু বছৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামি আহিছে। ইয়াৰ উপৰিও দুয়োপক্ষৰ ৰপ্তানিকাৰক আৰু উদ্যোগৰ নেতাসকলৰ মাজতো উদ্বেগ প্ৰকাশ পাইছে। বিশ্লেষকসকলে সতৰ্ক কৰি দিছে যে এই শুল্কে বস্ত্ৰ, ঔষধ, আৰু প্ৰচেছড খাদ্যকে ধৰি ভাৰতৰ মূল খণ্ডসমূহক আঘাত কৰিব পাৰে — এই সকলোবোৰেই ভাৰতৰ ৰপ্তানিৰ ক্ষেত্ৰত মুখ্য অৰিহণা যোগায়।
প্ৰাৰম্ভিক ২৫ শতাংশ শুল্ক আজি ৭ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাৰ বিপৰীতে দ্বিতীয়টো শুল্ক ২১ দিনৰ পিছৰ পৰা কাৰ্যকৰী হ’ব, যদিহে দুয়োটা পক্ষই কোনো ধৰণৰ অগ্ৰগতিত উপনীত নহয়।