নতুন দিল্লী
আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা ২৫ শতাংশ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। নিজৰ সংসদীয় সমষ্টি বাৰাণসীত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক স্বদেশীৰ সংকল্পৰে 'মেক ইন ইণ্ডিয়া' সামগ্ৰী গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
উল্লেখ্য যে, ভাৰতকে ধৰি ৭০ খন দেশৰ ওপৰত আমেৰিকাই গধুৰ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বাণিজ্যিক সম্পৰ্কতো উত্তেজনা বৃদ্ধি পাইছে।
শেহতীয়াকৈ ড'নাল্ড ট্ৰাম্পে ভাৰতৰ অৰ্থনীতিক 'মৃত' বুলি অভিহিত কৰি সমালোচনা কৰিছিল। ইয়াৰ প্ৰত্যক্ষ সঁহাৰি নিদিলেও প্ৰধানমন্ত্ৰী মোদীয়ে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে।
তেওঁ কয়, "এতিয়া আমি সেইবোৰ সামগ্ৰী ক্ৰয় কৰিম, য'ত এগৰাকী ভাৰতীয়ৰ ঘাম জড়িত হৈ থাকে। এয়া কেৱল অৰ্থনৈতিক বিষয় নহয়, ই আত্মসন্মান আৰু আত্মনিৰ্ভৰশীলতাৰ কথা।"
প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ কয় যে, ভাৰত যদি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ'ব লাগে, তেন্তে দেশবাসীয়ে থলুৱা সামগ্ৰীৰ সমৰ্থন কৰিব লাগিব। তেওঁ লগতে কয় যে, দেশৰ প্ৰতিজন নাগৰিক, প্ৰতিজন ব্যৱসায়ী আৰু প্ৰতিজন নেতাই 'লোকেল ফৰ ভ'কেল'ৰ মন্ত্ৰ গ্ৰহণ নকৰালৈকে অৰ্থনৈতিক উন্নয়নৰ এই যাত্ৰা অসম্পূৰ্ণ হৈ ৰব।
প্ৰধানমন্ত্ৰী মোদীয়ে 'স্বদেশী আন্দোলন'ক এক নতুন মাত্ৰা দিয়াৰ কথাও উল্লেখ কৰিছে। তেওঁ ব্যৱসায়ীসকলক স্থানীয় সামগ্ৰীক অগ্ৰাধিকাৰ দিয়াৰ লগতে গ্ৰাহকক বিদেশী সামগ্ৰীৰ পৰিৱৰ্তে থলুৱা বিকল্প বাছি ল'বলৈ অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায়।
তেওঁ কয়, "এয়া কেৱল মোদীৰ অনুৰোধ নহয়, ই প্ৰতিজন ভাৰতীয়ৰ কৰ্তব্য। আমি নিজৰ ওপৰত, আমাৰ কৃষক, আমাৰ যুৱক-যুৱতী আৰু আমাৰ শিপিনীৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। যেতিয়া বিশ্বই নিজৰ স্বাৰ্থ ৰক্ষা কৰি আছে, তেতিয়া ভাৰতেও নিজৰ জনসাধাৰণৰ স্বাৰ্থক সৰ্বোচ্চ কৰি ৰাখিব লাগিব।"
প্ৰধানমন্ত্ৰীয়ে ভাষণত বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, বৰ্তমান সমগ্ৰ বিশ্বই অস্থিৰতাৰ মাজেৰে সময় পাৰ কৰিছে। এনে পৰিস্থিতিত সকলো দেশেই নিজৰ স্বাৰ্থ ৰক্ষাৰ কামত নিয়োজিত হৈ আছে। ভাৰতে নিজৰ নীতি আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰতো স্বাৱলম্বিতাক অগ্ৰাধিকাৰ দিব লাগিব।
প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "আজি ভাৰতে এনে সিদ্ধান্ত ল'ব লাগিব যিবোৰ আমাৰ কৃষক, আমাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এমএছএমই) আৰু আমাৰ যুৱক-যুৱতীসকলৰ স্বাৰ্থত থাকে। ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাটোৱেই এতিয়া আমাৰ ৰাষ্ট্ৰীয় লক্ষ্য হ'ব লাগে।"
প্ৰধানমন্ত্ৰীয়ে বিৰোধী আৰু সকলো ৰাজনৈতিক দলকো এই অভিযানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয় যে, এইটো কোনো ৰাজনৈতিক এজেণ্ডা নহয় বৰঞ্চ ৰাষ্ট্ৰ গঠনৰ বাবে অগ্ৰাধিকাৰ দিব লাগে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "প্ৰতিটো মতাদৰ্শৰ মানুহ একত্ৰিত হ'ব লাগিব, কাৰণ এই সময় ভাৰত গঢ়াৰ সময়। আমি সকলোৱে স্বাধীনতাৰ মনোভাৱ জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব।"