ধৰ্ষণৰ অপৰাধত এইচডি দেৱগৌড়াৰ নাতি প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদণ্ড

Story by  atv | Posted by  [email protected] • 16 d ago
প্ৰজ্বল ৰেভান্না
প্ৰজ্বল ৰেভান্না
 
বেংগালুৰু

জেডি (এছ)ৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচডি দেৱগৌড়াৰ নাতি প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদণ্ড আৰু ১১ লাখ টকাৰ জৰিমনা বিহা হৈছে। এগৰাকী ৪৭ বছৰীয়া ঘৰুৱা শ্ৰমিকক ধৰ্ষণ কৰি ৰেকৰ্ডিং কৰাৰ অপৰাধত শনিবাৰে আদালতে প্ৰজ্বলৰ ওপৰত এই কঠোৰ শাস্তি আৰোপ কৰে।
 
ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীয়ে ১১ লাখ টকাৰ জৰিমনা ক্ষতিপূৰণ হিচাপে লাভ কৰিব। গোচৰটো পঞ্জীয়ন হোৱাৰ মাত্ৰ ১৪ মাহৰ পিছতে এই ৰায়দান কৰা হয় আৰু তীব্ৰ গতিৰে এই বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰা হয়।
 
হাছান জিলাৰ হোলেনাৰসীপুৰাৰ ৰেভানা পৰিয়ালৰ ফাৰ্ম হাউচত ঘৰুৱা সহায়ক হিচাপে কাম কৰা মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছিল যে ২০২১ চনৰ পৰা প্ৰজ্বল ৰেভান্নাই তেওঁক বাৰম্বাৰ ধৰ্ষণ কৰিছে। তেওঁ এই কাৰ্য ৰেকৰ্ডিং কৰিছিল আৰু এই বিষয়ে কাৰোবাক ক’লে ভিডিঅ’বোৰ ৰাজহুৱা কৰি দিয়াৰ ভাবুকি দিছিল।
বেংগালুৰুৰ এখন বিশেষ আদালতে ৩৪ বছৰীয়া ৰেভানাৰ বিৰুদ্ধে ধৰ্ষণ, যৌন আতিশায্য, অপৰাধমূলক ভয় দেখুওৱা, গোপন ছবি অবৈধভাৱে প্ৰচাৰ কৰাকে ধৰি বিভিন্ন ধাৰাত অভিযোগ উত্থাপন কৰে। শুকুৰবাৰে ন্যায়াধীশ সন্তোষ গজানন ভাটে তেওঁক দোষী সাব্যস্ত কৰে আৰু শনিবাৰে শাস্তি প্ৰদান কৰে।
 
ভুক্তভোগী মহিলাগৰাকীৰ হৈ হাজিৰ থকা বিশেষ ৰাজহুৱা গোচৰীয়া (Special Public Prosecutor) বি এন জগদীশে আদালতত কয় যে মহিলাগৰাকীক বাৰে বাৰে ধৰ্ষণ আৰু ব্লেকমেইল কৰা হৈছিল। যৌন নিৰ্যাতনৰ ভিডিঅ’ দেখাৰ পিছত মহিলাগৰাকীয়ে আনকি আত্মহত্যাৰ কথাও বিবেচনা কৰিছিল বুলি গোচৰীয়া পক্ষই আদালতক জানিবলৈ দিয়ে।