বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত উচ্চতম ন্যায়ালয়ত ৰামদেৱ

Story by  atv | Posted by  [email protected] • 3 Months ago
বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত উচ্চতম ন্যায়ালয়ত ৰামদেৱ
বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত উচ্চতম ন্যায়ালয়ত ৰামদেৱ
 
নতুন দিল্লী

পতঞ্জলিৰ বিজ্ঞাপনৰ গোচৰত আজি উচ্চতম ন্যায়ালয়ত হাজিৰ হ’ল পতঞ্জলিৰ পৰিচালন সঞ্চালক (এম ডি) যোগ গুৰু ৰামদেৱ (বাবা ৰামদেৱ)। গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে ৰামদেৱ আৰু বালকৃষ্ণৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে।
 
উচ্চতম ন্যায়ালয়ে কয় যে আদালতৰ নিৰ্দেশক সহজভাৱে ল’ব নোৱাৰিব।  আপুনি যি ধৰণে দুখ প্ৰকাশ কৰিলে আমি মানি ল’ব নোৱাৰো। 
 
অসন্তুষ্টি প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে কয়, "২১ নৱেম্বৰত আদালতৰ নিৰ্দেশ জাৰি কৰাৰ পিছত পিছদিনা এখন সংবাদমেল অনুষ্ঠিত হয়। তাত বালকৃষ্ণ আৰু ৰামদেৱ উপস্থিত আছিল। আপোনাৰ ক্ষমাপ্ৰাৰ্থনা যথেষ্ট নহয় কাৰণ উচ্চতম ন্যায়ালয়ত শুনানি চলি আছিল।" 
 
আপোনাৰ মিডিয়া বিভাগ আপোনাৰ পৰা বেলেগ নহয়। আপোনালোকে কিয় এই কাম কৰিলে...?নৱেম্বৰ মাহত আপোনাক সকীয়াই দিয়া হৈছিল, ইয়াৰ পিছতো আপুনি সংবাদমেল পাতিছিল। আদালতক প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আপুনি আইনখন উলংঘা কৰিলে। ইয়াৰ পৰিণতিৰ বাবে সাজু হওক।"