গুৱাহাটী
ৰাজ্যৰ স্বনামধন্য নাট্যশিল্পী, অভিনেতা, পৰিচালক দুলাল ৰয় আৰু বিশিষ্ট সংগীতশিল্পী, গীতিকাৰ, সংগীত ব্যৱস্থাপক তথা আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা, সুললিত কণ্ঠৰ প্রসিদ্ধ ঘোষক চৈয়দ ছাদুল্লা লৈ ২০২২ বৰ্ষৰ ‘চাতক সন্মান’ আগবঢ়োৱা হৈছে। অহা ১০ ডিচেম্বৰত চাতকৰ হৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদৰ্শন ঠাকুৰে তেজপুৰ মাজগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ প্ৰাংগণত আয়োজিত বিশেষ অনুষ্ঠানত এই সম্মান প্রদান কৰিব বুলি সভাপতি অনিল কুমাৰ ভট্টাচাৰ্যই সদৰী কৰিছে। এই সন্মানত অংগবস্ত্র, চাতক স্মাৰক আৰু নগদ ধন থাকিব।
উল্লেখ্য যে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান 'চাতক'-এ প্রতিবছৰেই ৰাজ্যখনৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত একোগৰাকী বিশিষ্ট ব্যক্তিক ৰামপ্রসাদ ভূঞা-ফুলেশ্বৰী ভূঞা সোঁৱৰণী আৰু জিতেন্দ্রনাথ ভট্টাচার্য-বিমলা ভট্টাচার্য সোঁৱৰণী 'চাতক সম্মান' প্ৰদান কৰি আহিছে। চলিত বৰ্ষৰ এই সম্মানপ্ৰাপকৰ নাম দেওবাৰে তেজপুৰৰ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে ঘোষণা কৰে চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য আৰু সম্পাদকদ্বয় ভৱানী ভূঞা আৰু পংকজ শর্মাই।
উল্লেখ্য যে ১৯৪৩ চনৰ ১ এপ্রিলত জন্মগ্ৰহণ কৰা দুলাল ৰয়ে ১৯৬৬ চনতেই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা পৰিচালনা বিভাগত উত্তীৰ্ণ হোৱাৰ পিচত পুনেৰ ভাৰতীয় চলচ্চিত্র আৰু দূৰদৰ্শন প্রতিষ্ঠানৰ পৰা সম্পাদনাৰ ডিপ্লমা গ্রহণ কৰি নাট আৰু চলচ্চিত্ৰ ক্ষেত্ৰখনৰ সৈতে ওতঃপ্রোতভাৱে জড়িত হৈ পৰে। ইয়াৰ মাজতেই দুলাল ৰয়ে হিন্দী ছবিৰ পৰিচালনাৰ কাম শিকিবৰ বাবে মুম্বাইলৈ যাত্ৰা কৰি ৪ খন হিন্দী ছবিৰ সম্পাদনাৰ সহকাৰী হিচাপে খ্যাতি অর্জন কৰিছে।
উল্লেখ্য যে সেই চাৰিখন ছবিৰ ভিতৰত ৰাজেন্দ্ৰ সিং নেদীৰ 'দস্তক' আৰু অসিত সেনৰ 'ছফৰ' ছবিয়ে পুৰস্কাৰ লাভ কৰিবলৈ সমৰ্থ হৈছিল। 'যুক্তি তর্ক', 'বিস্মৃতি', 'পণ ৰক্ষা', 'কনকলতা', 'স্বার্থপৰ দৈত্য', 'ড্ৰেগন', 'ভকত', 'হুদুম দেউ', 'কামৰূপ কি কহানী', 'ষ্টাফ ফটোগ্রাফাৰ', 'ফাতেমা বিবিৰ ঘৰ'কে ধৰি একাকে আৰু পূৰ্ণাংগ নাটকৰ স্ৰষ্টা দুলাল ৰয়ৰ একমাত্র টেলিফিল্ম 'যাত্রা আৰু বন্দিয়াৰ। সেইদৰে টেলি নাটকেইখন হ'ল ভূত আৰু বাঢ়নী', 'লিলি ঐ লিলি' আৰু 'নিংনি ভাৱৰীয়া'। ১৯৭৯ চনত 'আশ্রায়' শীর্ষক ছবি পৰিচালনা কৰা ৰয়ে অভিনয় কৰা অসমীয়া ছবিসমূহ আছিল 'অপৰূপা', 'পাপৰি', 'অনল', 'ইমান মৰম কিয় লাগে' আৰু 'অন্তহীন যাত্রা'। উল্লেখ্য যে দুলাল ৰয়ে ২০১৯ বৰ্ষত অসম চৰকাৰৰ নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰাৰ লগতে ১৯৯৮ চনত পৰিচালনা শিতানত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
আনহাতে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা আৰু দূৰদৰ্শন, নেচনেল জিঅ'গ্ৰাফী, ডিস্ক'ভাৰী চেনেলত এশৰো অধিক ডকুমেন্টৰীত বিৱৰণী দিওঁতা হিচাপে খ্যাতি অর্জন কৰা চৈয়াদ ছাদুল্লাৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত। ১৯৭১ চনৰ পৰা ৭৫ চনলৈ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘোষক দায়িত্ব, ১৯৭৫ চনৰ পৰা ৮৩ চনলৈ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আর্টিষ্ট, ১৯৮৩ চনৰ পৰা ৮৫ চনলৈ মুম্বাই অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আর্টিষ্ট, ১৯৮৫ চনৰ পৰা ২০০৮ চনলৈ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আর্টিষ্ট হিচাপে নিয়োজিত হৈ থকা চৈয়দ ছাদুল্লা আকাশবাণীৰ একেবাৰে 'এ গ্রেড' গীতিকাৰ, সংগীত ব্যৱস্থাপক, গীটাৰবাদক, অভিনেতা আৰু নাট্যকাৰ হিচাপে কৃতিত্বৰ অধিকাৰী হৈছে।
প্ৰায় ১৮০ টা গীতৰ সংগীত ব্যৱস্থাপক ছাদুল্লাই ঊষা মংগেশকাৰ, ড° ভূপেন হাজৰিকা, অনুপ জলোটা, পাৰবীন চুলতানা আদি প্রসিদ্ধ কণ্ঠশিল্পীৰ গীতত গীটাৰ বাদন কৰি গৈছে। আকাশবাণী ডিব্ৰুগড়ৰ পৰা প্রচাৰিত কুৰিখনতকৈ অধিক ডকুমেন্টৰী, বহুকেইখন ৰেডিঅ' নাটক আৰু ধাৰাবাহিকৰ কাহিনী ৰচনা কৰি তেওঁ পুৰস্কাৰ বুটলিবলৈও সমৰ্থ হৈছে। ১৯৭৬ চনৰ পৰা বহুল প্ৰচাৰিত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ 'বৰ্ণালী' আৰু 'ডাক পখিলাৰ জৰিয়তে অধিক জনপ্রিয়তা অর্জন কৰা ছাদুল্লাৰ 'অলপ সুৰ বিচাৰি', 'দেৱতা', 'গান্ধী', 'বিচাৰ', 'কথা' আদি ডকুমেন্টৰীয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰ লাভ কৰিবলৈ সমৰ্থ হৈছিল৷ মন কৰিবলগীয়া যে তেজপুৰৰ এই সাংস্কৃতিক অনুষ্ঠানটিয়ে ২০০৯ বৰ্ষৰ পৰা বৰ্তমানলৈ ২০ গৰাকীকৈ পুৰোধা শিল্পীৰ 'চাতক সন্মান' প্ৰদান কৰিছে।