পাটনা
বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা মতে, শিক্ষাবিদ ফইছাল খান, যাক জনপ্ৰিয়ভাৱে 'খান ছাৰ' বুলি জনা যায়, তেওঁৰ পাটনাত থকা কোচিং প্ৰতিষ্ঠান লণ্ডভণ্ড কৰাৰ লগতে শিলাবৰ্ষণ কৰা হয়।
খান ছাৰে লগতে দাবী কৰিছিল যে, প্ৰতিষ্ঠানটোলৈ গুলীচালনা কৰা হৈছিল, কিন্তু আৰক্ষীয়ে সেয়া নিশ্চিত কৰিব পৰা নাই। মঙলবাৰে নিশা কাদমকুয়ান আৰক্ষী থানাৰ এলেকাৰ খান গ্লোবেল কোচিং ইনষ্টিটিউটত এই ঘটনা সংঘটিত হয়।
চিটি এছপি কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, "মঙলবাৰে ৰাতিপুৱা প্ৰায় ১০.১০ বজাত আমি খান গ্লোবেল কোচিং ইনষ্টিটিউটত শিলগুটি নিক্ষেপ কৰা আৰু সম্পত্তিৰ ক্ষতি সাধন কৰাৰ তথ্য লাভ কৰিছিলো। আৰক্ষীৰ এটা দলক ততাতৈয়াকৈ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় আৰু তদন্ত আৰম্ভ কৰা হৈছে।"
প্ৰাৰম্ভিক অনুসন্ধান আৰু চিচিটিভি ফুটেজৰ পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে, পাটনাৰ আন এটা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সৈতে জড়িত প্ৰায় ১৫-২০ জন লোক এই শিলাবৰ্ষণ কাৰ্যত জড়িত আছিল।
ঘটনাটোৰ পিছত খান ছাৰে সাংবাদিকৰ আগত কয়, "পাৰ্শ্বৱৰ্তী কোচত থকা কিছুমান অসামাজিক লোকে ব্যাপক ক্ষতি সাধন কৰে, আমাৰ গাৰ্ডক প্ৰহাৰ কৰে আৰু গুলীও চলায়। তেওঁলোকৰ প্ৰধান ভয়টো হ'ল যে, কোনোবাই ইমান কম খৰচত ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ পঢ়াব পাৰে আৰু প্ৰতি বছৰে হাজাৰ হাজাৰ ফলাফল কেনেকৈ দিব পাৰে।"
শেহতীয়াকৈ প্ৰকাশিত বিহাৰ আৰক্ষী নিযুক্তি পৰীক্ষাৰ ফলাফলৰ কথা তেওঁ উল্লেখ কৰে। আৰক্ষীয়ে কয় যে, শাৰীৰিক আক্ৰমণ সংঘটিত হৈছিল কিন্তু উপলব্ধ চিচিটিভি ফুটেজৰ ভিত্তিত গুলীচালনাৰ ঘটনাটো নিশ্চিত কৰিব নোৱাৰিলে।
আৰক্ষীয়ে কয় যে, এই ঘটনাৰ সৈতে জড়িতসকলক আটক কৰিবলৈ অভিযান চলোৱা হৈছে আৰু আইন অনুসৰি আৰু অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।