চুকাফা অসম আক্রমণকাৰী নাছিল

Story by  atv | Posted by  Munni Begum • 7 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
অঞ্জু শাণ্ডিল্য
 
আচলতে চুকাফা আক্রমণকাৰী আৰু হত্যাকাৰীও নাছিল। অসম অভিমুখে আহোতে পাটকাইৰ পৰ্বতৰ দক্ষিণফালে থকা নগাসকলে চুকাফাক আক্রমণ কৰাত, আত্মৰক্ষাৰ বাবেহে চুকাফাই প্রতি আক্রমণ কৰিছিল। চুকাফা আক্রমণকাৰী, হত্যাকাৰী হোৱা হ'লে, সৌমাৰ খণ্ডলৈ আহি স্থানীয় লোককো আক্রমণ, হত্যা কৰি ৰাজ্য বিস্তাৰ কৰিলেহেঁতেন; কিন্তু তেনে আক্রমণ বা হত্যাৰ কথা কোনো এখন বুৰঞ্জীতে উল্লেখ নাই। বৰঞ্চ সমিল-মিলেৰে সৌমাৰ খণ্ডৰ অধিবাসীসকলৰ সৈতে বসবাস কৰিছিল। 
 
মৰাণ আৰু বৰাহী ফৈদৰ সৈতে মিত্ৰতা কৰি দুয়ো ফৈদৰ মানুহক ৰাজ বিষয়াও নিযুক্ত কৰিছিল। লুইতৰ পাৰৰ সাৰুৱা ভূমিত কাৰো প্রতি অন্যায়-অবিচাৰ নকৰাকৈ নতুন ৰূপত এখন সুজলা-সুফলা ৰাজ্য গঢ়ি তুলিলে। চৰাইদেউ আৰু ওচৰে-পাঁজৰে থকা সৰু সৰু ৰাজ্য বা জনগোষ্ঠীয় এলেকাসমূহৰ প্ৰধানসকলৰ সৈতে মিত্রতা স্থাপন কৰিলে। উজনিৰ বৰাহী, মৰাণ, কছাৰী, চুতীয়া আদি স্থানীয় জনগোষ্ঠীসকলক একত্রিত কৰি অসমীয়া জাতি গঠন প্রক্রিয়া আৰম্ভ কৰিলে। 
 
চুকাফা সম্প্ৰীতিৰ বাটচৰা
 
চুকাফাই অসমলৈ আহি থলুৱা ৰীতি-নীতি, পৰম্পৰা, সংস্কৃতি, ধর্মবিশ্বাস আদিত হস্তক্ষেপ কৰা নাছিল। বৰং সেইবোৰৰ পৃষ্ঠপোষকতাহে কৰিছিল। চুকাফাই লগত লৈ অহা সংস্কৃতিৰ সৈতে স্থানীয় সংস্কৃতিৰ সমন্বয় ঘটাইছিল। চুকাফাৰ ৰাজ্যত সকলো জাতি, উপজাতি, জনজাতি, জনগোষ্ঠী, সম্প্রদায়ৰ কৃষ্টি-সংস্কৃতিৰ সংমিশ্রণ ঘটিল। যি সংস্কৃতি পাচলৈ বৰ অসম (সাতভনী)ৰ বাৰেৰহণীয়া সংস্কৃতি তথা অসমীয়া সংস্কৃতি হ'লগৈ। যি ব'হাগ বিহুৰ সংস্কৃতিক লৈ অসমে গৌৰৱ কৰে, সেই ব'হাগ বিহুৰ হুঁচৰিও চুকাফাই লৈ অহা এক সংস্কৃতি। 
 
চুকাফাৰ ৰাজত্বকালতে সৌমাৰ খণ্ডত এজোপা বৰগছৰ তলত ব'হাগৰ হুঁচৰি গোৱা হৈছিল, সেয়ে আজিও বৰগছজোপা থকা অঞ্চলটো 'বিহুবৰ' নামে প্রখ্যাত। অসীম সাহসী, বাহুবলী আৰু শক্তি-সামর্থ্য থকা সত্ত্বেও সৌমাৰ খণ্ডৰ লোকসকলৰ ওপৰত বল-শক্তি প্রয়োগ কৰা নাছিল। চুকাফাৰ ৰাজ্যত, ৰাজসভাত স্থানীয় লোককো উচ্চ পদৱী, উপাধি দি সমন্বয়ৰ সেতু গঢ়িছিল। 
 
চৰাইদেউ মৈদাম
 
সেই সময়ত প্রচলিত স্থানীয় ভাষাক ৰাজ্যখনৰ ভাষাৰূপে স্বীকৃতি দিয়ে আৰু আজিৰ অসমীয়া ভাষা, চুকাফাই স্বীকৃতি দিয়া ভাষাৰেই ৰূপান্তৰ। অথচ চুকাফাৰ নিজ ভাষা আছিল টাই ভাষা, যি ভাষাত বুৰঞ্জী আৰু অন্যান্য পুথি-পাঁজি ৰচনা হৈছিল; কিন্তু পাচলৈ আহোম বুৰঞ্জীও অসমীয়াত ৰচিত হ'বলৈ ধৰিলে। ভাৰতৰ ভিতৰতে প্রথম বুৰঞ্জী লিখা জাতিৰূপে অসমীয়াক পৰিচিত কৰালে। 
 
চুকাফাৰ বাবেই অসম এখন ৰাজ্য (দেশ), অসমীয়া এটা জাতিৰূপে বিশ্বত জিলিকি উঠিল। ঘৰ-বাৰী, পুখুৰী, আলি-পদূলি, গড়, চহৰ নগৰ নিৰ্মাণ কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিলে। দীঘল পদূলিৰে, ঢাপমৰা বাৰী-ঘৰ, জেওৰা-জপনা-নঙলা আদি চুকাফাৰে অৱদান। অসমৰ ঘৰ-দুৱাৰ বুলি ক'লে তেনেকুৱা এখন ঘৰ-দুৱাৰৰ ছবিহে মনলৈ আহে। 
 
মুকলি বিহু নৃত্য
 
অৱশ্যে চুকাফাৰ দিনত 'অসম' নাম হোৱা নাছিল। টাইসকলক আহোম মানে কাৰো সমকক্ষ নোহোৱা বুলি সৌমাৰ খণ্ডৰ স্থানীয় লোকে কোৱাত, বড়োসকলে হা-ছান বুলি ক'বলৈ ধৰাত 'আহোম'ৰ পৰা 'হা-ছান'ৰ পৰা অসম-আসাম হ'লগৈ। শিলঙত অনুষ্ঠিত হোৱা 'অসম সাহিত্য সভা'ৰ দ্বাবিংশতিতম অধিবেশনত ড° সূর্যকুমাৰ ভূঞাৰ সভাপতিত্বত 'আসাম'ৰ পৰা 'অসম' নামটো সর্বসম্মতিক্রমে গ্রহণ কৰা হয়। 
 
১৯৮৭ চনত চৰকাৰী পৃষ্ঠপোষকতাত গুৱাহাটীৰ জজ খেলপথাৰত চুকাফা দিৱস পালন কৰা হয় আৰু 'অসম দিৱস'ৰূপে স্বীকৃতি প্ৰদান কৰে। ১৯৯৬ চনত চুকাফা দিৱস সমগ্র অসমতে 'অসম দিৱস'ৰূপে পালন কৰা হয়। পদ্মনাথ গোহাঞিবৰুৱাই কৈ গৈছে- 'প্রজা শাসনৰ সুচলাৰ্থে তেওঁ অসাধাৰণভাৱে স্বার্থ ত্যাগ কৰিব পাৰিছিল। আনকি ৰাজকাৰ্যৰ সুচলাৰ্থে তেওঁ নিজৰ ভাষাকো এৰিবলৈ কাতৰ নহৈছিল।' 
 
আহোম সাম্রাজ্যৰ প্ৰতিনিধিত্বমূলক ছবি
 
এইজন চুকাফাৰ উদাৰ নীতিৰ বাবেই চুকাফাই সৌমাৰ খণ্ডত ৰাজত্ব কৰিব পাৰিছিল আৰু বংশধৰসকলে (আহোমে) অসমত ছশ বছৰ ৰাজত্ব কৰিব পাৰিছিল আৰু আহোম স্বৰ্গদেউসকলে পাচলৈ নিজ ধর্ম এৰি শাক্ত, শৈৱ, বৈষ্ণৱ আৰু ইছলাম ধর্মকো মান্যতা প্রদান কৰি দৌল, দেৱালয়, সত্ৰ, মন্দিৰ, থান, মছজিদ নির্মাণ কৰাইছিল। সকলো সম্প্ৰদায়ৰ মাজত বৃত্তি অনুসাৰে পদৱী, খিতাপ প্রদান কৰিছিল। 
 
চুকাফাৰ দিনৰে পৰা অসমত মুছলমান লোক আছিল। পাচত আহোম ৰাজত্বকালত বিভিন্ন সময়ত লোক আছিল। পাচত আহোম ৰাজত্বকালত বিভিন্ন সময়ত মুছলমান লোকৰ আগমন ঘটে। এইসকলকো যোগ্যতা, দক্ষতা অনুসৰি ৰাজকার্যত, বৃত্তিত নিয়োগ কৰিছিল। আনকি শৰাইঘাটৰ ৰণত লাচিত বৰফুকনৰ পালিনেতাৰূপে বাঘ হাজৰিকাক ৰণলৈ পঠিয়াইছিল। বাঘ হাজৰিকাৰ নামত স্বৰ্গদেউৱে 'বাঘধৰা পুখুৰী' খন্দাই দিছিল। পাচত শিৱসাগৰীয়া ৰাইজে 'বাঘধৰা হাইস্কুল', 'বাঘ হাজৰিকা পথ' আদি নির্মাণ কৰে। 
 
আহোম সাম্রাজ্যৰ এক কৃতিচিহ্ন
 
বাঘ হাজৰিকা মাত্র এটা উদাহৰণহে আৰু অনেক মুছলমান লোকে আহোমৰ ৰাজত্বকালত সুনাম আর্জি কাললৈ সুখ্যাতি ৰাখিছে। প্রথম অৱস্থাতে চুকাফাই বকতাৰ মুছলমান পৰিয়ালটোক আঁকোৱালি লোৱা বাবেই পাচলৈ (বর্তমানেও) অসমত সাম্প্রদায়িক সম্প্রীতি অটুট আছে। তথাপি তাহানিৰ পৰা আজিলৈ (গেইটৰ পৰা গৰ্গ চেটার্জীলৈকে) চুকাফাৰ নামত কলংক সানিবলৈ বহুতে চেষ্টা কৰি থাকে। ১২২৮ খ্রীষ্টাব্দৰ পৰা আজি শ শ বছৰে চুকাফা অসমীয়াৰ পিতৃপুৰুষ হৈয়ে আছে। 
 
'অসম দিৱস'ত শিক্ষানুষ্ঠান, কার্যালয়, অনুষ্ঠান-প্রতিষ্ঠান আদিত 'অসম দিৱস' উদযাপন কৰি চুকাফাৰ কীৰ্তিৰাজি আলোচনা কৰি নৱ প্রজন্মক জনোৱাটো প্রয়োজন। নহ'লে যিজনৰ বাবে অসম এখন ৰাজ্য, অসমীয়া এটা জাতি আৰু অসমীয়া ভাষাটো উজলি উঠিল, সেই কথা নৱ প্রজন্মই নজনাকৈ থাকিব। 
 
(অঞ্জু শাণ্ডিল্য এগৰাকী সু-লেখিকা)