টেনিছ তাৰকা ৰাধিকাৰ পিতৃ একাধিক সম্পত্তিৰ মালিক আছিল; মাহে উপাৰ্জন কৰিছিল ১৭ লাখ টকা
নতুন দিল্লী
২৫ বছৰীয়া টেনিছ খেলুৱৈ ৰাধিকা যাদৱক পিতৃয়ে কৰা হত্যাকাণ্ডৰ তদন্তত তেওঁৰ ধন-সম্পত্তিৰ আশ্চৰ্য্যজনক সবিশেষ উন্মোচিত হৈছে। খবৰ অনুসৰি তেওঁ ১৫-১৭ লাখ টকাৰ মাহেকীয়া উপাৰ্জন কৰিছিল আৰু গুৰুগ্ৰামত বিলাসী ফাৰ্ম হাউছৰ মালিক আছিল। ইয়াৰ উপৰিও তেওঁৰ হাতত আছিল অনুজ্ঞাপত্ৰপ্ৰাপ্ত আগ্নেয়াস্ত্ৰ। এই প্ৰকাশসমূহে গোচৰটোত এক নতুন স্তৰ যোগ কৰিছে, যাৰ ফলত এই অপৰাধৰ পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।
গুৰুগ্ৰামৰ উচ্চমানৰ সুশান্ত লোক এলেকাত ২৫ বছৰীয়া টেনিছ খেলুৱৈ ৰাধিকা যাদৱৰ ঘৰতে গুলীয়াই হত্যা কৰা হয়। তেওঁৰ পিতৃ ৪৯ বছৰীয়া দীপক যাদৱে অপৰাধ স্বীকাৰ কৰিছিল আৰু এতিয়া তেওঁ আৰক্ষীৰ জিম্মাত আছে। খবৰ অনুসৰি ৰাধিকাৰ পিতৃ দীপকে বৃহস্পতিবাৰে পুৱা প্ৰায় ১০:৩০ বজাত পাকঘৰত খাদ্য প্ৰস্তুত কৰি থকা অৱস্থাত ৰাধিকাৰ পিঠিত তিনিটাকৈ গুলী নিক্ষেপ কৰে।
দীপক যাদৱৰ জন্মস্থান ৱাজিৰাবাদৰ এগৰাকী চিনাকি ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত কয় যে, দীপকৰ গুৰুগ্ৰামত এটা বিলাসী ফাৰ্ম হাউচকে ধৰি একাধিক ভাড়াঘৰ আছে আৰু প্ৰতিমাহে ঘৰভাড়াৰ পৰা ১৫-১৭ লাখ টকা উপাৰ্জন কৰে। ব্যক্তিগৰাকীয়ে দীপকক ধনী বুলি অভিহিত কৰি কয় যে দীপকৰ আৰ্থিক অৱস্থাৰ কথা গাঁৱত সকলোৱে জানে।
দীপকে নিজৰ কন্যাক হত্যা কৰিবলৈ ব্যৱহাৰ কৰিছিল অনুজ্ঞাপত্ৰ থকা পইণ্ট ৩২ ব’ৰ ৰিভলভাৰ। দীপকৰ গাঁৱৰ ব্যক্তিজনৰ মতে, এনে অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সঠিক চিনাকি আৰু ধনৰ প্ৰয়োজন হয়। পইচা থকা মানুহেহে এই অনুজ্ঞাপত্ৰ ল'ব পাৰে। সকলোৰে বাবে এয়া সম্ভৱ নহয়।'
পৰিয়ালৰ ভিতৰত কেইবামাহো ধৰি হৈ থকা উত্তেজনাৰ ফলত ৰাধিকাৰ হত্যাকাণ্ড সংঘটিত হয়। অভিযোগ অনুসৰি ৰাধিকাৰ আৰ্থিক স্বাধীনতা, ইনষ্টাগ্ৰাম ৰিল, আৰু মিউজিক ভিডিঅ’ৰ ফলত দীপক অতিষ্ঠ হৈছিল জানিব পৰা গৈছে। দীপকৰ স্বীকাৰোক্তি অনুসৰি কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবে গাঁৱৰ মানুহে তেওঁক ঠাট্টা-মস্কৰা কৰিছিল। যাৰ বাবে দীপকে ৰাধিকাক বাৰে বাৰে টেনিছ একাডেমী বন্ধ কৰিবলৈ কৈছিল যদিও ৰাধিকাই নাকচ কৰিছিল।
এই স্বীকাৰোক্তি দীপকৰ গাঁৱৰ লোকজনে খণ্ডন কৰিলে।
"দীপকৰ ইমান টকা থকাৰ পিছত গাঁৱৰ কোনে ক'ব যে তেওঁ জীয়েকৰ টকাৰে জীৱন নিৰ্বাহ কৰি আছে? দীপক এজন অতি অত্যাধুনিক মানুহ।"
"ৰাধিকাক টেনিছ শিকাবলৈ পঢ়া-শুনাও এৰাই দিছিল। ৰাধিকাৰ বাবে দুই লাখ টকাৰ টেনিছ ৰেকেটো কিনিছিল। ছোৱালীজনীক সি বৰ ভাল পাইছিল। এই হত্যাকাণ্ডৰ আঁৰত হয়তো ব্যক্তিগত কাৰণ থাকিব পাৰে, টেনিছ বা টেনিছ একাডেমীৰ বাবে নহয়।’ দীপকৰ গাৱঁৰ ব্যক্তিজনে কয়।
প্ৰশ্ন উত্থাপন হৈছে যে একাডেমীখন হৈছে গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰত ৰাধিকাৰ নিজা প্ৰশিক্ষণ প্ৰতিষ্ঠান।বিশেষকৈ একাডেমীখন মুকলি হোৱাৰ পিছত দীপকে নিজৰ কন্যাৰ বৰ্ধিত সফলতা আৰু স্বাধীনতাৰ প্ৰতি ক্ৰমাৎ ক্ষোভ প্ৰকাশ কৰিছিল বুলি অভিযোগ উঠিছে।
একেটা ছেক্টৰৰ দুমহলীয়া বাসগৃহত পিতৃ-মাতৃৰ সৈতে ৰাধিকাই বাস কৰিছিল। ৰাধিকাৰ ককাক কুলদীপ যাদৱ পৰিয়ালৰ সৈতে তলৰ মহলাতে থাকিছিল। এজাহাৰৰ মতে, ককাকে (কুলদীপ) এটা ডাঙৰ শব্দ শুনি প্ৰথম মহলালৈ দৌৰি যায়, তাতে ৰাধিকাক পাকঘৰত পৰি থকা অৱস্থাত পাইছিল। কাষতে থকা ড্ৰয়িং ৰুমত বন্দুকটো আছিল।
ততাতৈয়াকৈ কুলদীপ আৰু তেওঁৰ পুত্ৰ পিজুছে ৰাধিকাক নিজৰ বাহনত বহুৱাই ৫৬ নং ছেক্টৰৰ এছিয়া মেৰিংগো হাস্পতাললৈ লৈ যায়। তাত থকা চিকিৎসকে ৰাধিকাক মৃত বুলি ঘোষণা কৰে।