জম্মু-কাশ্মীৰত অপাৰেচন আখল অব্যাহত; সেনাৰ আক্ৰমণত ৩ সন্ত্ৰাসবাদী নিহত, ১ সৈনিক আহত

Story by  atv | Posted by  [email protected] • 2 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

চলিত বৰ্ষৰ অন্যতম বৃহৎ সন্ত্ৰাস বিৰোধী অভিযান 'অপাৰেচন আখল' (Operation Akhal) দেওবাৰে তৃতীয় দিনত প্ৰৱেশ কৰাৰ সময়তে জম্মু-কাশ্মীৰত তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে আৰু এজন জোৱান আহত হয়। শনিবাৰে নিৰাপত্তা বাহিনীয়ে তিনিজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰাৰ পিছত চলি থকা অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা এতিয়া ৬জনলৈ বৃদ্ধি পাইছে।
 
উজনি কাশ্মীৰৰ কুলগাম জিলাৰ আখল বনাঞ্চলত গোটেই নিশা বিস্ফোৰণ আৰু গুলীচালনাৰ শব্দ অব্যাহত থাকে। সন্ত্ৰাসবাদী আৰু জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু চি আৰ পি এফৰ যুটীয়া দলৰ মাজত এই মুখামুখি এতিয়াও চলি আছে। শুকুৰবাৰে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ চোৰাংচোৱা তথ্য লাভ কৰি অখল বনাঞ্চলত তালাচী অভিযান আৰম্ভ কৰে।
 
বনাঞ্চলৰ ভিতৰত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ এটা দলে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰাৰ পিছতে সংঘটিত হয় এক এনকাউণ্টাৰ। প্ৰাৰম্ভিক গুলীয়াগুলীৰ পিছত শুকুৰবাৰে নিশা অভিযান বন্ধ কৰি দিয়া হয়। শনিবাৰে এই অভিযান পুনৰ আৰম্ভ হয় আৰু নিৰাপত্তা বাহিনীয়ে তিনিজন সন্ত্ৰাসবাদীক নিৰ্মূল কৰে।
 
চৰকাৰী বিষয়াসকলে সংবাদ মাধ্যমক জনোৱা মতে, শনিবাৰে নিহত হোৱা সন্ত্ৰাসবাদীসকল নিষিদ্ধঘোষিত লস্কৰ-ই-তৈবাৰৰ এটা শাখা দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ)ৰ সদস্য। এই সংগঠনটোৱে ২৬ জন সাধাৰণ নাগৰিকৰ প্ৰাণ কাঢ়ি নিয়া পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।
 
এই অভিযানত উচ্চ প্ৰযুক্তি ব্যৱস্থা আৰু আগশাৰীৰ অৰ্ধসামৰিক বাহিনী জড়িত হৈ আছে। ডিজিপি আৰু ১৫ কৰ্পছ কমাণ্ডাৰে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। কিছুদিন পূৰ্বে শ্ৰীনগৰৰ ডাচিগাম অঞ্চলৰ সমীপত পহলগাম হত্যাকাণ্ডৰ আঁৰৰ লস্কৰ সন্ত্ৰাসবাদীক নিৰাপত্তা বাহিনীয়ে 'অপাৰেচন মহাদেৱ'ত হত্যা কৰাৰ কিছুদিন পিছতে এই ঘটনা সংঘটিত হৈছে।
 
ঠিক পিছদিনা ২৯ জুলাইত শিৱ শক্তি নামৰ আন এক অভিযান চলোৱা হয় য’ত আৰু দুজন সন্ত্ৰাসবাদীক সেনাই নিৰ্মূল কৰে। মুঠতে ২২ এপ্ৰিলৰ আক্ৰমণৰ পিছত প্ৰায় ২০টা হাই-প্ৰফাইল সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছে। ইয়াৰ উপৰিও ৬ মে’ৰ মাজনিশা অপাৰেচন সেন্দুৰৰ সময়ত পাকিস্তানত সোমাই ভাৰতীয় সেনাই ১০০ৰো অধিক সন্ত্ৰাসবাদীক হত্যা কৰিছিল।