নিটকলৈ ছাত্ৰ-ছাত্ৰীক বিভ্ৰান্ত কৰা ভুৱা চেনেল বন্ধ কৰিবলৈ কেন্দ্ৰৰ কঠোৰ সকিয়নী

Story by  atv | Posted by  [email protected] • 45 m ago
নিটকলৈ ছাত্ৰ-ছাত্ৰীক বিভ্ৰান্ত কৰা ভুৱা চেনেল বন্ধ কৰিবলৈ কেন্দ্ৰৰ কঠোৰ সকিয়নী
নিটকলৈ ছাত্ৰ-ছাত্ৰীক বিভ্ৰান্ত কৰা ভুৱা চেনেল বন্ধ কৰিবলৈ কেন্দ্ৰৰ কঠোৰ সকিয়নী
 
নতুন দিল্লী
 
চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা ‘নিট-ইউজি’ৰ অহা ২১ জুনত নিৰ্ধাৰিত পুনৰীক্ষা নিকা আৰু সুপৰিকল্পিতভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে বুধবাৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ নেতৃত্বত নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাসমূহৰ এক উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক সম্পন্ন হয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰীক্ষা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ মাজত আতংক সৃষ্টি কৰা ভুৱা টেলিগ্ৰাম চেনেলসমূহ চিনাক্ত কৰি তৎপৰতাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
 
শিক্ষামন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ (এনটিএ) সঞ্চালকপ্ৰধানৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত পৰীক্ষাৰ প্ৰস্তুতিৰ বিশদ পৰ্যালোচনা কৰা হয়। পৰীক্ষা প্ৰক্ৰিয়াৰ দুৰ্বলতাসমূহ আগতিয়াকৈ চিনাক্ত কৰি সময়মতে প্ৰতিৰোধমূলক আৰু সংশোধনমূলক ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কটকটীয়া কৰিবলৈ মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। ইয়াৰ সমান্তৰালভাৱে মেটা, গুগল আৰু টেলিগ্ৰামৰ দৰে আগশাৰীৰ সামাজিক মাধ্যমৰ মঞ্চসমূহৰ প্ৰতিনিধিৰ সৈতেও এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সন্দৰ্ভত, বিশেষকৈ টেলিগ্ৰাম চেনেল আৰু বেনামী অনলাইন গোটৰ জৰিয়তে বিয়পি পৰা ভুৱা খবৰক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰা হয়।
 
সূত্ৰ অনুসৰি, পৰীক্ষাৰ পূৰ্বে এনে বহু চেনেল সক্ৰিয় হৈ পৰে, যিয়ে প্ৰশ্নকাকত ফাদিলৰ ভুৱা দাবী আৰু প্ৰমাণিত নোহোৱা তথ্য বিয়পাই শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত আতংকৰ সৃষ্টি কৰে। এই সন্দৰ্ভত এজন বিষয়াই মত প্ৰকাশ কৰে যে এনে বহুতো লিংকে ব্যৱহাৰকাৰীসকলক স্বয়ংক্ৰিয় বট আৰু ভুৱা গোটলৈ লৈ যায়, যাক মূলতঃ অপপ্ৰচাৰ বৃদ্ধিৰ বাবেই প্ৰস্তুত কৰা হৈছে।
 
চোৰাংচোৱা সংস্থাসমূহৰ তথ্য অনুসৰি, কেইটামান নিৰ্দিষ্ট ফোন নম্বৰৰ জৰিয়তে একাধিক সন্দেহজনক চেনেল পৰিচালনা কৰা হৈছে, যিয়ে এক সুসংগঠিত চক্ৰৰ ইংগিত বহন কৰে। এই বিষয়টোক গুৰুত্বসহকাৰে লৈ শিক্ষামন্ত্ৰী প্ৰধানে পৰীক্ষাৰ পূৰ্বে ভুৱা তথ্য বিয়পোৱা চেনেলসমূহ সক্ৰিয়ভাৱে চিনাক্ত কৰি অৱৰোধ কৰাৰ বাবে এক নিৰ্দিষ্ট অভিযান চলাবলৈ নিৰ্দেশ দিছে। শিক্ষাৰ্থীসকলক বিভ্ৰান্তিকৰ অপপ্ৰচাৰৰ পৰা সুৰক্ষিত ৰখা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ ওপৰত জনসাধাৰণৰ আস্থা অটুট ৰখাটোৱেই চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি তেওঁ দোহাৰে।
 
উল্লেখযোগ্য যে, যোৱা ৩ মে’ত অনুষ্ঠিত হোৱা নিট (ইউজি) ২০২৬ পৰীক্ষাটো প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ মাজতে শেহতীয়াকৈ এনটিএ-য়ে বাতিল কৰিছিল। বৰ্তমান কেন্দ্ৰীয় অনুসন্ধান ব্যৱস্থাই (চিবিআই) এই সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া পুনৰীক্ষাটোৱে নিৰাপত্তা ব্যৱস্থাৰ লগতে চৰকাৰৰ স্বচ্ছতা ৰক্ষাৰ প্ৰতিশ্ৰুতিকো এক বৃহৎ পৰীক্ষাৰ সন্মুখীন কৰাব।