ছত্তীশগড় চৰকাৰে অসমৰ বান সাহায্যৰ বাবে আগবঢ়ালে ৫ কোটি টকা

Story by  atv | Posted by  [email protected] • 2 h ago
ছত্তীশগড় চৰকাৰে অসমৰ বান সাহায্যৰ বাবে আগবঢ়ালে ৫ কোটি টকা
ছত্তীশগড় চৰকাৰে অসমৰ বান সাহায্যৰ বাবে আগবঢ়ালে ৫ কোটি টকা
 
গুৱাহাটী
 
অসমত প্ৰলয়ংকাৰী বানে সৃষ্টি কৰা বিপৰ্যয়ৰ সময়ত বানপীড়িত পৰিয়ালসমূহৰ পুনৰ সংস্থাপন আৰু সাহায্য কাৰ্যসূচীৰ বাবে আগবাঢ়ি আহিছে ছত্তীশগড় চৰকাৰ। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ সাই আৰু ছত্তীশগড়ৰ বিধানসভাৰ অধ্যক্ষ ৰমণ সিঙে  লোক ভৱনত উপস্থিত হৈ ৰাজ্যপাল ৰমেন ডেকাক সাক্ষাৎ কৰে। ছত্তীশগড় চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা ৫ কোটি টকাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে।
 
ছত্তীশগড় চৰকাৰে অসমৰ বানপীড়িত ৰাইজৰ দুৰ্দশাৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে এই সংকটপূৰ্ণ সময়ত অসমৰ লোকসকলৰ লগত দৃঢ়ভাৱে থিয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
 
উল্লেখযোগ্য যে, এই ৫ কোটি টকাৰ সাহাৰ্য্যৰ জৰিয়তে অসম চৰকাৰে চলাই থকা সাহায্য আৰু পুনৰ সংস্থাপন কাৰ্যসূচী অধিক ক্ষিপ্ৰ আৰু ফলপ্ৰসূ হ’ব বুলিও উল্লেখ কৰে।  লগতে লোক ভৱনত অনুষ্ঠিত এই বিশেষ সাক্ষাৎকাৰৰ সময়ত ছত্তীশগড় চৰকাৰৰ এই মহানুভৱতাৰ বাবে অসম চৰকাৰ আৰু ৰাইজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে।