অজিত পাৱাৰৰ দলত খহনীয়া; নিৰ্বাচনত ব্যৰ্থতাৰ পিছত ৪ শীৰ্ষ নেতাৰ দল ত্যাগ

Story by  atv | Posted by  [email protected] • 6 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
মুম্বাই

মহাৰাষ্ট্ৰৰ পিম্পৰী চিঞ্চৱাদ (Pimpri Chinchwad)ত অজিত পাৱাৰ নেতৃত্বাধীন দলটোক মোক্ষম আঘাত দি জাতীয়তাবাদী কংগ্ৰেছ দল (NCP)ৰ পৰা পদত্যাগ কৰিছে চাৰিগৰাকী শীৰ্ষ নেতাই। তেওঁলোকে চলিত সপ্তাহৰ শেষৰ ফালে শাৰদ পাৱাৰ নেতৃত্বাধীন শিবিৰত যোগদান কৰাৰ সম্ভাৱনা আছে। অজিত পাৱাৰক পদত্যাগ পত্ৰ দাখিল কৰা সকলৰ ভিতৰত এন চি পিৰ পিম্পৰী-চিঞ্চৱাদ ইউনিটৰ মুৰব্বী অজিত গাভানো আছে।

আন কেইজন হৈছে পিম্পৰী চিঞ্চৱাদ ছাত্ৰ শাখাৰ মুৰব্বী যশ ছান, আৰু প্ৰাক্তন কৰ্পৰেটৰ ৰাহুল ভোছালে আৰু পংকজ ভালেকাৰ। অজিত পাৱাৰ শিবিৰৰ একাংশ নেতাই শাৰদ পাৱাৰৰ দললৈ ঘূৰি আহিবলৈ ইচ্ছুক বুলি চৰ্চা চলি থকাৰ সময়তে এই পদত্যাগৰ খবৰ আহিছে। 

শাৰদ পাৱাৰে যোৱা মাহত কৈছিল যে যিসকলে তেওঁৰ দলটোক “দুৰ্বল” কৰিব বিচাৰে তেওঁলোকক গ্ৰহণ কৰা নহ’ব, কিন্তু তেওঁ এনে নেতাক গ্ৰহণ কৰিব যিয়ে দলৰ ভাবমূৰ্তিক “আঘাত” নিদিয়ে।

"যিসকলে দলটোক দুৰ্বল কৰিব বিচাৰিছিল তেওঁলোকক গ্ৰহণ কৰা নহ'ব।কিন্তু যিসকল নেতাই সংগঠনটোক শক্তিশালী কৰাত সহায় কৰিব আৰু দলৰ ভাবমূৰ্তিত আঘাত নিদিব তেওঁলোকক গ্ৰহণ কৰা হ'ব।"-তেওঁ কয়।

২০২৩ চনত অজিত পাৱাৰে ককাক আৰু এন চি পিৰ প্ৰতিষ্ঠাপক শাৰদ পাৱাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ পিছত পাৱাৰ পৰিয়াল দুটা ৰাজনৈতিক দলত বিভক্ত হৈছিল। শাৰদ পাৱাৰ বিৰোধী শিবিৰত থকাৰ সময়তে অজিত পাৱাৰে মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ নেতৃত্বত মহাযুতি চৰকাৰত যোগদান কৰে আৰু তেওঁক উপ-মুখ্যমন্ত্ৰী পদেৰে পুৰস্কৃত কৰা হয়।

অজিত পাৱাৰৰ দলটোৱে বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশ হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও মাত্ৰ এখন আসন (ৰায়গড়) লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰীতে তেওঁৰ ককাকৰ দলটোৱে আঠখন আসন লাভ কৰিছিল।