এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত নিহত লোকৰ ভূল অৱশিষ্ট পঠোৱাৰ অভিযোগ; ভাৰত চৰকাৰৰ সঁহাৰি

Story by  atv | Posted by  Munni Begum • 26 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী 
 
এয়াৰ ইণ্ডিয়াৰ  বিমান AI171 দুৰ্ঘটনাত নিহত দুজন নিহত লোকৰ পৰিয়ালে ডি এন এ পৰীক্ষাত প্ৰত্যাৱৰ্তন কৰা অৱশিষ্টৰ অমিল দেখা পোৱাৰ খবৰ পোৱাৰ পিছত ভুল পৰিচয়ৰ এক অভিযোগ উত্থাপন কৰিছে। ১২ জুনত সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছত কৰ্তৃপক্ষ আৰু বিমান সংস্থাটোৱে পৰিস্থিতি কেনেদৰে চম্ভালিছে সেই লৈ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে এই অভিযোগ উত্থাপন হৈছে।
 
পৰিয়ালসমূহে দাবী কৰিছে যে, প্ৰত্যাৱৰ্তন কৰা অৱশিষ্টত ডি এন এৰ মিল নাই। এক প্ৰতিবেদন অনুসৰি, ভুক্তভোগী ব্ৰিটিছ পৰিয়ালসমূহক প্ৰতিনিধিত্ব কৰা অধিবক্তা জেমছ হিলীয়ে কয় যে, যুক্তৰাজ্যলৈ প্ৰেৰণ কৰা মানৱ অৱশিষ্টসমূহৰ ভিতৰত দুটাত ডিএনএৰ মিল নোহোৱাৰ ইংগিত দিয়ে। দুৰ্ঘটনাৰ পিছত ঘূৰাই পঠোৱা ১২ৰ পৰা ১৩টা ছেটৰ মানৱ অৱশিষ্টৰ ভিতৰত দুটা পৰিয়ালক জনোৱা হয় যে, তেওঁলোকে পোৱা অৱশিষ্ট তেওঁলোকৰ আত্মীয়ৰ নহয়।
 
এই ঘটনাটো আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দুপৰীয়া ১:৩০ বজাৰ পৰা লণ্ডন অভিমুখে যাত্ৰা কৰা বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ এয়াৰ ইণ্ডিয়াৰ বিমান এআই১৭১ৰ সৈতে জড়িত। উৰণৰ কিছু মুহূৰ্তৰ পিছতে আহমেদাবাদৰ মেঘনীনগৰৰ বি জে মেডিকেল কলেজৰ ষ্টাফ কোৱাৰ্টাৰত খুন্দা মৰাৰ ফলত বিমানখন দূৰ্ঘটনাগ্ৰস্ত হৈছিল। বিমানখনত থকা ২৪২ জন যাত্ৰী আৰু ক্ৰু সদস্যৰ ভিতৰত মাত্ৰ এজন ব্যক্তিৰহে প্ৰাণ ৰক্ষা পৰে। 
 
এই বিষয়টোক লৈ সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, "আমি প্ৰতিবেদনখন দেখিছো আৰু এই উদ্বেগ আৰু বিষয়সমূহ আমাৰ দৃষ্টিগোচৰ হোৱাৰ মুহূৰ্তৰ পৰাই ব্ৰিটেইনৰ পক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছো। কৰুণ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰতিষ্ঠিত প্ৰট'কল আৰু কাৰিকৰী প্ৰয়োজনীয়তা অনুসৰি নিহতসকলৰ চিনাক্তকৰণৰ কাম হাতত লৈছিল এই বিষয়টোৰ সৈতে জড়িত যিকোনো উদ্বেগ সমাধানৰ বাবে আমি ব্ৰিটেইন কৰ্তৃপক্ষৰ সৈতে কাম কৰি আছো।"
 
দুৰ্ঘটনাৰ পিছত টাটা গ্ৰুপে প্ৰতিটো শোকসন্তপ্ত পৰিয়ালৰ বাবে  ₹১ কোটি (প্ৰায় ৮৫,০০০ পাউণ্ড) এক্স-গ্ৰেটিয়া ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰিও বিমান সংস্থাটোৱে জৰুৰী আৰ্থিক প্ৰয়োজনীয়তা পূৰণৰ বাবে ₹২৫ লাখ  (প্ৰায় ২১,৫০০ পাউণ্ড)ৰ অন্তৱৰ্তীকালীন আৰ্থিক সকাহ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
 
এক বিবৃতিত বিমান সংস্থাটোৱে কয়, "এয়াৰ ইণ্ডিয়াই ক্ষতিগ্ৰস্ত পৰিয়ালৰ সদস্যসকলৰ তাৎক্ষণিক আৰ্থিক প্ৰয়োজনীয়তা পূৰণৰ বাবে, অতি সোনকালে অন্তৱৰ্তীকালীন ক্ষতিপূৰণ (অগ্ৰিম ক্ষতিপূৰণ বুলিও কোৱা হয়) প্ৰদানৰ প্ৰক্ৰিয়াকৰণৰ বাবে যথেষ্ট প্ৰচেষ্টা চলাই আহিছে, দুৰ্ঘটনাৰ কিছুদিনৰ ভিতৰতে প্ৰথম ধন পৰিশোধ কৰা হৈছে।"