অসমত আৰম্ভ হ’ব ভোটাৰ তালিকাৰ 'বিশেষ সংশোধনী’ প্ৰক্ৰিয়া

Story by  atv | Posted by  [email protected] • 1 h ago
ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ
ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ
 
গুৱাহাটী

অসমত ভোটাৰ তালিকাৰ ‘বিশেষ সংশোধনী’ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। এই 'বিশেষ সংশোধনী’ৰ বাবে ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ বিএলঅ’সকল ঘৰে ঘৰে যাব। ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব আৰু ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।
 
কি এই বিশেষ সংশোধনী? বিশেষজ্ঞসকলে কয় যে আয়োগে প্ৰতি বছৰে 'এনুৱেল স্পেচিয়েল ছামাৰি ৰিভিজন’ কৰে। ইয়াৰ উপৰি কেইবছৰমানৰ অন্তৰে অন্তৰে SIR কৰে। এই দুটাৰ মাজৰ বিশেষ পৰ্যালোচনাই হ’ল ‘বিশেষ সংশোধনী’। SIRৰ দৰে ইয়াত ভোটাৰসকলৰ এনুমাৰেচন ফৰ্ম পূৰণ কৰিব নালাগে। আগতে পূৰণ কৰা ৰেজিষ্টাৰত ভোটাৰৰ তালিকা পৰীক্ষা কৰিব বিএলঅ’সকলে।
 
আয়োগে এক বিজ্ঞপ্তিত জনায় যে কোনো বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা যাতে বাদ নপৰে আৰু কোনো অবৈধ ভোটাৰৰ নাম যাতে তালিকাত থাকি নাযায়, তাৰ বাবে এই বিশেষ সংশোধনী ব্যৱস্থা। বিএলঅ’সকলে ঘৰে ঘৰে গৈ মৃত ভোটাৰ, একাধিক স্থানত ভোটাৰ তালিকাত থকা নাম আৰু যিসকল ভোটাৰ স্থানন্তৰিত হৈছে, তেওঁলোকৰ তালিকা পৰীক্ষা কৰিব।
 
২৭ অক্টোবৰত আয়োগে পশ্চিমবংগকে ধৰি ১২খন ৰাজ্যত SIR আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। নিৰ্বাচনমুখী অসমত কিয় SIR কৰা হোৱা নাই, সেই প্ৰশ্নও উত্থাপন হৈছে। সেই সময়ত আয়োগৰ তৰফৰ পৰা যুক্তি দিয়া হয় যে আদালতৰ নিৰ্দেশত অসমত NRC হৈ আছে। সেয়ে ৰাজ্যখনত SIR প্ৰক্ৰিয়া কৰা হোৱা নাই। মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, “উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত নাগৰিকত্ব বা NRCৰ পৰীক্ষণ চূড়ান্ত পৰ্যায়ত আছে। আৰু যিহেতু সমগ্ৰ দেশৰ বাবে SIR সম্পৰ্কীয় অধিসূচনা ২৪ জুনত প্ৰকাশ পাইছিল, সেয়ে ই অসমত প্ৰযোজ্য নহয়।” কিন্তু আয়োগৰ এই যুক্তিক লৈ বিৰোধীয়ে প্ৰশ্ন তুলিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে অসমত বিশেষ সংশোধনীৰ কথা ঘোষণা কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।