৩ ফেব্ৰুৱাৰী পালন কৰা হব পবিত্র শ্ববে বৰাত

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
ইছলাম ধৰ্মালম্বী লোক সকলৰ পবিত্ৰ শ্ববে বৰাত অহা ৩ ফেব্ৰুৱাৰী অৰ্থাৎ মঙ্গলবাৰে পালন কৰা হব বুলি আজি কেন্দ্রীয় হিলাল কমিটি, অসমে ঘোষণা কৰিছে।
 
কেন্দ্রীয় হিলাল কমিটি, অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক প্রধান আলহাজ ইমদাদ হুছেইনে এক বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰিছে।
 
 
তেওঁলোকে কয় যে, অহা ইংৰাজী ৩ ফেব্ৰুৱাৰী অৰ্থাৎ মঙ্গলবাৰে দিন গৈ ৰাতি ভাৰতবৰ্ষৰ লগতে অসমতো পবিত্র শ্ববে বৰাত পালন কৰা হ'ব ইনশ্বাআল্লাহ। 
 
সেয়ে কেন্দ্রীয় হিলাল কমিটিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ এই পবিত্ৰ শ্ববে বৰাতৰ শুভেচ্ছা জ্ঞাপন কৰিছে।