গুৱাহাটী
আৰৱ সাগৰত ১,৩০০ কিলোমিটাৰ দিনে-নিশাই সাঁতুৰিব আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ জলকোঁৱৰ এলভিছ আলী হাজৰিকাসহ ৪ সাঁতোৰবিদে। ১৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইৰপৰা আৰম্ভ হ'বলগীয়া যাত্ৰা গোৱা হৈ ২৮ নৱেম্বৰত অন্ত পৰিব কৰ্ণাটকত। এই দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগিব প্ৰায় ১৫ দিন।
শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱ অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰিছে সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই। যথেষ্ট প্ৰত্যাহ্বানমূলক এই যাত্ৰাৰ বাবে ইতিমধ্যে সাজু হোৱা বুলি মন্তব্য কৰিছে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীয়ে।
হাজৰিকাই কয়, "এই কাৰ্যত সফল হ'লে সাগৰত আটাইতকৈ দীৰ্ঘ দূৰত্ব সাঁতোৰাৰ নতুন বিশ্ব অভিলেখ সৃষ্টি হ'ব। আজিলৈ সাগৰত ইমান দীঘলীয়া সাঁতোৰ পৃথিৱীত কোনেও কৰা নাই। আমি চাৰিজন ভাৰতীয় সাঁতোৰবিদে ১৫ দিনীয়া এই সাঁতোৰত অংশ ল'ম। আমি দিনে নিশাই সাঁতুৰিম। আমি বহু সাঁতোৰবিদৰ লগত যোগাযোগ কৰিছিলোঁ যদিও বহুতে ইচ্ছা প্ৰকাশ নকৰিলে।"
আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীয়ে পুনৰ কয়,"আমেৰিকান ছগৰাকী সাঁতোৰবিদে ১২ দিনত ১০০০ কিলোমিটাৰ সাঁতুৰি অভিলেখ গঢ়িছিল। এতিয়া আমি ১৩০০ কিলোমিটাৰ ১৫ দিনত চাৰিগৰাকী সাঁতোৰবিদে সাঁতোৰাৰ লক্ষ্য লৈছোঁ। ১৫ দিন সাগৰত থকাটো প্ৰত্যাহ্বান থাকিব। আমি ভালদৰে খাব পাৰিম নে শুব পাৰিম, নাই খোজকাঢ়িব পাৰিম।"
আনহাতে ২০২৭ চনৰ ফেব্ৰুৱাৰীত এণ্টাৰ্কটিকাত সাঁতুৰিবলৈ পৰিকল্পনা কৰাৰ কথাও সদৰী কৰে এলভিছ আলী হাজৰিকাই।