চৌদি আৰৱ: উচ্চ বেতনৰ চাকৰি বিচৰা প্ৰবাসীসকলৰ গন্তব্য স্থান

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ৰিয়াদ
 
উচ্চ বেতনৰ চাকৰি বিচৰা প্ৰবাসীসকলৰ বাবে এক অন্যতম গন্তব্য স্থান হিচাপে পৰিগণিত হৈছে চৌদি আৰৱ। আন্তৰ্জাতিক পৰামৰ্শদাতা প্ৰবাসী নিযুক্তি চৰ্ত (ইচিএ)ৰ দ্বাৰা কৰা শেহতীয়া মাইএক্সপেট্ৰিয়েট মাৰ্কেট পে' চাৰ্ভে অনুসৰি, চৌদি আৰৱে বিশ্বব্যাপী প্ৰবাসী মধ্য প্ৰৱন্ধকসকলৰ বাবে সৰ্বাধিক দৰমহা প্ৰদান কৰি আহিছে। 
 
সমীক্ষাটোত উল্লেখ কৰা অনুসৰি, ছৌদি আৰৱৰ প্ৰবাসী মধ্য প্ৰৱন্ধকসকলে বছৰি প্ৰায় ৮৩,৭৬৩ পাউণ্ড (প্ৰায় ৮৮,৫৮,৩৪০ টকা) উপাৰ্জন কৰি আহিছে। যি ব্ৰিটেইনৰ সমকক্ষসকলতকৈ ২০,৫১৩ পাউণ্ড (প্ৰায় ২১,৬৯,৩৪৮ টকা) বেছি।  
 
পূৰ্বৰ বছৰৰ পাৰিতোষিকৰ তুলনাত তিনি শতাংশ হ্ৰাস পোৱাৰ পিছতো ছৌদি আৰৱত গড় দৰমহা সৰ্বাধিক হৈয়ে আছে। ইচিএ ইণ্টাৰনেচনেল পাৰিশ্ৰমিক আৰু নীতি জৰীপ প্ৰৱন্ধক অলিভাৰ ব্ৰাউনে পৰামৰ্শদাতা প্ৰতিষ্ঠানটোৰ ৱেবছাইটত পোষ্ট কৰা এক বিজ্ঞপ্তিত উল্লেখ কৰিছে যে, "সাধাৰণতে মধ্যপ্ৰাচ্যই মানুহক তালৈ যোৱাৰ বাবে আকৰ্ষিত কৰিবলৈ উদগনি যোগোৱাৰ বাবে প্ৰবাসী শ্ৰমিকসকলক অতি লোভনীয় পাৰিতোষিক প্ৰদান কৰাৰ বাবে জনাজাত। আৰু চৌদি আৰবে প্ৰবাসী শ্ৰমিকসকলক সৰ্বাধিক পাৰিতোষিক প্ৰদান কৰি আহিছে।"   
 
প্ৰতিনিধিত্বমূলক ছবি
 
তেওঁ লগতে কয়, "ইয়াৰ অন্যতম এক কাৰণ হৈছে লাভালাভৰ ব্যয় অতি নূন্যতম আৰু ব্যক্তিগত কৰ সামন্য হোৱাৰ বাবে সামগ্ৰিক পাৰিতোষিকৰ পেকেজটো দেশৰ প্ৰবাসীসকলৰ বাবে অধিক সুলভ হৈ পৰে। এইটো ইউকেৰ সৈতে সম্পূৰ্ণ বিপৰীত। কিয়নো তাত পেকেজ ব্যয়ৰ অধিকাংশ পাৰিতোষিকৰ সলনি কৰ আৰু লাভালাভৰ বাবে ৰখা হয়।" 
 
বিশ্বজুৰি দ্বিতীয় স্থান দখল কৰি থকা ছুইজাৰলেণ্ডে প্ৰবাসীসকলক পাৰিতোষিক দিয়াৰ ক্ষেত্ৰত ইউৰোপৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে। ছুইজাৰলেণ্ডৰ এগৰাকী প্ৰবাসীয়ে বছৰি প্ৰায় ৭৭,৭৬০ পাউণ্ড (প্ৰায় ৮২,২১,৭৭৭ টকা) উপাৰ্জন কৰি আহিছে। 
 
সামগ্ৰিকভাৱে এই সমীক্ষাটোৱে উজ্জ্বল কৰি তুলিছে যে বিশেষকৈ ইউৰোপৰ অন্যান্য দেশৰ তুলনাত প্ৰতিযোগিতামূলক পাৰিতোষিক আৰু অধিক অনুকূল বিত্তীয় পেকেজৰ গাঁথনিৰ বাবে চৌদি আৰব প্ৰবাসীসকলৰ বাবে লাভজনক গন্তব্যস্থান হিচাপে পৰিগণিত হৈ আহিছে।