দীপাৱলী: হিন্দু-মুছলমানৰ বাবে উমৈহতীয়া আশাৰ উৎসৱ

Story by  atv | Posted by  [email protected] • 11 Months ago
নাহিদ আখৰ (নীলা ৰঙৰ) শিলচৰৰ ব্যৱসায়ী পৰিয়াল গোৱেংকাৰ সৈতে তিনি প্ৰজন্মই একেলগে দীপাৱলী আৰু ঈদ উদযাপন কৰে
নাহিদ আখৰ (নীলা ৰঙৰ) শিলচৰৰ ব্যৱসায়ী পৰিয়াল গোৱেংকাৰ সৈতে তিনি প্ৰজন্মই একেলগে দীপাৱলী আৰু ঈদ উদযাপন কৰে
 
ৰানা ছিদ্দিকী জামান
 
ভাৰতীয় মুছলমানসকলে যিমান আনন্দৰে দীপাৱলী উদযাপন কৰে, হিন্দুসকলে সিমান আনন্দৰে ঈদৰ বাবে অপেক্ষা কৰে। ই এক উমৈহতীয়া  সংস্কৃতি। বহু ধৰ্ম আৰু বহু সংস্কৃতিৰ ভূমি ভাৰতে সমন্বয় আৰু একতাৰ মনোভাৱেৰে প্ৰতিটো উৎসৱ পালন কৰি আহিছে। দীপাৱলী আৰু হোলীৰ দৰে উৎসৱ পালন কৰিবলৈ হিন্দুসকলৰ নিজৰ নিজৰ মুছলমান, শিখ, খ্ৰীষ্টান, বৌদ্ধ আৰু জৈন ভাই-ভনী থাকে।
 
 
ভাৰতৰ দ্বিতীয় বৃহত্তম ধৰ্মীয় পন্থা মুছলমানসকলে নিজৰ অতিথিসকলক এমাহজোৰা ৰোজাৰ শেষত উদযাপিত প্ৰধান উৎসৱ ঈদ-উল-ফিতৰৰ বাবে আমন্ত্ৰণ কৰে। এই বৈশিষ্টতাই অনেক কবিক প্ৰেৰণা যোগাই  আহিছে। বিশিষ্ট মুছলমান সাহিত্যিকৰ সৃষ্টিশীল ৰচনাৰাজিও দীপাৱলীৰ সময়ত সৃষ্টি হৈছে।
 
দীপাৱলীত নজীৰ বেনাৰসীৰ সুন্দৰ সৃষ্টি উপভোগ কৰক:
“মোৰ উশাহৰ সংগীত আৰু আত্মাক সজাই তোলে,
এই দেৱালীয়ে সকলোকে জীৱন যাপনৰ পথ দিয়ে।”
হায়দৰ বয়াবানীয়ে আনন্দৰে প্ৰকাশ কৰিছে,
“ৰামৰ জয়, জয়কাৰ হৈছে, কাৰণ ৰাৱণ পৰাজিত হৈছে।
...ৰাম অযোধ্যালৈ উভতিছে, দীপাৱলীৰ চাকি জ্বলি উঠিছে।”
 
বেংগালুৰুৰ স্বামী ৰূপক দাস আৰু পুত্ৰ নীলৰ সৈতে ফুকন
 
ভাৰতৰ উমৈহতীয়া সংস্কৃতিক কেতিয়াবা বিঘ্নিত কৰা কিছুমান বিপৰ্যয়ৰ মাজতো উৎসৱ-পাৰ্বন, বিশেষকৈ দীপাৱলীৰ দ্বাৰা সৃষ্টি হোৱা বন্ধনে বেছিভাগ মুছলমানকে অস্পৃশ্য কৰি নাৰাখে। আনকি যিসকলে নিজৰ ধৰ্মৰ মূল নীতি-নিয়মসমূহ অনুসৰণ কৰি দিনটোত পাঁচবাৰ আল্লাহক স্মৰণ কৰে, তেওঁলোকেও এনে উৎসৱত অংশগ্ৰহণ কৰে। সমগ্ৰ ভাৰতবৰ্ষতে এইটো এটা সাধাৰণ কথা।
 
কলকাতাৰ শিক্ষাবিদ আৰু দুগৰাকী কন্যা সন্তানৰ মাতৃ আফ্ৰিন চাবা আলভিৰ বাবে দীপাৱলী এনে একে উৎসৱ, যিয়ে কেৱল "মিঠাই আৰু ফটকা"ৰ স্মৃতি কঢ়িয়াই অনাই নহয়, এতিয়া তেওঁ কন্যাক লগত লৈ নিজৰ হিন্দু বন্ধু-বান্ধৱীসকলৰ সৈতে দীপাৱলী উদযাপনো কৰে।
 
পুৰণি স্মৃতিৰ কথা মনত পেলাই তেওঁ কয়, “৭০ৰ দশকৰ শৈশৱ আৰু ৮০ৰ দশকৰ আৰম্ভণিতে দীপাৱলীৰ সময়ত আমি পৰিয়ালৰ সৈতে আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ ইতিহাস বিভাগৰ মোৰ পিতৃৰ সহকৰ্মীসকলৰ ওচৰলৈ গৈ ভাল পাইছিলোঁ, তেওঁলোকক আমি অভিনন্দন জনাবলৈ প্ৰায়ে গৈছিলো। শৈশৱত আমাৰ হৃদয় আনন্দ আৰু আগ্ৰহেৰে ভৰি পৰিছিল ফটকা ফুটাবলৈ, মিঠাই খাবলৈ, দীপাৱলীৰ সকলো প্ৰস্তুতিত অংশগ্ৰহণ কৰিবলৈ।"
 
আফ্ৰিন চাবা আলভি, ৰচনা শৰ্মা আৰু শ্বাবীৰ ৰছিদ
 
শ্ৰীমতী বাৰ্মা আৰু পুষ্পা আন্টিৰ গুঝীয়াৰ সেই অনন্য সোৱাদ এতিয়াও মোৰ মুখত ৰৈ আছে আৰু প্ৰতি দীপাৱলীতে তেওঁলোকৰ স্মৃতিৰ মাজত হেৰাই যাওঁ।
 
"ঘৰলৈ উভতি আহোতে মাই আমাৰ বাবে সদায় খীল, বাটাছা আৰু চেনিৰে প্ৰস্তুত কৰা বিভিন্ন সুস্বাদু খাদ্য সামগ্ৰী কিনিছিল। লগতে দীপাৱলীৰ বাবে কিছু চাকি-বন্তি আৰু ফুলজাৰি (ফটকা) কিনিছিল। দীপাৱলী উদযাপনৰ সময়ত আমি চৌপাশৰ কোনো মানুহৰ সৈতে কোনো পাৰ্থক্য ৰখা নাছিলো। আমি সকলোৱেই এটা পৰিয়াল আছিলোঁ।"-তেওঁ কয়।
 
অৱশ্যে তেওঁ আক্ষেপ কৰে, “আজিকালি আমাৰ হিন্দু বন্ধু-বান্ধৱীসকলে মোক দুৰ্গা পূজা বা দীপাৱলীলৈ নিমন্ত্ৰণ নকৰে। যদি নিমন্ত্ৰণ পালোহেঁতেন, তেন্তে মই শৈশৱৰ সেই সোণোৱালী দিনবোৰৰ দৰে উদযাপন কৰিবলৈ সাজু হ’লোহেঁতেন।’-তেওঁ আশাৰে কয়।
 
নাহিদ আখতাৰ আৰু আমিনুল হক
 
ইফালে, বেংগালুৰুৰ এটা আগশাৰীৰ কৰ্প'ৰেট কাৰ্যালয়ত কৰ্মৰত মধুমিতা ফুকনে কয় যে তেওঁৰ ঘনিষ্ঠ মুছলমান বন্ধু-বান্ধৱী অবিহনে দীপাৱলী কেতিয়াও সম্পূৰ্ণ নহয়। সকলো উৎসৱ-পাৰ্বণ বিশেষকৈ দীপাৱলী আৰু হোলীত তেওঁলোক আমাৰ বিশেষ নিমন্ত্ৰিত অতিথি।
"বাংগালুৰুত এটা মুছলমান পৰিয়াল মোৰ ওচৰ-চুবুৰীয়া আছিল। ইয়াৰ পৰা তেওঁলোক স্থানান্তৰিত হৈছে, কিন্তু এই দীপাৱলী তেওঁলোক অবিহনে অনুষ্ঠিত নহ’ব। লগতে মোৰ মৰমৰ কলেজীয়া বন্ধু নাহিদৰ অবিহনে মোৰ কোনো এটা উৎসৱ সম্পূৰ্ণ নহয়, যিয়ে আমাৰ লগত সকলো হিন্দু উৎসৱ পালন কৰি ভাল পায় আৰু ঈদৰ দিনা তেওঁলোকৰ বিৰিয়ানীৰ বাবে মই আগ্ৰহেৰে ৰৈ থাকো।"-ফুকনে কয়।
 
চেন্নাইৰ পৰা অহা আৰু এটা বিখ্যাত চিকিৎসা সঁজুলি নিৰ্মাণ কোম্পানীত কাম কৰা শ্বব্বিৰ ৰছিদে কয়, “মই দীপাৱলী ভাল পাওঁ, কাৰণ ই আমাৰ চৌপাশৰ ইমানবোৰ উদযাপনৰ মাজত ইমান ইতিবাচক শক্তি নিজৰ লগত লৈ আহে, যিটো মিছ কৰাটো কঠিন।"
 
উল্লেখ্য যে, বহুসংস্কৃতিৰ সমাজত বাস কৰি অহা শ্বব্বিৰে ঘৰত মিঠাই আৰু ফটকা লৈ দীপাৱলী উদযাপন নকৰাকৈ শৈশৱৰ দিনবোৰ কেতিয়াও দেখা নাই। “আমি ডাঙৰ হোৱাৰ সময়ত বিভিন্ন সম্প্ৰদায়ৰ ওচৰ-চুবুৰীয়াক লগ পাইছিলো আৰু দীপাৱলীৰ দৰে উৎসৱবোৰ আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছিল। এইবোৰে আমাৰ মাজত শক্তিশালী বান্ধন গঢ়ি তোলে।” 
 
সুধাকৰ শৰ্মা
 
উত্তৰ পূৰ্বাঞ্চলৰ জ্যেষ্ঠ শিক্ষাবিদ অধ্যাপক নাহিদ আখতাৰে কয়, "আমি আৰু আমাৰ ঘনিষ্ঠ পৰিয়ালৰ বন্ধু শিলচৰৰ গোৱেংকা পৰিয়ালে তিনিটা প্ৰজন্মৰ পৰা একেলগে সকলো উৎসৱ পালন কৰি আহিছো। ইজনে সিজনৰ পৰিয়ালৰ লগত একত্ৰিত নোহোৱাকৈ আমাৰ উৎসৱবোৰ আধৰুৱা হৈ পৰে। এই দীপাৱলীও ইয়াৰ ব্যতিক্ৰম নহ’ব। আমি পৃথক ধৰ্মীয় বিশ্বাসৰ সৈতে জড়িত কিন্তু সুস্থভাৱে সকলো কথা আলোচনা কৰোঁ। আমাৰ ল’ৰা-ছোৱালীবোৰেও একেদৰেই শিকিছে।"
 
মনকৰিবলগীয়া যে, ছবি জগতৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক জগতলৈকে প্ৰতি বছৰে দীপাৱলীৰ দিনা সামাজিক-ধৰ্মীয় সংস্কৃতিয়ে নতুন ৰং আৰু পোহৰ ধাৰণ কৰে।
 
 
(ৰানা ছিদ্দিকী জামান এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু লেখিকা।)