কিমান কিতাপ পঢ়ে ভাৰতীয় মানুহে ?

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
  চিত্তৰঞ্জন ওজা 
 
নব্বৈ দশক বা তাৰ আগত অসমীয়া মাধ্যমত পঢ়া সকলোৱে সত্যনাথ বৰাদেৱৰ 'সাৰথি' পুথিখন পঢ়িবলৈ পাইছিল। মানৱ জীৱনত দিক-দর্শকৰূপী গ্রন্থখনত 'পুথি অধ্যয়ন' নামৰ এটা মূল্যবান প্রবন্ধ আছিল। প্ৰবন্ধটো পঢ়াৰ পাচত মোৰ দৰে বহুতৰে মনত কিতাপ পঢ়াৰ প্রতি বিশেষ স্পৃহা জাগি উঠিছিল। প্ৰবন্ধটোৰ কেইশাৰীমান বাক্য ইয়াত তুলি দিলো। 'পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ ঘাই উপায়। পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। পঢ়নৰ পৰা দুৰৈৰ মাণিক হাততে পোৱা যায়। মানুহৰ সংগৰ নিচিনা পুথিৰ সংগয়ো আমাৰ স্বভাৱ-চৰিত্ৰৰ ওপৰত কার্য কৰে।' 
 
'সাৰথি' পঢ়া চল্লিছ বছৰ পাৰ হ'ল, আজিও সত্যনাথ বৰাদেৱৰ সেই অমৰ বাণীসমূহ মনৰ ভিতৰত আওৰাও। নতুন উদ্যোগেৰে কিতাপ এখন হাতত লওঁ আৰু পঢ়াত মনোনিবেশ কৰো। জ্ঞানৰ শেষ নাই, গতিকে পঢ়াৰো শেষ নাই। সেই বুলিয়ে আমি নিজৰ ইচ্ছা অনুযায়ী হেজাৰ হেজাৰ কিতাপ পঢ়ি শেষ কৰিব নোৱাৰো। কাৰণ এখন গ্রন্থ পঢ়ি শেষ কৰিবলৈ নির্দিষ্ট সময় লাগে আৰু মানৱ জীৱনৰ আয়ুস সীমাবদ্ধ। এজন ব্যক্তিয়ে নিজৰ বিচাৰ-বিবেচনাৰে পোন্ধৰ বছৰ বয়স পাৰ হোৱাৰ পৰাহে কিতাপ পঢ়িবলৈ লয়। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
পিউ ৰিচাৰ্ছৰ মতে আমেৰিকাত এজন ব্যক্তিয়ে গড় হিচাপত বছৰি ১২ খন কিতাপ পঢ়ে। এজন ব্যক্তিৰ আশী বছৰ আয়ুস হিচাপত ল'ৰালিৰ পোন্ধৰ বছৰ বাদ দিলে ৬৫ বছৰীয়া জীৱনকালত মাত্র ৬৫ ×১২-৭৮০খন গ্রন্থহে পঢ়িব পাৰে। এজন নিষ্ঠাৱান অধ্যয়নশীল পাঠকে দিনে চাৰি ঘণ্টাকৈ কিতাপ পঢ়িলে সপ্তাহত অতি বেছি দুখন গ্রন্থ পঢ়ি শেষ কৰিব পাৰিব। ৬৫ বছৰীয়া জীৱনকালত তেওঁ পঢ়ি শেষ কৰিবলৈ সক্ষম হ'ব ৬৫ × ৫২ × ২ ৬.৭৫০খন গ্রন্থহে। তাৰ মাজত অসুখ হ'লে বা অন্যান্য কামত ব্যস্ত থাকিলে ইয়াতকৈও কম সংখ্যক গ্রন্থহে পঢ়িব পাৰিব। 
 
দেখা গ'ল যে আমি যিমানে ইচ্ছা নকৰো কিয় ৬,৭৫০ খনতকৈ বেছি গ্রন্থ অধ্যয়ন কৰা সম্ভৱ নহয়। পণ্ডিতপ্রৱৰ কৃষ্ণকান্ত সন্দিকৈৰ অধ্যয়নশীলতাৰ কথা আমি সকলোৱে জানো। এবাৰ ভূমিকম্প আহোতে ঘৰুৱা সহায়কাৰীজনে তেওঁক অধ্যয়নতে ব্যস্ত থকা দেখি ক'লে- 'দেউতা ভূমিকম্প আহিছে'। তেওঁ উত্তৰ দিছিল 'বহিবলৈ দে'। বিদেশৰ পৰা পঢ়া শেষ কৰি অসমলৈ অহাৰ সময়ত সন্দিকৈদেৱে নিজৰ জমা ধন খৰচ কৰি বহুতো মূল্যৱান গ্রন্থ কিনি নিজৰ গৃহত এটা গ্রন্থাগাৰ সাজিছিল। মৃত্যুৰ আগত নিজৰ সমস্ত কিতাপ বিশ্ববিদ্যালয়ত দান কৰিছিল। 
 
অসম গ্ৰন্থমেলাৰ এক দৃশ্য
 
সন্দিকৈদেৱেও সম্ভৱত দহ-বাৰ হেজাৰ গ্রন্থ অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল। নিজৰ কথাই ভাবোচোন, এতিয়ালৈ শ্রীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি আধুনিক অসমীয়া ভাষাৰ কাণ্ডাৰীসকল যেনে- লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, পদ্মনাথ গোহাঞিবৰুৱা, চৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, ড° ধ্রুৱজ্যোতি বৰা, মামণি ৰয়ছম গোস্বামী, নিৰুপমা বৰগোহাঞি, ৰীতা চৌধুৰী আদি সর্বকালৰ শ্রেষ্ঠ লেখক-লেখিকাসকলে ৰচিত সম্পূর্ণ গ্রন্থাৱলী পঢ়া হৈ উঠা নাই। 
 
ভাৰতৰ অন্যান্য ভাষাৰ সাহিত্য আৰু বিদেশী সাহিত্যিক ৰচনাৱলীৰবোৰৰ কথা নকলোৱে যেনিবা। প্রতি বছৰে শশ মূল্যৱান গ্রন্থ প্রকাশ হৈ আছে। অথচ এতিয়ালৈ মোৰ জীৱনৰ ৫৫ টা বছৰ পাৰ হৈ গ'ল। বাকী থকা বছৰকেইটাত অতি বেছি ৫০০ খন কিতাপ পঢ়িবলৈ সক্ষম হ'ম। কোনখন পঢ়িম কোনখন এৰিম? ইমান ভাল ভাল কিতাপৰ আনন্দ নোলোৱাকৈ চকু মুদিব লাগিব, ইয়াতকৈ দুখৰ কথা কি আছে! 
 
গ্ৰন্থৰে সজ্জিত এখন দেৱাল
 
২০১৭ চনত বিশ্বৰ দেশবোৰত চলোৱা সমীক্ষা অনুযায়ী এইটো প্রমাণ হৈছে যে ভাৰতবৰ্ষৰ নাগৰিকে প্রতি সপ্তাহত গড়ে ১০ ঘণ্টা ৪২ মিনিট সময় পঢ়াত খৰচ কৰে আৰু বিশ্বৰ দেশবোৰৰ ভিতৰত আমাৰ দেশ এইক্ষেত্রত প্রথম স্থানত আছে। আমাৰ বাবে ই নিশ্চয়কৈ সুখৰ খবৰ। অধ্যয়নশীল দেশবোৰৰ দ্বিতীয় স্থানত আছে থাইলেণ্ড, তৃতীয় স্থানত আছে চীন দেশ। প্রতি সপ্তাহত গড়ে ৫ ঘণ্টা ৪২ মিনিট সময় পঢ়াৰ নামত অতিবাহিত কৰি আমেৰিকা এই তালিকাৰ ২৩ নং স্থানতহে আছে।
 
পিচে ২০১৭ চনৰ পৰা ২০২৩ চনলৈ এই ছয় বছৰত ঘটা প্রযুক্তি বিদ্যাৰ উত্তৰণে মানৱ জীৱনত বিশেষ প্রভাৱ পেলায়। সহজলভ্য এনড্রইড স্মার্ট ফোন আৰু উচ্চ বেগৰ ইন্টাৰনেট ডাটাৰ সহায়ত আজিৰ মানুহে ইউটিউব, ফে'চবুক, ইনষ্টাগ্রাম, ভিডিঅ', চিনেমা আদিতে ব্যস্ত থকা হ'ল। লগে লগে পঢ়াৰ প্রতি ধাউতি কমি গ'ল। ২০২২ চনত লোৱা সমীক্ষা অনুযায়ী ভাৰতীয় লোকে প্রতি দিনে গড়ে প্রায় পাঁচ ঘণ্টা সময় ম'বাইল চাই সময় অপচয় কৰে। অর্থাৎ প্রতি সপ্তাহত গড়ে ৩৫ ঘণ্টা সময় অপচয় কৰে কেৱল ম'বাইল ফোনত চকু থৈ। 
 
অসম গ্ৰন্থমেলাৰ এক দৃশ্য
 
গতিকে ২০২৩ চনত যদি সমীক্ষা চলোৱা হয় হয়তো জানিব পৰা যাব যে ভাৰতীয় নাগৰিকে গড়ে প্রতি সপ্তাহত ১১ ঘণ্টা সময় নহয় পাঁচ ঘণ্টাতকৈও কম সময় গ্রন্থ অধ্যয়নৰ কামত কম সময় দিয়ে। দৰাচলতে ক'ভিড মহামাৰীৰ পৰাই মানুহৰ পঢ়াৰ প্রতি ধাউতি কমি গৈছে। ফলত বাতৰি কাকত, আলোচনী, গল্প, উপন্যাস, প্রবন্ধ আদি গ্রন্থৰ বিক্রী অভাৱনীয় হাৰত কমি গ'ল। আনকি প্রতিষ্ঠিত লেখক-লেখিকাৰ গ্রন্থও বিক্রী নোহোৱাকৈ থকা দেখা গৈছে। 
 
সমীক্ষা অনুযায়ী ভাৰতীয় মানুহে ম'বাইল ফোনটোত সামাজিক মাধ্যম, অনলাইন গেম আৰু আৰু ভিডিঅ' এপবোৰতে ব্যস্ত থাকি ভালপোৱা হৈছে। আমি সকলোৱে দেখিছো যে ভুল আৰু বিকৃত কৰি প্ৰচাৰ চলোৱা তথ্যৰে সামাজিক মাধ্যম ভৰি পৰিছে। যিমানে মানুহে সেইবোৰ চাই নিজক ব্যস্ত ৰাখে সিমানে মানুহবোৰৰ মানসিকতা সলনি হোৱাৰ প্রৱণতা বৃদ্ধি পাব। এইখিনিতে সত্যনাথ বৰাদেৱৰ কোৱা কথাষাৰ মনলৈ আহে-ভাল পুথি পঢ়িলে ভাল সংগত থকাৰ দৰে অনুভৱ হয়। 
 
নতুন দিল্লীত অনুষ্ঠিত বিশ্ব গ্ৰন্থমেলা
 
দেখা গৈছে সমাজৰ সকলো শ্রেণীৰ মানুহে যেন কিতাপ পঢ়িবলৈ এৰি ভাল সংগৰ পৰা আঁতৰি আহিছে। তাৰ বিপৰীতে ফেক নিউজ, ডিপফেকৰ সহায়ত তৈয়াৰ কৰা বিকৃত মানসিকতাৰ ভিডিঅ'বোৰ চাই বেয়া সংগত জীৱন নির্বাহ কৰিবলৈ লৈছে। সামাজিক মাধ্যমৰ অত্যধিক আসক্তিয়ে অপৰাধ প্রৱণতা বৃদ্ধিৰ লগতে নিজৰো ক্ষতি হোৱা দেখা গৈছে। সেয়েহে আজি সমাজৰ সকলো শ্রেণীৰ লোকৰ প্রধান দায়িত্ব হৈ পৰিছে গ্রন্থ অধ্যয়নৰ আন্দোলন গঢ়ি তোলা, গ্রন্থ অধ্যয়নৰ পৰিবেশ সৃষ্টি কৰা আৰু লগতে নতুন প্রজন্মক গ্রন্থৰ প্ৰতি আকর্ষিত কৰা। কণ কণ শিশুৰ হাতত স্মার্টফোন তুলি দিয়াৰ সলনি শিশুৰ উপযোগী গ্রন্থ এখন হাতত তুলি দিয়া নিশ্চয় উচিত হ'ব। নহ'লে আমাৰ ভৱিষ্যৎ অন্ধকাৰ। 
 
(লেখক এগৰাকী গল্পকাৰ, নিবন্ধকাৰ, স্তম্ভলেখক)