কাতি বিহু আৰু অসমীয়া সমাজ

Story by  Pulin Deka | Posted by  Munni Begum • 7 Months ago
কাতি বিহুৰ দিনা অসমীয়া ৰাইজে পথাৰত চাকি জ্বলোৱা এক দৃশ্য
কাতি বিহুৰ দিনা অসমীয়া ৰাইজে পথাৰত চাকি জ্বলোৱা এক দৃশ্য
 
পুলিন ডেকা
 
বিহু হৈছে অসমৰ জাতীয় জীৱনৰ প্ৰাণ। অসমীয়া সংস্কৃতিৰ বিমল সৌৰভ। প্ৰকৃতিৰ সৈতে নিবিড়তাই হৈছে বিহুৰ তাৎপৰ্য আৰু মহত্ব। পাঁচ হাজৰ বছৰীয়া ভাৰতীয় জীৱন শৈলীত সাংস্কৃতিক চেতনাই মানুহক আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাই আহিছে। ভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক বোধ সুকীয়া হ'লেও সংস্কৃতিয়ে সদায় সুন্দৰৰ সন্ধান কৰে, লোক জীৱনৰ গতিশীল ৰূপ প্ৰকাশ কৰে। আমাৰ বিহুৰ মাজেৰে প্ৰকাশিত সংস্কৃতিৰ অনন্যৰূপে জাতিটোক প্ৰাণৱন্ত কৰি আহিছে। 
 
আমাৰ ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত বিহু সুকীয়া ৰূপত উদ্‌যাপিত হ'লেও ইয়াৰ মাজেৰে যি চেতনা স্ৰোত উন্মোচিত হৈছে সেয়া হৈছে প্ৰকৃতিৰ সৈতে থকা সান্নিধ্য, কৃষিৰ সৈতে থকা মানুহৰ জীৱনবোৰ একাত্ম সংযোজন। আহোমৰ দিনত অসমত বিহু সংস্কৃতিয়ে নব্যৰূপত উদ্ভাষিত হৈ উঠে। সংস্কৃতিৰ পৰা আধ্যাত্মিক জীৱনবোধ বিচিন্ন কৰিব পৰা নাযায়। সেই বাবে আমাৰ সাংস্কৃতিক শৈলীৰ মাজত আধ্যাত্মিক চেতনাই সদায়ে জীৱন্ত ৰূপত প্ৰকাশি আহিছে।
 
কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি জ্বলোৱাৰ পূৰ্বে তুলসীৰ তল শুদ্ধি কৰি থকা এক দৃশ্য
 
অসমৰ তিনিটা বিহুৰ ভিতৰত কাতি বিহু অর্থাৎ কঙালী বিহুৰ তাৎপৰ্য অতি গভীৰ। আপতত দৃষ্টিত এই বিহুক কঙালী বুলি উল্লেখ কৰিলেও ইয়াৰ সামগ্রিক সত্ত্বাক বিশ্লেষণ কৰিলে ইয়াৰ মাজত অকল সাংস্কৃতিক চেতনাবোধে নহয়, মানুহৰ গভীৰ আশা নিহিত হৈ থাকে। শৰৎ কালৰ এই বিহুৱে মানুহৰ মাজত নান্দনিক চেতনা যোগায় আৰু আশাৰ ৰেঙণি চতিয়াই দিয়ে। 
 
এই বিহুৰ সৈতে জড়িত হৈ আছে আলোকৰ এক সম্পৰ্ক তুলসীৰ তলত চাকি জ্বলাই, পথাৰত চাকি জ্বলাই অসমীয়া মানুহে কাতি বিহুক এক বৰ্ণিল ৰূপ প্ৰদান কৰে। এই সময়ছোৱাত কৃষকৰ মনত নিজৰ কৃষি ভূমিক লৈ এক স্বপ্ন জাগৰিত হয়। কৃষকে সপোন ৰচে। ধাননি পথাৰৰ এক সোণালী দিনৰ। বাৰিষা অশেষ কষ্ট কৰি পথাৰত ধান ৰুই তাৰ ফলাফলৰ অধিক আগ্ৰহেৰে অপেক্ষা কৰে কৃষকে। সেইবাবে এই বিহুত এক জীৱন্ত ৰূপ হ'ল আশা। 
 
আলোকৰে চাকি জ্বলাই আলোকময় কৰি সেই আশাক প্রতিকী ৰূপত প্ৰদৰ্শন কৰি আহিছে। পথাৰত জ্বলোৱা সেই চাকি গচিয়ে বিজ্ঞান সন্মত দৃষ্টিভংগী প্রকাশ কৰে। সাধাৰণতে ধান ওলোৱাৰ সময়ত বিভিন্ন কীট-পতংগই খেতি নষ্ট কৰে। চাকি গচিৰ সেই আলোকৰ প্ৰতি আকৰ্ষিত হয় কীট-পতংগৰ মৃত্যু হয়। এই দুয়োটা দৃষ্টি কোণৰ পৰা বিশ্লেষণ কৰিলে কাতি বিহু উদযাপনত সু-গভীৰতা আমি উপলব্ধি কৰিব পাৰো। 
 
কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি জ্বলোৱা এক দৃশ্য 
 
বিহু দিনা নামঘৰ, মন্দিৰতো অতি ভক্তিভাৱে চাকি জ্বলোৱা হয়। মংগলময় এই উৎসৱৰ মাজেৰে মানুহৰ কলাত্মক চেতনাও বিকশিত হৈ আহিছে। পথাৰৰ বিহু মঞ্চলৈ ধাপলি মেলিলেও কাতি বিহু এতিয়াও পথাৰৰ সেই সেউজ বিমুহিত পৰিৱেশতে আবদ্ধ আছে। এই সময়ছোৱাত পথাৰৰ অতি উজ্জ্বল আহৰণে আমাৰ প্ৰকৃতি অধিক নিৰ্মূল কৰি ৰাখে। কাতি বিহুৰ এই তাৎপৰ্যক আমি উপলব্ধি কৰি নতুন প্ৰজন্মৰ মাজত কাতি বিহু সম্পৰ্কত এক সম্যক ধাৰণা দিব লাগিব।
 
অসমৰ জাতীয় জীৱনৰ এই মহা স্ৰোতক অধিক গতিশীল কৰা কাতি বিহু সম্পৰ্কত সকলোবোৰ দিশ আমি বিজ্ঞান মনষ্ক ভাবেও আলোচনা কৰা উচিত। অসমৰ খেতিয়কসকলৰ অৰ্থনৈতিক দিশটোৰ সৈতেও এই বিহুৰ এক গভীৰ সম্পর্ক আছে। খেতিয়কে নিজৰ ধান ডৰাৰ পৰা অৰ্থনৈতিকভাৱে লাভান্বিত হোৱাটোও কামনা কৰে। 
 
আনহাতে কাতি বিহুত আকাশ বন্তি জ্বলাইও আমাৰ চেতনাক উর্ধমুখী কৰা দিশটো মন কৰিবলগীয়া। অকল কৃষি পথাৰে নহয় আমাৰ দৃষ্টিভংগীও যে উর্ধমুখী হ'ব লাগে সেই কথা আকাশ বন্তিয়ে দেখুৱাই দিয়ে। অনাদি কালৰে পৰা চলি অহা এই বিহুৰ পৰম্পৰাক আমি নতুন প্ৰজন্মৰ মাজত সঠিক ৰূপত তুলি ধৰিব লাগিলে কাতি বিহুক যথা ৰীতিমতে পালন কৰাৰ বাবে আমাৰ মনোযোগ কৰ্ষণ কৰিব লাগিব। 
 
কাতি বিহুৰ দিনা অসমীয়া ৰাইজে পথাৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰাৰ এক দৃশ্য
 
অসমীয়া সংস্কৃতিৰ বৰঘৰত ৰঙালী আৰু ভোগালী বিহুৰ দৰে কাতি বিহুৱেও বিশেষ স্থান লাভ কৰিব লাগিব। ইয়ে আমাৰ সংস্কৃতিৰ পথাৰখনক অধিক সেউজ আৰু গতিশীল কৰি তুলিব। আমাৰ পুৰাতন সংস্কৃতিৰ যি গভীৰতা তাক কাতি বিহু পালনৰ জৰিয়তে এক চেতনা স্ৰোতলৈ গতি কৰিব পাৰিলে ইয়াৰ তাৎপৰ্য অধিক মহিমামণ্ডিত হৈ পৰিব।
 
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংলগ্ন)