কানাডাক সন্ত্ৰাসবাদীৰ বিচৰণভূমি কৰি তুলিছে প্ৰধানমন্ত্ৰী ট্ৰুডোৱে

Story by  atv | Posted by  Munni Begum • 2 Months ago
কানাডাৰ এটা গুৰুদ্বাৰাত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো
কানাডাৰ এটা গুৰুদ্বাৰাত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো
 
  অজয় ভৰদ্বাজ

বিচ্ছিন্নতাবাদী আন্দোলনক বিশ্বৰ কোনো দেশে মুকলিভাৱে সমৰ্থন কৰাটো খুব কমেইহে দেখা যায়। অৱশ্যে, আশীৰ দশকত পাকিস্তানে পঞ্জাৱত বিচ্ছিন্নতাবাদী আন্দোলন গঢ়ি তুলিবলৈ পাঞ্জাবী যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়া আৰু উৎসাহিত কৰাৰ এক ব্যতিক্ৰমী উদাহৰণ আছে। এতিয়া কানাডাইও সন্দেহজনক মতাদৰ্শগত ভিত্তিত অনুৰূপ কাম কৰাৰ চেষ্টা কৰা যেন অনুভৱ হৈছে। 
 
কানাডাই কিয় ভুৱা তথ্য বিয়পাইছে আৰু ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থগিত ৰাখিছে সেয়া বুজিবলৈ বিশ্ব সমূদায়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে। বিশেষকৈ যেতিয়া কানাডাৰ আৰক্ষীয়ে এই বিষয়ত এতিয়ালৈকে তদন্তত কোনো বিশেষ অগ্ৰগতি লাভ কৰা নাই, সেই সময়তে দেশখনৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কিয় খালিস্তান টাইগাৰ ফৰ্চৰ নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ বিষয়ে ৰাজহুৱাভাৱে ভাৰতক দোষাৰোপ কৰাৰ সিদ্ধান্ত লয়, সেই সম্পৰ্কে ব্যাপক বিতৰ্ক চলি আছে।
 
নিজ্জাৰ হত্যাত ভাৰত চৰকাৰৰ ভূমিকা সন্দৰ্ভত “বিশ্বাসযোগ্য অভিযোগ”ৰ দাবীক সমৰ্থন কৰিবলৈ ট্ৰুডোৰ হাতত কোনো তথ্য প্ৰমাণ নাই। মন কৰিবলগীয়া যে নিজ্জাৰে ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি কানাডাত প্ৰৱেশ কৰিছিল আৰু বিবাহৰ জৰিয়তে নাগৰিকত্ব লাভ কৰা বুলি কোৱা হৈছে, যিটো পৰিস্থিতি এতিয়াও প্ৰশ্নবোধক হৈয়ে আছে। ভেংকুৱাৰৰ গুৰদ্বাৰাত দুজন মটৰ চাইকেল আৰোহীয়ে তেওঁক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল। এই গুৰদ্বাৰাৰ চৌহদটো নিজ্জাৰে বলপূৰ্বকভাৱে দখল কৰাৰ অভিযোগৰ বাবে দীৰ্ঘদিন ধৰি বিতৰ্কৰ বিষয় হৈ আহিছে। 
 
খালিস্তানী সমৰ্থকৰ প্ৰতিবাদ
 
১৮ জুনত নিজ্জাৰ হত্যাৰ পিছৰে পৰা কানাডাৰ আৰক্ষীয়ে তদন্তত নূন্যতম অগ্ৰগতি লাভ কৰিছে। এতিয়াও অচিনাক্ত আৰু পলাতক অৱস্থাত আছে দোষী। এই অনিশ্চয়তাৰ মাজতো প্ৰধানমন্ত্ৰীয়ে অনুমানৰ ভিত্তিত ভাৰত চৰকাৰক জগৰীয়া কৰাটো সন্দেহজনক হৈ পৰিছে। 
 
কানাডাৰ বিৰোধী কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা পিয়েৰ পইলিভ্ৰে নিজ্জাৰ হত্যাকাণ্ড আৰু ভাৰত চৰকাৰৰ মাজত সম্ভাৱ্য সম্পৰ্ক স্থাপন কৰিবলৈ প্ৰমাণৰ আহ্বান জনোৱাটো কোনো আচৰিত কথা নহয়। এখন আগশাৰীৰ বাতৰি কাকতে স্পষ্টভাৱে উল্লেখ কৰিছে যে যদিহে ট্ৰুডোৱে এই অভিযোগসমূহ সঠিক প্ৰমাণ অবিহনে কৰিছে, তেন্তে ইয়াৰ ফলত তেওঁ দেশৰ লগতে বিশ্বব্যাপী গুৰুতৰ পৰিণতিৰ সৃষ্টি হ’ব পাৰে। ভাৰতে তদন্তত সহায় আগবঢ়াই গঠনমূলক পদক্ষেপ গ্ৰহণ কৰিছে যদিও বিশ্বাসযোগ্য প্ৰমাণ প্ৰদানৰ দায়িত্ব ট্ৰুডো চৰকাৰৰ ওপৰত। অন্যথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত কানাডাই যথেষ্ট বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে।
 
কানাডাত বৃহস্পতিবাৰে আন্তঃগেং সংঘাতৰ অভিযোগত আন এগৰাকী পঞ্জাৱী সন্ত্ৰাসবাদী সুখা ডুনেকেক হত্যা কৰাৰ লগে লগে এতিয়া ট্ৰুডোৰ স্থিতি অধিক দূৰ্বল হৈ পৰিব। লৰেন্স বিষ্ণোই গেঙে হত্যাকাণ্ডৰ দায়িত্ব লোৱাৰ সময়তো ট্ৰুডোৱে এই হত্যাকাণ্ডৰ কাৰণ ভাৰতীয় এজেণ্ট বুলি ক’বনে ? নিজ্জাৰৰ ক্ষেত্ৰতো ইয়াৰ জ্যেষ্ঠ বিষয়াসকলে গুৰুদ্বাৰাৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ ওপৰত হোৱা বিবাদৰ কথা আঙুলিয়াই দিছে যাৰ ফলত তেওঁক হত্যা কৰা হৈছিল যদিও ইয়াৰ কোনো প্ৰমাণ পোৱা নাই।
 
নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো
 
ট্ৰুডোৰ শেহতীয়া কাৰ্য্যই তেওঁৰ অদূৰদৰ্শী আৰু অনভিজ্ঞ নেতৃত্বক প্ৰতিফলিত কৰে, বিশেষকৈ তেওঁৰ সংখ্যালঘু চৰকাৰী মৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি। তেওঁৰ ভিত্তিহীন অভিযোগে এতিয়া কানাডাত থকা সমগ্ৰ প্ৰৱাসী ভাৰতীয়সকলৰ মাজত বিভাজনৰ সৃষ্টি কৰিছে। ট্ৰুডোৰ স্থিতিয়ে খালিস্তানী উপাদানসমূহক উৎসাহিত কৰাৰ বিপৰীতে বাকী প্ৰব্ৰজনকাৰীসকল উদ্বিগ্ন হৈ পৰিছে। ভাৰতীয় কৰ্তৃপক্ষই কানাডাত থকা হিন্দুসকলক এই পৰিস্থিতি সন্দৰ্ভত সকীয়াই দিছে। 
 
ইফালে শিখছ ফৰ জাষ্টিছে খালিস্তানৰ সমৰ্থনত অভিযান আৰু তীব্ৰতৰ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে। শিখছ ফৰ জাষ্টিছৰ মুখপাত্ৰ গুৰপতৱন্ত সিং পান্নুনে ভাৰতীয় কনছুলেটৰ সন্মুখত নিজ্জাৰ সমৰ্থক সমাৱেশৰ নেতৃত্ব দিয়াৰ কথা ঘোষণা কৰিছে। ট্ৰুডোৱে যে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে খালিস্তানৰ ৰাজনীতিত লিপ্ত হৈছে, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। 
 
সংখ্যালঘু নেতা হিচাপে তেওঁ খালিস্তানৰ নিউ ডেম’ক্ৰেটিক পাৰ্টিৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰশীল, আৰু এনে লাগে যেন তেওঁ এতিয়া খালিস্তানৰ বিচ্ছিন্নতাবাদী আৱেগক স্পৰ্শ কৰিছে। তেওঁৰ দৃষ্টিভংগীৰ এই পৰিৱৰ্তন দিল্লীত অনুষ্ঠিত জি-২০ বৈঠকৰ সময়ত স্পষ্ট হৈ পৰিছিল, য’ত তেওঁ আৰু তেওঁৰ কূটনীতিবিদসকলে এটা স্পষ্ট বাৰ্তা লাভ কৰিছিল। 
 
বৈঠকৰ পিছতে ট্ৰুডোৱে ভাৰতৰ প্ৰতি দূৰৈৰ স্থিতি গ্ৰহণ কৰে। কানাডালৈ উভতি অহাৰ লগে লগে তেওঁৰ প্ৰাৰম্ভিক কাৰ্য্যসমূহৰ ভিতৰত এটা আছিল তেওঁৰ দাবীৰ সমৰ্থনত কোনো গুৰুত্বপূৰ্ণ প্ৰমাণ নোহোৱাকৈ নিজ্জাৰ হত্যাকাণ্ডৰ গোচৰটোৰ ওপৰত ৰাজহুৱাভাৱে মন্তব্য কৰা।
 
খালিস্তানি সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰ
 
ইয়াৰ পৰা এটা জটিল প্ৰশ্ন উত্থাপন হয় যে কানাডাই বৈচিত্ৰময় আৰু বহুসংস্কৃতিৰ দেশ হিচাপে শিখ ধৰ্মৰ আৱৰণত ঈশ্বৰতন্ত্ৰিক ৰাষ্ট্ৰৰ ধাৰণাক সমৰ্থন কৰেনে? ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ মাজত উৎসাহৰ অভাৱ আৰু শিখ সম্প্ৰদায়ৰ ভিতৰতো সীমিত সমৰ্থন থকাৰ পিছতো কানাডাই বাৰে বাৰে খালিস্তানৰ বাবে গণভোটৰ অনুমতি দিছে।
 
ট্ৰুডোৰ এই কাৰ্য্যই কানাডাক পাঞ্জাবী সন্ত্ৰাসবাদীৰ বিচৰণ ভূমিলৈ ৰূপান্তৰিত কৰাৰ আশংকাৰ সৃষ্টি হৈছে, যিটো হৈছে জুইৰ সৈতে খেলা কৰাৰ দৰে এক বিপজ্জনক কাম। ভাৰত চৰকাৰৰ মতে, কানাডাই অবৈধ উপায়েৰে দেশখনত প্ৰৱেশ কৰা দুডজনৰো অধিক শিখ সন্ত্ৰাসবাদীক আশ্ৰয় প্ৰদান কৰিছে।
 
কানাডা সন্ত্ৰাসবাদীৰ বাবে নতুন নিৰাপদ আশ্ৰয়স্থল হৈ পৰিছে নেকি? ভাৰতৰ আইন-শৃংখলা বিঘ্নিত কৰিব বিচৰা বিচ্ছিন্নতাবাদী আৰু সন্ত্ৰাসবাদীৰ সহায়ত ট্ৰুডোৰ ৰাজনৈতিক এজেণ্ডা প্ৰভাৱিত হৈছে নেকি? পঞ্জাৱত ডজনৰো অধিক হিংসাত্মক কাণ্ড সংঘটিত হৈছে য’ত তদন্তকাৰী সংস্থাসমূহে এই তথ্য লাভ কৰিছে যে ট্ৰুডো চৰকাৰৰ অধীনত আশ্ৰয় পোৱা আৰু তেওঁলোকৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদীয়ে এই ঘটনাসমূহৰ সৈতে জড়িত।
 
(লেখক চণ্ডীগড়ৰ জ্যেষ্ঠ সাংবাদিক)