নেতাজী সুভাষ বসুৰ প্ৰাসংগিকতা

Story by  atv | Posted by  Munni Begum • 6 Months ago
 নেতাজী সুভাষ চন্দ্ৰ বসু
নেতাজী সুভাষ চন্দ্ৰ বসু
 
  ড° হাফিজ আহমেদ
 
১৮৯৮ চনৰ ২৩ জানুৱাৰীত ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম পুৰোধা, বিপ্লৱী বীৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম। জননেতা সুভাষ চন্দ্ৰৰ জীৱন কাহিনী সাধুকথাৰ দৰেই ৰোমাঞ্চকৰ। ছাত্ৰ জীৱনৰ পৰা আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক হোৱালৈকে তেওঁৰ যি সুদীর্ঘ জীৱন পৰিক্ৰমা, সি সঁচাকৈয়ে যিকোনো মানুহকে বিস্ময়াভিভূত কৰিব পৰা ধৰণৰে। সম্ভৱতঃ নেতাজীয়েই প্রথমজন ভাৰতীয় জননেতা, যাৰ বিষয়ে গোটেই বিশ্বতে সৃষ্টি হৈছিল প্রচণ্ড বিস্ময়, গোটেই বিশ্বৰে তেওঁ হৈ পৰিছিল শ্রদ্ধাৰ পাত্র। 
 
ভাৰতমাতৃক ব্ৰিটিছৰ কবলৰ পৰা উদ্ধাৰ কৰাই আছিল নেতাজীৰ জীৱনৰ লক্ষ্য। তেওঁ অনুভৱ কৰিছিল, "British imperialism has meant for Indian's moral degradation, cultural ruin, economic impoverishment and political enslavement." দেশমাতৃৰ এনে দুর্দশা দূৰ কৰিবলৈ সুভাষ বসু আছিল বদ্ধপৰিকৰ। সেয়ে তেওঁৰ অন্তৰত দেশমাতৃৰ কল্যাণ সাধনৰ বাহিৰে অইন কোনো ধ্যান- ধাৰণাই স্থান পোৱা নাছিল বুলিয়েই ক'ব পাৰি। ভাৰতমাতৃৰ দুখ-দুর্দশা দূৰ কৰাটো তেওঁ ঈশ্বৰৰ আৰাধনাৰ দৰেই পবিত্র কর্ম বুলি গণ্য কৰিছিল। 
 
অসীম সাহসী সুভাষ চন্দ্রই ছাত্রাৱস্থাতে নেতাসুলভ গুণৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। প্রেছিডেন্সি কলেজৰ ছাত্ৰ হৈ থকা অৱস্থাত ইংৰাজ অধ্যাপক ওটেন চাহাবে ভাৰতীয় জনসাধাৰণক হীন বুলি সদায় তুচ্ছ-তাচ্ছিল্য কৰাটো সুভাষে সহ্য কৰিব নোৱাৰি তাৰ প্ৰতিবাদ কৰিছিল- যাৰ ফলত কলেজখনৰ পৰা তেওঁ বহিষ্কৃত হ'বলগীয়া হৈছিল। এই সৰু ঘটনাটোৱে প্রতিফলিত কৰিছিল তেওঁৰ জাতীয় প্রেম। যুৱ সমাজৰ সমুখত তেওঁ প্রতিষ্ঠিত হৈছিল এজন নির্ভীক নেতাৰূপে।
 
প্ৰতিনিধিত্বমুলক ছবি
 
গণদেৱতাৰ পূজাৰী সুভাষ চন্দ্ৰৰ সমগ্র জীৱন অন্যায়, অসত্য, অসমতাৰ বিৰুদ্ধে আপোচহীন সংগ্ৰামৰ কাহিনীৰেই পৰিপূৰ্ণ। দেশমাতৃৰ সেৱাৰ বাবে নিজকে উচর্গিত কৰা সুভাষ চন্দ্ৰক সেয়ে আই চি এছৰ দৰে উচ্চ খাপৰ চাকৰিৰ মোহে বান্ধি ৰাখিব পৰা নাছিল। অসহযোগ আন্দোলন চলি থকা অৱস্থাত ১৯২১ চনৰ মাৰ্চ মাহত দেশবন্ধু চিত্তৰঞ্জন দাসক এখন চিঠি লিখি সুভাষচন্দ্রই দেশমাতৃৰ সেৱাত নিজকে নিয়োজিত কৰাৰ ইচ্ছা ব্যক্ত কৰিলে। দেশবন্ধুৱে এই তৰুণ নেতাগৰাকীক সাদৰে আদৰি ল'লে। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিল সুভাষ। 
 
১৯৩১ চনত কলিকতা কর্পোৰেচনৰ মেয়ৰ হৈ থকা অৱস্থাতে সুভাষ বসুৱে যোগ দিলে কংগ্রেছৰ আইন অমান্য আন্দোলনত। ফলত ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনলৈ নামি আহিল এক নতুন উচাহৰ জোৱাৰ। ১৯৩৯ চন ভাৰতীয় জাতীয় জীৱনৰ বাবে এক চৰম সন্ধিক্ষণ। বিশ্বৰ প্রান্তে প্রান্তে ৰণশিঙা বাজি উঠাৰ সম্ভাৱনাই সকলোকে চিন্তিত কৰি তুলিছে। এই মহাযুদ্ধৰ আভাস নেতাজীয়ে বহু পূর্বেই লাভ কৰিছিল।
 
সেয়ে কংগ্ৰেছৰ নেতৃত্বক তেওঁ আপোচকামী মনোভাব পৰিত্যাগ কৰি আন্দোলনৰ বাট ল'বলৈ আহ্বান জনায়। ত্ৰিপুৰী কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁ ইংৰাজসকলক ভাৰতবৰ্ষ এৰি যাবলৈ চৰমপত্ৰ দিবলৈ প্ৰস্তাৱ দাঙি ধৰে। তেওঁ কংগ্ৰেছৰ এই অধিৱেশনত এই কথাও স্পষ্ট কৰি দিয়ে যে দ্বিতীয় মহাযুদ্ধ চলি থকা অৱস্থাতে ব্রিটিছক ভাৰতৰ পৰা খেদাৰ সকলো ব্যৱস্থা হাতত ল'ব লাগিব। কিন্তু কংগ্ৰেছৰ আপোচকামী নেতৃত্বই তেওঁৰ এই প্ৰস্তাৱত সঁহাৰি নিদিলে। কিন্তু নেতাজীৰ এই প্ৰস্তাৱকে ভাৰতীয় জাতীয় কংগ্রেছে পলমকৈ হ'লেও মানি ল'বলৈ বাধ্য হ'ল। ১৯৪২ চনত গান্ধীজীয়ে ভাৰত ত্যাগ প্রস্তাৱ গ্রহণৰ জৰিয়তে নেতাজীৰ প্রস্তাৱকে গ্রহণ কৰিলে। এই কথাই প্রমাণ কৰে যে নেতা হিচাপে  গান্ধীতকৈ নেতাজীহে অধিক দূৰদৃষ্টিসম্পন্ন আছিল। 
 
প্ৰতিনিধিত্বমুলক ছবি
 
কংগ্রেছে 'ভাৰত ত্যাগ' প্রস্তাৱ গ্রহণ কৰাৰ সময়ত কিন্তু সুভাষ চন্দ্ৰ ভাৰতৰ পৰা বহু নিলগত। ১৯৪১ চনৰ ২৩ জানুৱাৰীত দেশমাতৃৰ মুক্তিৰ বাবে নতুন পথ বিচাৰি তেওঁ যাত্রা কৰিছিল বিদেশলৈ। ব্রিটিছ প্ৰহৰীৰ দুচকুত ধূলি দি কলিকতাৰ পৰা সুভাষ পাইছিলগৈ কাবুল। কিন্তু তাতোকৈ বিস্ময়কৰ ঘটনা হ'ল- তেওঁৰ বার্লিন যাত্রা, ইউৰোপত আজাদ হিন্দ ফৌজ গঠন আৰু ঈপ্সিত লক্ষ্যত উপনীত হ'বৰ সম্ভাৱনা নেদেখি ভাৰত মহাসাগৰেৰে মালয়ত প্ৰৱেশ কৰি এক শক্তিশালী ভাৰতীয় সেনাবাহিনী গঠন কৰি মাতৃভূমিৰ পৰাধীনতাৰ শিকলি ছিঙি পেলাবৰ বাবে ব্রিটিছ সাম্রাজ্যবাদৰ বিপক্ষে সংগ্রাম পৰিচালনা কৰাটো। 
 
তেওঁৰ নেতৃত্বত গঠিত আজাদ হিন্দ ফৌজে ভাৰত মাতৃক মুক্ত কৰিব পৰা নাছিল, কিন্তু এই ফৌজৰ গঠন আৰু কোহিমালৈকে এই বাহিনী অগ্ৰসৰ হোৱাই ভাৰতবৰ্ষত ব্রিটিছ সাম্রাজ্যবাদৰ অৱসানৰ সূচনা কৰিছিল। আজাদ হিন্দ ফৌজৰ আন্দোলন আৰু সংগ্ৰামৰ বাতৰিয়ে ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ মানুহকে জগাই তুলিছিল। যুৱ সমাজে মৃত্যুভয়কো তুচ্ছ কৰি ব্রিটিছ শাসক গোষ্ঠীক শেষ আঘাত হানিবলৈ আগুৱাই আহিছিল। সমগ্ৰ ভাৰতবৰ্ষতে এক বৈপ্লবিক অভ্যুত্থানৰ ক্ষেত্র প্রস্তুত হৈছিল। বোম্বাই আৰু কৰাচীৰ নৌ-বিদ্রোহ, কলিকতাৰ ছাত্ৰসকলৰ ধৰ্মঘট- এই সকলো  ঘটনা আজাদ হিন্দ আন্দোলনৰ প্ৰতিক্রিয়া হিচাপেও দেখা দিছিল। 
 
ব্রিটিছ ভাৰতৰ সেনা বাহিনীৰ মাজত প্রথমবাৰৰ বাবে বিদ্রোহে গা কৰি উঠিল, দিল্লীৰ লালকিল্লাত আজাদ হিন্দ ফৌজৰ বীৰ সেনানীসকলৰ বিচাৰে সমগ্ৰ ভাৰতবৰ্ষতে প্রচণ্ড বিক্ষোভৰ জন্ম দিলে। ফলত ইংৰাজ শাসকসকল বিচলিত হৈ পৰিল আৰু আজাদ হিন্দ ফৌজৰ সেনানীসকলক মুক্তি দিবলৈ বাধ্য হ'ল। আজাদ হিন্দ ফৌজৰ আক্ৰমণ, নৌ-বিদ্রোহ আৰু ১৯৪২ চনৰ গণ আন্দোলনৰ ফলত অৱশেষত ইংৰাজসকলে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষৰ শাসন ক্ষমতা হস্তান্তৰ কৰিবলৈ বাধ্য হ'ল।
 
নেতাজী সুভাষ চন্দ্র বসুৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
 
পৰাধীন দেশমাতৃক স্বাধীন কৰি এখন শ্রেণীহীন, শোষণহীন সমাজ প্রতিষ্ঠা কৰাৰ সপোন দেখিছিল নেতাজীয়ে। সমাজবাদী আদর্শত বিশ্বাসী সুভাষ চন্দ্রই দেশৰ স্বাধীনতা আন্দোলনৰ সময়তো আপোচকামী ধনিক শ্ৰেণীৰ নেতৃত্বৰ বিপক্ষে সংগ্ৰামত অৱতীর্ণ হ'বলগীয়া হৈছিল। ফলত কংগ্ৰেছৰ পৰা তেওঁ বিতাড়িত হ'বলগীয়া হৈছিল। আনকি মহাত্মা গান্ধীয়েও সুভাষ চন্দ্র বসুক তেওঁৰ সমাজবাদী ধ্যান-ধাৰণাৰ বাবেই সভাপতিৰ আসনত বহুৱাব খোজা নাছিল। ত্রিপুৰী কংগ্রেছৰ সভাপতি হিচাপে মহাত্মা গান্ধীয়ে ড° সীতাৰামাইয়া নির্বাচিত হোৱাটো বিচাৰিছিল। কিডবাই, নাৰীম্যান, খাৰে, মাছানী, মেহেৰ আলীকে আদি কৰি কংগ্রেছৰ প্রগতিশীল, সমাজবাদী আদর্শত বিশ্বাসী নেতৃবৃন্দৰ সমর্থনৰ বাবেহে নেতাজী কংগ্রেছৰ সভাপতি হিচাপে নির্বাচিত হ'বলৈ সক্ষম হৈছিল।নেতাজীয়ে স্পষ্টভাৱেই কৈছিল, 'আপোনালোকে জনা উচিত- আমাৰ ঈপ্সিত লক্ষ্য দুটা। প্রথমটো হ'ল- ৰাজনৈতিক স্বাধীনতা। এয়া এক জাতীয় বিপ্লৱ। দ্বিতীয়টো হ'ল ন্যায়সন্মত এক নতুন সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰা। এয়া হ'ল সমাজ বিপ্লৱ।'
 
স্বাধীনতা সাম্রাজ্যবাদবিৰোধী শক্তিক একলগ কৰি তেওঁ ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল- এখন সম্পূর্ণ আধুনিক, সমাজতান্ত্রিক ৰাষ্ট্র। দেশৰ অর্থনৈতিক পুনর্গঠনৰ বাবে নেতাজীয়ে গুৰুত্ব দিছিল- শিল্প উৎপাদনৰ ওপৰত। উৎপাদন আৰু বণ্টনৰ সামাজিকীকৰণ, দেশৰ সকলো নাগৰিককে সম অধিকাৰ প্ৰদান কৰা, ধৰ্মৰ নামত কোনোধৰণৰ বৈষম্যক প্রশ্রয় নিদিয়া, ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ জনগণৰ বাবে ভাষিক আৰু সাংস্কৃতিক স্বাধীনতা প্রদানৰ পোষকতাও সুভাষ চন্দ্রই কৰিছিল। তেওঁৰ সপোনৰ ভাৰতবৰ্ষত তেওঁ বিচাৰিছিল সমতা আৰু সামাজিক ন্যায়ৰ নীতি প্রতিষ্ঠা কৰাটো। 
 
নেতাজী জাত-পাত, ধৰ্ম-ভাষাৰ নামত চলা সকলোধৰণৰ বিভাজনৰে সম্পূৰ্ণৰূপে বিৰোধী আছিল। তেওঁ আছিল এজন প্রকৃত মানৱতাবাদী। হিন্দু, মুছলমান, শিখ, বৌদ্ধ আদি সকলো ধৰ্মৰ লোককে তেওঁ সমদৃষ্টিৰে চাইছিল আৰু তেওঁৰ এই দৃষ্টিভংগীয়ে সমগ্র আজাদ হিন্দ ফৌজকে অনুপ্রাণিত কৰিছিল। আজাদ হিন্দ ফৌজত ধর্মগত বা সাম্প্রদায়িক বিদ্বেষৰ কোনো স্থান নাছিল। কিন্তু প্রত্যেকৰেই নিজ নিজ ধর্মমত অনুযায়ী উপাসনা কৰাৰ অধিকাৰ আছিল তেওঁ তেওঁৰ সৈনিকসকলক স্পষ্টভাৱে এই কথা বুজাই দিছিল যে তেওঁলোক সকলোৱে একে ভাৰত মাতৃৰে সন্তান। গতিকে তেওঁলোকৰ মাজত কোনোধৰণৰ পার্থক্য থকা উচিত নহয়।
 
প্ৰতিনিধিত্বমুলক ছবি
 
নেতাজীয়ে তেওঁৰ অনুগামীসকলক এই কথা বুজাই দিছিল যে নিজৰ শাসন-শোষণ ৰাখিবৰ বাবে ভাৰতীয়সকলৰ মাজত ধর্মীয় বা সাম্প্রদায়িক বিদ্বেষ বিদেশীসকলেহে বিয়পাই দিছে। নেতাজীৰ শ্ৰেষ্ঠ অনুগামীসকলৰ কেইবাজনো আছিল মুছলমান জার্মানীৰ পৰা টকিঅ'লৈ ছাবমেৰিনেৰে কৰা তেওঁৰ বিপদসংকুল যাত্রাপথত একমাত্র সংগী আছিল আবিদ হোছেইন নামৰ এজন যুৱক। আজাদ হিন্দ ফৌজে যুদ্ধক্ষেত্ৰত শত্রুৰ সন্মুখীন হওঁতে তেওঁৰ দুয়োজন ডিভিজনেল কামাণ্ডাৱেই আছিল মুছলমান- এম জেদ কিয়ানি আৰু শ্বাহনাবাজ খান। ১৯৪৫ চনত শেষবাৰৰ বাবে তেওঁ যেতিয়া টকিঅ' লৈ যাত্রা কৰে, তেতিয়াও তেওঁৰ একমাত্র সংগী আছিল কর্ণেল হবিবুৰ ৰহমান নামৰ মুছলমান লোক এজন। 
 
হিন্দু-মুছলমান উভয় ধৰ্মৰ লোকৰ মাজতে নেতাজীৰ আছিল অতুলনীয় জনপ্রিয়তা হাবিব বোলা ৰেংগুনৰ ব্যৱসায়ী এজনে নেতাজীৰ ডিঙিৰ মালাধাৰিৰ বিনিময়ত আজাদ হিন্দ ফৌজক তেওঁৰ সকলো সম্পত্তি দান কৰি দিছিল- যাৰ মূল্য আছিল প্রায় এক কোটি টকা। নেতাজীয়ে মানুহ হিচাপেহে মানুহক সন্মান কৰিছিল, মানুহৰ ধৰ্ম বা ভাষাৰ ওপৰত নিৰ্ভৰ কৰি নহয়। সহজ কথাত ক'বলৈ গ'লে নেতাজী আছিল সম্পূৰ্ণৰূপে সাম্প্রদায়িকতাবিৰোধী।
 
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পিচতো নেতাজীৰ সপোনৰ শ্রেণীহীন, শোষণমুক্ত সমাজখন প্রতিষ্ঠিত নহ'ল। ধনী-দুখীয়াৰ মাজৰ পাৰ্থক্য বাঢ়ি গ'ল। দৰিদ্ৰ জনগণৰ পৰিবৰ্তে চৰকাৰবোৰে মুষ্টিমেয় পুঁজিবাদীৰ স্বাৰ্থ ৰক্ষা কৰাতহে মনোনিবেশ কৰিলে। ৰাজনৈতিক স্বাধীনতা লাভ কৰিলেও অর্থনৈতিক স্বাধীনতা অবিহনে ভাৰতবাসীৰ বাবে এই স্বাধীনতা মূল্যহীন হৈ পৰিছে বুলিয়েই ক'ব পাৰি সম্প্রতি দেশৰ শাসক গোষ্ঠীয়ে মুক্তভাৱেই সাম্প্রদায়িকতা, ধর্মান্ধতাৰ বেহা চলাই গৈছে বুলি অভিযোগ উত্থাপন হৈছে। সংখ্যালঘুসকলক পদে পদে হেয় কৰাৰো অনেক নজিৰ সাম্প্রতিক কালৰ ভাৰতবৰ্ষত পোৱা গৈছে। এনে দুর্দিনত নেতাজীৰ আদর্শ আমাৰ পাথেয় হ'ব পাবে
 
(লেখক এগৰাকী কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক)