অসমীয়া সমাজত দুৰ্গোৎসৱৰ অনুভৱ

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
বাবুল দাস 

বিদ্যালয়ত পঢ়ি থকাৰ সময়ত আমাৰ বিদ্যালয়ৰ ছাৰ, বাইদেউহঁতে আমাক দুৰ্গা পূজাৰ বন্ধত ঘৰতে দুর্গা পূজাৰ বিষয়ে একোখনকৈ ৰচনা লিখি আনিবলৈ দিছিল। দুর্গা পূজা শেষ হ'ল আৰু লগে লগে আমাৰ বিদ্যালয়ো খুলিলে। আমাৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে দুর্গা পূজাৰ বিষয়ে লিখি অনা ৰচনাবোৰ ছাৰ, বাইদেউহঁতক দেখুৱাইছিলো।  
 
মই দুৰ্গা পূজাৰ বিষয়ে ৰচনাখন লিখি থাকোতে মোৰ মনত দুৰ্গা পূজাত দেউতাই কিনি দিয়া ৰং-বিৰঙৰ নতুন কাপোৰযোৰা পিন্ধি জেলেপি খাই পেঁপা-বাঁহী বজাই নাচি-বাগি আনন্দ মনেৰে ঘূৰি ফুৰা কথাবোৰ মনলৈ আহিবলৈ ধৰিলে। দেউতাই কিনি দিয়া নতুন কাপোৰযোৰ কাক যে নেদেখুৱালো, এইবোৰ কথা ভাবি ভাবি পঢ়া টেবুলতেই মই আনন্দত আত্মহাৰা হৈ পৰিছিলো। 
 
সাঁচি থোৱা ধনেৰে দুৰ্গা পূজা চোৱাৰ কি যে মজা মনে মনে উপলব্ধি কৰিলো। সেই সময়ত আলহী, ইষ্ট-কুটুম্ব, মামা-মামী আৰু দেউতা-মায়ে চকলেট খাবলৈ হাতত গুঁজি দিয়া দুই-এপইচা ম‍ই সদায় আমাৰ ঘৰৰ বাঁহৰ খুঁটাৰ কাণত ভৰাই সাঁচি ৰাখিছিলো আৰু সেই পইচাৰে দূৰ্গা পূজা উপভোগ কৰিছিলো। 


ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰ দীপ আহমেদে (বাওঁফালে) পূজাৰ পেণ্ডেল নিৰ্মাণ কাৰ্য্যত ব্যস্ত
 
ঘৰৰ খুঁটাৰ কানত সাঁচি ৰখা পইচা উলিয়াই দূর্গা পূজা চোৱাৰ কি যে মজা আজিৰ ল'ৰাহঁতে সেইবোৰ বুজিকেই নাপাব। আজিকালি কংক্ৰিটৰ ঘৰ-দুৱাৰ হ'ল, থ'বলৈও ঠাই নাই, গতিকে মা, দেউতা, মামা- মামীহঁতে দিয়া পইচাবোৰ ম'বাইলৰ ৰিচাৰ্জ ভৰাই আম্বানিহঁতক দিয়াৰ বাহিৰে আন কথা বুজিকে নাপায়। 
 
দিন-কাল সলনি হ'ল। আমি দুর্গা পূজা চাবলৈ তিনি-চাৰি কিঃ মিঃ বাটকুৰি বাই যাব লাগিছিল। গাড়ী-মটৰৰো তেনেই সুবিধা নাছিল। আমাৰ চুবুৰিৰ ডাঙৰ মানুহৰ লগত বা মা-দেউতা, দাদা-খুৰীহঁতৰ লগত লগ হৈ পূজা চাবলৈ গৈছিলো। সেই সময়ত আমাৰ অঞ্চলত দুর্গা পূজা ৰাজহুৱাকৈ পতা হোৱা নাছিল। দূৰ-দূৰণিত ৰাজহুৱা পূজা পতা হৈছিল, যদিও আমি ভালকৈ গম পোৱা নাছিলো। সেইবাবে আমাৰ ওচৰতে থকা বৰুৱাহঁতৰ পূজাখনকেই আমি চাবলৈ গৈছিলো।   
 
সেই সময়ত ধনী, আঢ্যৱন্ত আৰু ৰজাঘৰৰ আশীৰ্বাদপুষ্ট লোকসকলেহে দুর্গা পূজা কৰিছিল। আধ্যাত্মিক ভাব-ভাবনা আৰু ভক্তিৰসৰ মাজেৰে দুৰ্গা পূজা উদ্‌যাপন কৰি তেখেতসকলে আভিজাত্য আৰু ক্ষমতা প্রকাশ কৰিছিল। ওচৰ-চুবুৰীয়া ভক্তিপ্ৰাণ লোকসকলেও দুর্গা পূজাৰ দিনকেইটা আনন্দ আৰু উলহ মালহেৰে পাৰ কৰিছিল। বৰ্তমানৰ দৰে তাহানি কালত দূৰ্গা পূজাত কোনো ধৰণৰ ব্যয়বহুলতা, আলোকসজ্জা আৰু যান্ত্রিকতা নাছিল। 
 
সাধাৰণ বিজুলী পোহৰ, চাকি-বন্তি আৰু নাম প্রসংগ, ওজাপালি, ঢুলীয়া, পুতলা নাচ, এম. হুছেইনৰ যাদু আৰু ৰাতিৰ ভাগত মুকলি মঞ্চত যাত্রাপার্টিৰ বলিষ্ঠ অভিনয়ে ৰাইজৰ সমাদৰ লভিবলৈ সক্ষম হৈছিল। ভাগ্যদেৱী থিয়েটাৰ, মুগকুছি মিলন নাট্য সমিতি, হাজো নাট্য সন্মিলনৰ হৰেন পালোৱানৰ কালাপাহাৰ নাটকে সেই সময়ত ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰা দেখা গৈছিল। সুৰদেৱী, ভাগ্যদেৱী, নটৰাজ থিয়েটাৰ আৰু অন্যান্য নাট্য দলবোৰেও দুৰ্গা পূজাৰ সময়ত আমাৰ এই অঞ্চলত টিকটৰ ব্যৱস্থাৰ মাজেৰে নাট্য প্রদর্শন কৰিছিল। 
 
প্ৰতিনিধিত্বমূলক ফটো
 
দুৰ্গা পূজাৰ গোটেই দিনবোৰত আমাৰ এই অঞ্চলৰ ডেকা, বুঢ়া, বোৱাৰী-জীয়াৰী আৰু ভক্তিপ্ৰাণ লোকসকলে একেখনি পূজাথলীত মিলিত হৈ মা দুৰ্গা দেৱীৰ চৰণত ভক্তিৰে প্ৰাৰ্থনা জনাইছিল। আমাৰ চুবুৰিৰ কাষতে থকা খলিফা ছাদুল্লা ককায়ে দুর্গা পূজাত জেলেপি খাবলৈ আঠ অনা পইচা দিয়া মোৰ আজিও মনত আছে। আমাৰ ককা আৰু আইতাহঁতে ছাদুল্লা ককাক পৰিয়ালৰ এজন হিচাপে ধৰি লৈছিল। তেওঁ মুছলমান হ'লেও সেই সময়ত আমাৰ মানুহৰ মাজত ধর্মীয় সহিষ্ণুতা, মিলা-প্রীতি বিদ্যমান আছিল। 
 
ইজনে সিজনক ভাল পাইছিল, বিপদে-আপদে সহায়-সহযোগিতা আগবঢ়াইছিল। শ্রদ্ধা-ভক্তি বিদ্যমান আছিল। খলিফা ছাদুল্লা ককা কেইদিনমান আমাৰ ঘৰলৈ নাহিলেই আইতাই কোৱা শুনিছিলো— 'ছাদুল্লা নহা কাৰণে আমাৰ চোতালখন আন্ধাৰ পৰি আছে। সেই সময়ত মানুহৰ মাজত জীৱনগাথা কিমান মৰমিয়াল আছিল আইতাহঁতে কোৱা এই কথাফাঁকিৰ পৰাই বুজিব পাৰি। দুৰ্গা পূজা উপলক্ষে তেতিয়াৰ পুৰণি কামৰূপ জিলাত গাভৰু ছোৱালীবোৰে চুবুৰিয়ে চুবুৰিয়ে দেৱীআইৰ 'পূজা' অনুষ্ঠিত কৰা দেখা গৈছিল।
 
ৰঙা-নীলা কাগজেৰে দেৱীআইৰ থাপনা পাতি আনন্দ-উলাহেৰে গীত-মাত গাই দেৱী বন্দনা কৰি দশমী পূজাৰ দিনা 'দেৱী আইক' কান্দি-কাটি ভক্তি ৰসেৰে বিদায় দিয়াৰ সেই মাংগলিক দৃশ্য আজিও মনত ভাহি আছে। বর্তমান দুৰ্গা পূজা অত্যন্ত ব্যয়বহুলকৈ পতা হয়। মা দুর্গাদেৱীক কাৰিকৰী প্রযুক্তিবিদ্যা খটুৱাই আটকধুনীয়াকৈ সজাই-পৰাই তোলাৰ লগতে পূজা মঞ্চ আৰু বাট-পথ আলোকসজ্জিত কৰি গাঁৱে-ভূঞে, চহৰে-নগৰে অতিকে জকমকীয়া আৰু উলহ-মালহেৰে উদ্‌যাপন কৰা দেখা যায়। 
 
গুৱাহাটী মহানগৰীতো ৪০০তকৈও অধিক দুর্গা পূজা প্রতি বছৰে অনুষ্ঠিত হৈ আহিছে। শাৰদীয় দুর্গা পূজা হিন্দুসকলৰ এক ধৰ্মীয় সংস্কৃতি যদিও দুর্গা পূজা উপলক্ষে সকলো জাতি-ধৰ্মৰ লোকেই এই ধর্মীয় অনুষ্ঠানত অংশগ্রহণ কৰি দান-বৰঙণি দি সকলো দিশতেই সহায়-সহযোগ আগবঢ়াই আহিছে। দুর্গা পূজা আজি হিন্দুসকলৰ এক আধ্যাত্মিকতা আৰু দেৱী বন্দনাৰেই এক অনুষ্ঠান হৈ থকা নাই। নানা জাতি-ধৰ্মৰ মাজত গঢ়ি উঠা এক সম্প্রীতি-সম্ভাৱৰ ছুনামি। দুর্গা পূজা আজি এক সভ্যতা, সংস্কৃতি আৰু মানৱতাৰ উৎসৱ। উখল-মাখল মানুহৰ টৌ, এক শাৰদীয় দুর্গা উৎসৱত পৰিণত হৈছে। 
 
(লেখক এগৰাকী ব্যৱসায়ী তথা সমাজকৰ্মী)