মে' দিৱসৰ প্ৰাঙ্গিকতা

Story by  Pulin Deka | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
  পুলিন ডেকা
 
কৃষক, শ্রমিকৰ শ্ৰমৰ আধাৰত বিকশিত হৈ আহিছে প্ৰতিটো সভ্যতাৰ ৰূপৰেখা। শ্ৰমিকৰ কেঁচা ঘামেৰে সিক্ত ঔদ্যোগিকৰণৰ বিকাশৰ ধাৰাটোৱে আজি পৰিৱৰ্তিত ৰূপত আহি আধুনিক সভ্যতাৰ ভেটি নিৰ্মাণ হৈ উঠিছে। কিন্তু উন্নয়নৰ অন্যতম এক শক্তি শ্ৰমিকসকলৰ মৰ্যাদা, প্ৰাপ্য অধিকাৰৰ দাবীত বিশ্বৰ ভিন্ন প্ৰান্তত হোৱা বিপ্লৱৰ এক স্বনিৰূপিত ৰূপেই হৈছে মে' দিৱস। 
 
কৃষি ক্ষেত্ৰৰ পৰা ঔদ্যোগিক ক্ষেত্ৰলৈ ব্যাপ্ত শ্ৰমৰ সৈতে সাধাৰণ মানুহৰ কৰ্ম জড়িত হৈ আহিছে। মানৱ ইতিহাসত শ্ৰমৰ বিষয়টো ওতঃপ্রোতভাৱে জড়িত। ঔদ্যোগিক এক বাতাবৰণ সূচনা হোৱাৰ পূৰ্বে কৃষি আৰু ব্যৱসায়ৰ সৈতে শ্ৰমিকৰ যোগসূত্ৰই কৰ্ম বিভাজনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। জমিদাৰ শ্ৰেণীয়ে নিজস্ব লাভৰ দৃষ্টিৰে শ্ৰমিক শ্ৰেণীৰ সৃষ্টি কৰি তেওঁলোকৰ কৰ্ম পদ্ধতিক গতিশীলতা প্ৰদান কৰিলেও উপযুক্ত মর্যাদা, প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই জমিদাৰ শ্ৰেণীৰ শোষণে শ্ৰমিকসকলক ক্ষুব্ধ কৰিছিল যদিও সংগঠিত হোৱাৰ কোনো উপায় নাছিল। চৰম দাৰিদ্ৰতা আৰু এক বেদনাহত মন লৈ তেওঁলোকে ক্ষোভ প্রশমিত কৰিছিল। ইয়াৰ কোনো বিকল্প পথ মুকলি হৈ থকা নাছিল। আনহাতে ঔদ্যোগিকৰণে বিকাশ আৰু বিশ্ব অর্থনীতিলৈ অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰে। ইয়াৰ লগে লগে আন এক নেতিবাচক দিশো প্ৰকট হৈ উঠে। উদ্যোগ ক্ষেত্ৰৰ বাবে শ্ৰমিকৰ প্রয়োজনীয়তা পুঁজিপতিসকলৰ বাবে অপৰিহাৰ্য হৈ পৰিছিল। কিন্তু ইয়াৰ সৈতে জড়িত শ্ৰমিকসকলৰ নাছিল কোনো স্বাধীনতা, মত প্ৰকাশৰ অধিকাৰ, আৰ্থিক নিৰাপত্তা। 
 
এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল। আনকি বহু ক্ষেত্ৰত শ্ৰমিকসকলে চৈধ্যৰ পৰা বিশ ঘন্টালৈ কাম কৰিবলগীয়া হৈছিল। এই শ্রমিকসকলে সকলো যন্ত্ৰণা নিৰৱে সহ্য কৰি গৈছিল। লাহে লাহে এই শ্ৰমিকসকলে নিজৰ যন্ত্ৰণা, কল- কাৰখানৰ মালিকৰ আতিশয্যৰ পৰা মুক্তিৰ বাবে বিদ্ৰোহৰ মানসিকতা গঢ়ি তোলে।
 
ওঠৰ শতিকাত বৃটেইনত উদ্যোগ গঢ়ি উঠাৰ পিছত শ্ৰমিকৰ সমস্যাটো প্ৰকট হৈ পৰিছিল। পৰৱৰ্তী পৰ্যায়ত ইউৰোপত ঔদ্যোগিকৰণে ব্যাপকতা লাভ কৰাৰ পিছত শ্ৰম আৰু শ্ৰমিকৰ মাজত ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হয়। শ্রমিকৰ ক্ষোভৰ বৰ্হিপ্রকাশ ঘটাৰ লগে লগে এক যৌথ প্ৰতিবাদৰ
ধাৰা সূচনা হয়। ১৮২০ চনৰ পৰাই আমেৰিকাৰ বিভিন্ন কল-কাৰখানত কাম কৰা শ্ৰমিকে নিজৰ কৰ্ম সময় আঠ ঘন্টালৈ হ্ৰাস কৰাৰ দাবীত ধৰ্মঘটৰ সূচনা কৰিছিল। লাহে লাহে ইউৰোপৰ বিভিন্ন দেশত শ্রমিক আন্দোলনৰ সূচনা হয়। 
 
ওঠৰ শতিকাৰ শ্ৰমিক আন্দোলনৰ এক দৃশ্য
 
কালমার্ক্স, ফ্রেড্‌ৰিক এঙ্গলছ্‌ আদিৰ ভাবধাৰা আৰু আদৰ্শই শ্ৰমিকসকলক উদ্বুদ্ধ কৰি তুলিছিল। শ্ৰমিকৰ আন্দোলনে আন্তর্জাতিক স্বৰূপ লাভ কৰিছিল। ১৮৬৪ চনত পৃথিৱীৰ বহুদেশৰ প্ৰতিনিধিয়ে সমবেত হৈ আন্তর্জাতিক শ্রমিক সংস্থা গঠন কৰে। আমেৰিকাৰ বিভিন্ন সংগঠনে সুকীয়াভাৱে এই আন্দোলনত জড়িত হৈ আছিল, যদিও আন্তর্জাতিক শ্রমিক সংস্থাই তেওঁলোকক অনুপ্রাণিত কৰে আৰু একেখন মঞ্চত সমবেত হৈ শ্রমিক আন্দোলনক নতুন মাত্রা দিয়ে। 
 
কামৰ সময় আঠ ঘন্টালৈ সীমিত কৰাৰ দাবীত তীব্র আন্দোলন গঢ়ি তোলে। ১৮৮৬ চনৰ ১ মে'ৰ দিনা আমেৰিকাৰ চিকাগো চহৰৰ শ্ৰমিকসকলে কল-কাৰখান ত্যাগ কৰি চিকাগোত সমবেত হয়। চৰকাৰ আৰু মালিকসকলে মিলিত শক্তিৰে এই প্ৰতিবাদীসকলৰ প্ৰতিহত কৰে। বহু প্ৰতিবাদকাৰী আহত হয়। এই ঘটনাই সমগ্ৰ দেশৰ শ্রমিকসকলক ঐক্যবদ্ধ কৰি তোলে। তিনি মে'ৰ দিনা 'মেক্‌ কমিক ৰিপেয়াৰ' কাৰখানাৰ শ্ৰমিকসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰে। শ্ৰমিকসকলৰ দমন কৰিবলৈ গুলীচালনা কৰে আৰু ছয় জন শ্রমিকৰ মৃত্যু হয়। 
 
ইয়াৰ প্ৰতিবাদ ৪ মে' তাৰিখে চিকাগোৰ হে' মার্কেট স্কোৱাৰত বিৰাট প্ৰতিবাদী সভা অনুষ্ঠিত হয়। আৰক্ষীয়ে প্ৰতিবাদীসকলক ছত্রভঙ্গী কৰিবলৈ গুলী চালনা কৰাৰ ফলত প্ৰতিবাদকাৰীসকল অধিক ক্ষুব্ধ হৈ পৰে। তেওঁলোকেও আৰক্ষীৰ বিৰুদ্ধে প্রতি আক্রমণ চলায়। গুলী চালনাৰ ফলত চাৰিজন শ্রমিক মৃত্যু হোৱাৰ লগতে বহু সংখ্যক শ্রমিক আহত হয়। 
 
যিসকলে প্রতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিছিল, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰ অধিক কঠোৰ হৈ পৰে। আন্দোলনৰ নেতাসকলক গ্ৰেপ্তাৰ কৰে। সাতজন নেতাক বিনা বিচাৰে ফাঁচী কাঠত ওলোমোৱা হয়। এই ঘটনা কেৱল আমেৰিকাতে সীমাবদ্ধ হৈ নাথাকিল। সমগ্র বিশ্বৰে শ্ৰমিকসকল জাগৰিত হৈ উঠিল । ১৮৮৯ চনৰ ১৪ জুলাইত ফ্রেডেৰিক এঙ্গেলছ্‌ৰ নেতৃত্বত পেৰিছত আন্তর্জাতিক শ্রমিক সন্মিলন অনুষ্ঠিত হয়। ১ মে'ৰ দিনটো আন্তর্জাতিক বিক্ষোভ প্ৰদৰ্শনৰ স্মৃতি দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
১৮৯১ চনত ব্ৰুচেলছত অনুষ্ঠিত আন্তর্জাতিক শ্রমিক সন্মিলনত শ্ৰমিকৰ কৰ্মসময় আঠ ঘন্টা কৰাৰ সিদ্ধান্ত লোৱা হয়। তেতিয়াৰে পৰা ১ মে'ৰ দিনটো শ্রমিক সংহতিৰ দিৱস হিচাপে পালন কৰা হৈ আহিছে। ১৯১৮ চনত ছোভিয়েট ৰুছিয়াত বহু দেশৰ প্ৰতিনিধিৰ উপস্থিতিত প্ৰথমবাৰৰ বাবে আন্তর্জাতিকভাৱে মে' দিৱস পালন কৰা হয়। ১৯৮২ চনত বিশ্বৰ ১৩৮ খন দেশৰ ২৭ কোটি শ্রমিক প্রতিনিধি মিলিত হৈ বিশ্ব ট্রেড ইউনিয়ন কংগ্ৰেছ অনুষ্ঠিত কৰে। 
 
ৰাষ্ট্ৰৰ উন্নয়ন বিকাশৰ শক্তি হিচাপে শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত হোৱাটো নিতান্তই প্রয়োজন। দীৰ্ঘ সময় ধৰি শোষণ লাঞ্চনাৰ বলি হৈ তেওঁলোকৰ মাজত গা কৰি উঠা মানসিকতা আঁতৰ কৰিব নোৱাৰিলে কোনো দেশে উন্নয়নক ত্বৰান্বিত কৰিব নোৱাৰে। শ্ৰমিকৰ কৰ্মশক্তি, কর্মপ্ৰেৰণাৰ ওপৰত শিল্পোন্নয়ন নিৰ্ভৰ কৰে। আজিও বিভিন্ন ৰূপেৰে শ্ৰমিকসকল শোষিত হৈ আহিছে। চৰকাৰে শ্ৰমিকৰ কল্যাণৰ বাবে পদক্ষেপ লৈছে। বিভিন্ন সুবিধা প্ৰদান কৰিছে। কিন্তু ঔদ্যোগিক গোটসমূহে শ্ৰমিকৰ কল্যাণত গুৰুত্ব প্ৰদান নকৰিলে তেওঁলোকৰ আৰ্থ-সামাজিক বিকাশ সম্ভৱ হৈ নুঠে। 
 
শ্রমিকসকলে এখন ৰাষ্ট্ৰৰ উন্নয়নত যোগোৱা অৰিহণাসমূহ অনুধাৱন কৰাটো আজিৰ সময়ৰ আহ্বান হৈ পৰিছে। অকল উন্নত দেশতে নহয়, উন্নয়নশীল দেশসমূহত ঔদ্যোগিকৰণে ত্বৰান্বিত গতি লাভ কৰিছে। তথাপি চৰকাৰে শ্ৰমিকৰ বাবে প্ৰণয়ন কৰা আইন ভংগ কৰাৰ প্ৰৱণতা বাঢ়িছে। ব্যৱসায়-বাণিজ্য আৰু উদ্যোগ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে নিজস্ব মুনাফা লাভৰ বাবে শ্ৰমিকৰ অধিকাৰ খৰ্ব কৰিব বিচাৰে। শ্ৰমিকৰ প্রতি উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকৰ কৰ্মশক্তি বৃদ্ধি কৰিব পৰা নাযাব। শ্রমিক দিৱসৰ জৰিয়তে সকলো শ্রমিক ঐক্যবদ্ধ হৈ ৰাষ্ট্ৰৰ উন্নয়নৰ শক্তিশালী অংশীদাৰ হ'বলৈ প্ৰয়াস কৰিব লাগিব।
 
(লেখক এজন তথ্য আৰু জনসম্পৰ্ক, অসম, বিভাগৰ উপ সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ জনসম্পৰক্ষী কোষৰ সৈতে সংলগ্ন)