বহুত্ববাদী সমাজৰ সমস্যাৰ সমাধান সূত্ৰ-শান্তিপূৰ্ণ সহাৱস্থান

Story by  atv | Posted by  Munni Begum • 1 Years ago
বহুত্ববাদী সমাজৰ প্ৰতিনিধিত্বমুলক ফটো
বহুত্ববাদী সমাজৰ প্ৰতিনিধিত্বমুলক ফটো
 
  পল্লব ভট্টাচাৰ্য্য
 
বহুত্ববাদী সমাজে বিভিন্ন ধৰ্ম, সংস্কৃতি, ভাষা আৰু পৰম্পৰাক গ্ৰহণ আৰু সন্মান কৰা এক বৈচিত্ৰময় সম্প্ৰদায়ক বুজায়। আনহাতে, বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় পদ্ধতিসমূহ কালক্ৰমত একত্ৰিত আৰু প্ৰভাৱিত হোৱাৰ ফলত এক অনন্য মিশ্ৰণৰ সৃষ্টি হৈ এক সংহত সংস্কৃতিৰ সৃষ্টি হয়। এই দুয়োটা ধাৰণাই এখন সমাজৰ ভিতৰত বিভিন্ন গোটৰ মাজত সমন্বয়, পাৰস্পৰিক বুজাবুজি আৰু সহাৱস্থানক প্ৰসাৰিত কৰে।

 

বহুত্ববাদী সমাজ আৰু সমন্বয় সংস্কৃতিৰ গুণঃ

 
সাংস্কৃতিক বৈচিত্ৰ্য: বহুত্ববাদী সমাজে সাংস্কৃতিক বৈচিত্ৰ্যক সংঘাতৰ উৎসৰ পৰিৱৰ্তে শক্তি হিচাপে আঁকোৱালি লয়। ই বিভিন্ন সাংস্কৃতিক অভিব্যক্তি, ভাষা আৰু পৰম্পৰাৰ মূল্যক স্বীকৃতি দিয়ে, ইয়াৰ ফলস্বৰূপে অন্তৰ্ভুক্তি আৰু বুজাবুজিৰ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়।
 
সমন্বয়মুখী ভাৰতবৰ্ষৰ প্ৰতিনিধিত্বমূলক ছবি
 
আন্তঃধৰ্মীয় সম্প্ৰীতি: বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজত আলোচনা, পাৰস্পৰিক সন্মান, আৰু সহযোগিতাক উৎসাহিত কৰি এখন বহুত্ববাদী সমাজে আন্তঃধৰ্মীয় সম্প্ৰীতিৰ প্ৰসাৰ ঘটায়। ই বহুধাবিভক্ত সম্প্ৰদায়ৰ মাজত মূল্যবোধ আৰু মানৱতাৰ বিস্তাৰ ঘটায়। 
 
সামাজিক সংহতি: বহুত্ববাদক আকোঁৱালি লৈ সমাজবোৰে বিভিন্ন পটভূমিৰ ব্যক্তিৰ মাজত সামাজিক সংহতি আৰু নিজৰ বুলি ভবাৰ ভাৱ গঢ়ি তুলিব পাৰে। ই বৈচিত্ৰময় সম্প্ৰদায়ৰ একত্ৰীকৰণক উৎসাহিত কৰে, যাৰ ফলত অধিক সুসংগত আৰু সংযুক্ত সমাজ গঠন প্ৰক্ৰিয়াৰ সূত্ৰপাত ঘটে।
 
শান্তিপূৰ্ণ সহাৱস্থান: বহুত্ববাদী সমাজসমূহে সহনশীলতা, গ্ৰহণযোগ্যতা আৰু সহানুভূতিৰ পোষকতা কৰি শান্তিপূৰ্ণ সহাৱস্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে ব্যক্তিসকলক ইজনে সিজনৰ পাৰ্থক্যৰ শলাগ ল’বলৈ আৰু শিকিবলৈ উৎসাহিত কৰে, যাৰ ফলত অধিক শান্তিপূৰ্ণ আৰু ন্যায়পৰায়ণ সমাজৰ সৃষ্টি হয়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ভাৰতবৰ্ষ বহুত্ববাদী সমাজ আৰু সংহত সংস্কৃতিৰ ইতিহাস দীৰ্ঘদিন ধৰি থকা দেশৰ এক উদাহৰণ। ইয়াৰ বিশাল জনসংখ্যা, বৈচিত্ৰময় ধৰ্ম (যেনে হিন্দু ধৰ্ম, ইছলাম, খ্ৰীষ্টান ধৰ্ম, শিখ ধৰ্ম, বৌদ্ধ ধৰ্ম, আৰু অন্যান্য), অসংখ্য ভাষা, আৰু বৈচিত্ৰময় পৰম্পৰাৰ সৈতে ই সাংস্কৃতিক বিনিময় আৰু পাৰস্পৰিক প্ৰভাৱৰ এক সমৃদ্ধ পৰম্পৰাক লালন-পালন কৰিছে। 
 
ইতিহাসৰ পাতত ভাৰত বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ সহাৱস্থান আৰু সমন্বয় পৰম্পৰাৰ উত্থানৰ সাক্ষী হৈ আহিছে। উদাহৰণস্বৰূপে ইছলাম আৰু হিন্দু ধৰ্মৰ উপাদানৰ সংমিশ্ৰণৰ নিদৰ্শন চুফী আৰু ভক্তি আন্দোলনত বিদ্যমান; ঠিক সেইদৰে মন্দিৰ আৰু মছজিদৰ সংমিশ্ৰিত স্থাপত্য শৈলীৰ পৰস্পৰৰ ওপৰত দৃষ্টিনন্দন প্ৰভাৱ সংহত সংস্কৃতিক ইতিহাসৰ এক জ্বলন্ত নিদৰ্শন। দীপাৱলী, ঈদ, খ্ৰীষ্টমাছ, বৈশাখীৰ দৰে উৎসৱৰ কিছুদিনৰ আগৰ সমূহীয়া উদযাপনৰ বিভিন্ন গোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। বিখ্যাত 'গংগা-যমুনা তেহজীবʼ এই অনন্য সংমিশ্ৰিত উচ্চ-সংস্কৃতিৰ প্ৰকাশ।  
 
যদি আমি ৰাষ্ট্ৰসংঘক লক্ষ্য কৰো তেন্তে ই বহুত্ববাদ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ মূল্যবোধক প্ৰসাৰিত আৰু ৰক্ষা কৰে। সংগঠনটোৰ বিভিন্ন মানৱ অধিকাৰ নিৰ্দেশনা, যিকোনো গুৰুতৰ গোলকীয় সমস্যাৰ ক্ষেত্ৰত আলোচনা আৰু ব্যস্ততাৰ অনুশীলন, শিক্ষা আৰু সজাগতাৰ ওপৰত নিৰ্দেশনা, বৈষম্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ইয়াৰ প্ৰচেষ্টা হৈছে বহুত্ববাদী সংস্কৃতিক উৎসাহিত কৰাৰ সুস্পষ্ট সাক্ষ্য। 
 
মণিপুৰ সংঘৰ্ষৰ প্ৰতিনিধিত্বমূলক ছবি
 
যদি আমি ২৭ খন সদস্য ৰাষ্ট্ৰৰে গঠিত ইউৰোপীয় ইউনিয়নৰ সাংস্কৃতিক আৰু সামাজিক বাতাবৰণৰ পৰ্য্যবেক্ষন কৰোঁ তেতিয়া ইয়াৰ সাংস্কৃতিক ঐতিহ্যৰ সমৃদ্ধিক সন্মান কৰা প্ৰবৃত্তি আৰু উদযাপন কৰা বৈচিত্ৰময় আৰু সমন্বয়মুখী সমাজ এখনক লালন-পালন কৰাৰ প্ৰচেষ্টা স্পষ্টভাৱে দৃষ্টি গোচৰ হয়।
 
বহুত্ববাদী প্ৰচেষ্টাৰ আন এটা উদাহৰণ মোজাম্বিকৰ ইছমাইলী সম্প্ৰদায়। এই সম্প্ৰদায় আগা খানৰ আধ্যাত্মিক নেতৃত্বৰ দ্বাৰা পৰিচালিত হয়। এই সম্প্ৰদায়টোৱে কলা আৰু সংস্কৃতিৰ সৈতে ইয়াৰ সম্পৰ্ক, কলাত্মক অভিব্যক্তি, সাংস্কৃতিক সংৰক্ষণ, আৰু আন্তঃসাংস্কৃতিক সংলাপ আৰু ঐতিহাসিক আৰু স্থাপত্য ঐতিহ্যৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ কেন্দ্ৰ হিচাপে কাম কৰা সাংস্কৃতিক কেন্দ্ৰ আৰু প্ৰতিষ্ঠান স্থাপনৰ জৰিয়তে মোজাম্বিকত জীৱনৰ মানদণ্ড উন্নত কৰাত অৰিহণা যোগায়। ইছমাইলী সম্প্ৰদায়ে বহুত্ববাদী মানসিকতা প্ৰতিপালন আৰু জীৱনৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্বকো স্বীকাৰ কৰে। আগা খান ডেভেলপমেণ্ট নেটৱৰ্কৰ জৰিয়তে ভাৰতকে ধৰি বিভিন্ন দেশৰ পৰা অহা আৰু মোজাম্বিকৰ সংখ্যালঘু সম্প্ৰদায়ৰ এই সম্প্ৰদায়টোৱে সকলো পটভূমিৰ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদান কৰা শিক্ষানুষ্ঠান স্থাপন কৰিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
বিখ্যাত লেখক টনি জোচেফে তেওঁৰ মনোগ্ৰাহী কিতাপ “Early Indians-The story of our ancestors and where we came from”ত এনেধৰণেৰে মুকলি কৰিছিল : “The story of our ancestors, the early Indians, who came from Africa, west Asia, east Asia and central Asia and made this land theirs over the last 65,000 years.”। এনে  এক প্ৰেক্ষাপটত উপমহাদেশখনৰ পথ প্ৰদৰ্শক নীতি অতিজৰে পৰা, বৰ্তমান আৰু ভৱিষ্যতেও 'অনৈক্যৰ মাজত ঐক্যʼ হোৱাতো সমীচিন। ২০০০ চনৰ ইউনেস্কোৰ প্ৰকাশন “সাংস্কৃতিক বৈচিত্ৰ্য, সংঘাত আৰু বহুত্ববাদ”ৰ ৰচনাত প্ৰখ্যাত নৃত্যশিল্পী মল্লিকা সাৰাভাইৰ বক্তব্য উল্লেখযোগ্য: “To the majority of people (when we talk about India) across the world it conjures up an image of one culture, one people: ‘Indian’ dance, ‘Indian’ music, ‘Indian’ food. Before considering cultural interaction with other countries, it is vital, and surprising to many, to understand that India is itself a vast pluriculture. Having 20% of the world’s population does not translate into one homogeneous culture. Aryan, Dravidian and Sino-Tibetan peoples, speaking twenty-two languages and some nine hundred dialects, have a diversity of behaviour-patterns, dress, cooking, story-telling, singing and dancing that is unimaginably extensive. To be Indian is already to be culturally diverse.”
 
প্ৰতিনিধিত্বমূলক ছবি
 
এনেধৰণৰ ব্যাপক বৈচিত্ৰ্যতা বিৰাজমান হ'লেও শান্তিপূৰ্ণ সহাৱস্থান সম্ভৱ। ইয়াৰ বাবে সৰ্বপ্ৰথম প্ৰয়োজন হʼল সকলো গোষ্ঠীৰ নাগৰিক সমাজৰ বিভিন্ন কথোপকথনত সক্ৰিয় অংশগ্ৰহণ। শাসক গোষ্ঠীয়ে বিভিন্ন বৰ্গৰ মাজত আলাপ-আলোচনা কৰিবলৈ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিকভাৱে সহায় কৰাতো এই সংকটপূৰ্ণ অৱস্থাত অতিকৈ বাঞ্চনীয়। এবাৰ আলাপ-আলোচনা আৰম্ভ হোৱাৰ লগে লগে জনগোষ্ঠীসমূহৰ নিজৰ মাজৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব। অৱশ্যে দুয়ো সম্প্ৰদায়ৰ বিশ্বাসযোগ্য ব্যক্তি (যেনে মনিপুৰৰ বাবে কুকি-মেইটেয়ীসকলৰ শ্ৰদ্ধাস্পদ ব্যক্তি ৰতন থিয়াম বা কুৰি শতিকাৰ হাইপো জাদনাং) নাগৰিক সমাজত অন্তৰ্ভুক্তি। শাসকীয় চৰকাৰেও বিভিন্ন অৰ্থনৈতিক, ৰাজনৈতিক আৰু অন্যান্য ব্যৱস্থাৰ জৰিয়তে বিভিন্ন গোটৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীলতা অনিবাৰ্য কৰি তুলিব লগিব।  
 
ৰাজনৈতিক লাভালাভৰ উৰ্দ্ধত এনেধৰণৰ পদক্ষেপে ওপৰত আলোচনা কৰা পৃথিৱীৰ বিভিন্ন দেশত সফলভাৱে ৰূপায়িত হোৱা বৈচিত্ৰতাৰ মাজত শান্তিপূৰ্ণ সহাৱস্থান মণিপুৰৰ সম্প্ৰতিৰ ভয়াৱহ পৰিস্থিতিৰ লগতে সময়ে সময়ে উত্তৰ-পূবত ভূমুকি মৰা সীমান্তৰ সমস্যা আদিৰ নিৰাময়ৰ সমাধান সূত্ৰ হʼব পাৰে।
 
(লেখক অসম আৰক্ষীৰ প্ৰাক্তন বিশেষ সঞ্চালক প্ৰধান আৰু অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ)