দিলীপ কুমাৰ ভট্টাচাৰ্য
ধর্ম আৰু বিজ্ঞান উভয়ৰে লক্ষ্য মানৱ কল্যাণ। শান্তি, সমৃদ্ধি আৰু বিশ্ব-ভাতৃত্ব উভয়ৰে উদ্দেশ্য। ধৰ্ম আৰু বিজ্ঞান পৰস্পৰবিৰোধী নহয়, পৰিপূৰকহে। কিন্তু বহু ক্ষেত্রত দেখা যায়, অজ্ঞতাৰ বাবেই হওক বা অদূৰদৰ্শিতাৰ বাবেই হওক বা ন্যস্তস্বাৰ্থৰ বাবেই হওক, ধৰ্মক সংকীর্ণতাৰ গণ্ডীত আৱদ্ধ কৰি পেলোৱা হয় আৰু সেইদৰে বিজ্ঞানকো ধ্বংসকার্যত ব্যৱহাৰ কৰা হয়।
দ্বিতীয় মহাযুদ্ধত বিজ্ঞান আৱিষ্কৃত পাৰমাণৱিক বোমাই জাপানৰ দুখন চহৰ হিৰোছিমা আৰু নাগাচাকিক ধ্বংসস্তূপত পৰিণত কৰিলে। এতিয়াও তেনে মানসিকতাৰ অৱসান ঘটা নাই। ৰাছিয়া-ইউক্রেইন যুদ্ধ, ইজৰাইল-পেলেষ্টাইন যুদ্ধ আদিয়ে তাকেই সূচায়। সেইদৰে ধৰ্মৰ নামত উন্মাদনা সৃষ্টি কৰি এটা সম্প্ৰদায়ৰ বিৰুদ্ধে আন এটা সম্প্রদায়ক উচটাই মৰামৰি, কটা-কটিৰে পৰিমণ্ডল বিষাক্ত কৰি তোলাটো কোনো নতুন কথা নহয়। মহামানৱ মহাত্মা গান্ধীৰ জন্মস্থান গুজৰাটত ঘটা ঘটনাৰ কথা মানুহৰ মনৰ পৰা মচ খোৱা নাই।
আচলতে বিজ্ঞান পৰিচালনাৰ দায়িত্ব যেনেকৈ বিজ্ঞানীৰ হাতৰ পৰা অর্থনৈতিকভাৱে অতি চহকী দেশসমূহৰ হাতলৈ গুচি গৈছে, সেইদৰে ধৰ্ম পৰিচালনাৰ দায়িত্বও কেন্দ্রীভূত হৈছে শাসক কিম্বা শোষক শ্ৰেণীৰ হাতত। এই কথা সত্য যে বিজ্ঞানৰ ন ন আৱিষ্কাৰ আৰু উদ্ভাৱনসমূহে মানুহৰ জীৱন যাত্ৰাক সহজ কৰি তুলিছে। শিক্ষা, স্বাস্থ্য, কৃষি, শিল্প বাণিজ্য, যাতায়াত, যোগাযোগ সকলো ক্ষেত্রলৈ অভূতপূর্ব পৰিবৰ্তন আনিছে।
প্ৰতিনিধিত্বমূলক ছবি
মানুহৰ দৈনন্দিন জীৱন যাত্ৰাত প্রয়োজন হোৱা ক্ষুদ্ৰ সামগ্ৰীৰ পৰা বৃহৎ সামগ্রীলৈকে সকলোতে বিজ্ঞানৰ অৱদান অনস্বীকার্য। আচলতে আমাৰ প্রতিটো খোজতে বিজ্ঞান জড়িত হৈ পৰিছে। বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দ্রুত উন্নয়নে সমগ্র পৃথিৱীখনৰে দূৰত্ব হ্রাস কৰি আনিছে; পৃথিৱখনক এখন 'গ্ল'বেল ভিলেজ'ত পৰিণত কৰিছে। বিজ্ঞানৰ এই ন ন আবিষ্কাৰ আৰু উদ্ভাৱনসমূহ একেদিনাই হোৱা ঘটনা নহয়, যুগ যুগ ধৰি কৰি অহা ক্রমাগত সাধনাৰ ফলহে।
বিজ্ঞানী ড° অশোক বন্দোপাধ্যায়ৰ ভাষাত- 'বিজ্ঞানৰ জন্ম কেতিয়া হৈছিল কোনেও নাজানে। জনাৰ কথাও নহয়। কিয়নো বিজ্ঞান কোনো এটা বিশেষ দিনত ভূমিষ্ঠ হোৱা নাই। সেই গুহাবাসী বন-জংঘলত বিচৰণ কৰি ফুৰা মানুহৰ দিনৰ পৰাই মানুহৰ অদম্য অনুসন্ধিৎসা, প্রকৃতি-পর্যবক্ষণ আৰু ৰহস্য-মুক্তিৰ বাসনাই তিলে তিলে বিজ্ঞানৰ চেৰাশালি নিৰ্মাণ কৰিছিল।' এটা সময়ত মানুহে যেতিয়া বন্য জীৱন যাপন কৰিছিল, তেতিয়া তেওঁলোকে বনৰীয়া ফল-মূল, বনৰীয়া জন্তুৰ কেঁচা মঙহ খাই জীৱন নির্বাহ কৰিছিল। এই জীৱনযাত্রাই তেওঁলোকক শিকালে গুটিৰ পৰা গছ হোৱা কথাটো, শিলে শিলে ঘঁহনি খালে জুই ওলোৱা কথাটো। জুইৰ আৱিষ্কাৰ হ'ল, কেঁচা মঙহ জুইত পুৰি খাবলৈ লোৱা এনেদৰে অভাৱে আবিষ্কাৰ কৰি গ'ল।
প্রাকৃতিক পৰিঘটনাবোৰ বতাহ, বৰষুণ, ধুমুহা, গাজনি, দিন-ৰাতি এইবোৰৰ ব্যাখ্যা আৰু কাৰণ তেওঁলোকে নাজানিছিল; কিন্তু তেওঁলোকে জানিছিল এইবোৰৰ প্রয়োজনীয়তাৰ কথা। জীৱন ধাৰণৰ বাবে সৌৰশক্তিৰ যিদৰে আৱশ্যক, সেইদৰে আৱশ্যক জল, বৃক্ষ আদি সম্পদৰো। পৰিঘটনাবোৰৰ কাৰণ তেওঁলোকে নাজানিছিল বাবেই তেওঁলোকৰ মনত সৃষ্টি হৈছিল বিভিন্ন দেৱ-দেৱতাৰ...। এই দেৱ-দেৱতাক লৈ সৃষ্টি হোৱা কাহিনী, উপ-কাহিনীয়ে এটা সময়ত সমগ্র পৃথিৱীখনকে ছানি ধৰিছিল। বিশ্বাসতকৈ অন্ধবিশ্বাস, কুসংস্কাৰেহে প্রাধান্য বিস্তাৰ কৰিছিল।
দ্বিতীয় বিশ্বযুদ্ধৰ এক দৃশ্য
ধর্মীয় কুসংস্কাৰে মানুহৰ মন ইমানেই আচ্ছন্ন কৰি ৰাখিছিল যে ইউৰোপত ধর্মক লৈ ধর্মযুদ্ধও সংঘটিত হৈছিল। তাৰ মাজতো সংখ্যাত কম হ'লেও এচামে কথাবোৰ যুক্তিৰে বিশ্লেষণ কৰিবলৈ এৰা নাছিল। কপাৰনিকাছে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি যুক্তিৰে দেখুৱাই দিয়া সত্ত্বেও ধর্মযাজকসকলে সেই কথা মানিব খোজা নাছিল। যাৰ কাৰণে কপাৰনিকাছ তেওঁলোকৰ কোপদৃষ্টিত পৰিছিল। কপাৰনিকাছৰ দৰেই কেপলাৰ, গেলিলিঅ', নিউটন আদি বিজ্ঞানীসকলো ধর্মযাজকসকলৰ কোপদৃষ্টিৰ পৰা সাৰি যোৱা নাছিল।
আমাৰ ব্যক্তিগত আৰু সামাজিক আচৰণৰ লগত সম্পৃক্ত হৈ থকা বিহু বিশ্বাসত (যাক সচৰাচৰ ধর্মবিশ্বাস বুলি কোৱা হয়) আমাৰ অজানিতেই বৈজ্ঞানিক দৃষ্টিভংগী নিহিত হৈ থকা কথাটো নুই কৰিব নোৱাৰি। নামঘৰত দেউৰীয়ে মুখত গামোচা এখন বান্ধি মাহ-প্রসাদ বিলায়। দেউৰীৰ মুখৰ পৰা যাতে থু আদি ওলাই খাদ্য দ্রব্যত নপৰে তাৰ বাবেই এই ব্যৱস্থা। কাৰণ আমি জানো, থুৱে ৰোগৰ বীজাণু বিয়পায়। আগেয়ে ইয়াৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াব নোৱাৰি 'নাপায়' শব্দ এটাৰেই সামৰি থোৱা হৈছিল। আৰু বহু 'নাপায়'ৰ লগত এনে দৃষ্টিভংগী জড়িত হৈ আছে। যেনে- গা নোধোৱাকৈ ভাত খাব নাপায়, মজিয়া নমচাকৈ ভাত খাব নাপায়, পাকঘৰলৈ জোতা-চেণ্ডেল সুমুৱাব নাপায় ইত্যাদি। এইবোৰ বৈজ্ঞানিক ভিত্তি থকা স্বাস্থ্যসন্মত কথা।
এইখিনিতে ড° ভবেন্দ্র নাথ শইকীয়াৰ এষাৰ কথা মনলৈ আহিছে। 'বিজ্ঞান, যুক্তিবাদ আৰু সমাজ' গ্রন্থত তেওঁ লিখিছিল- 'মই নিজে পৰীক্ষা কৰি পাইছো যে এটা বস্তুত, এটা চিন্তাত গভীৰভাৱে মনটো লগাই ৰখাটো টান কাম। একমনে এটা মূৰ্তিৰ কথা ভাবি, সেই মূর্তিটোৱে মোক আশীর্বাদ দিছে, মোৰ মংগল কামনা কৰিছে- এই চিন্তাটো ষাঠি ছকেণ্ড সময়ো থিৰেৰে ভাবি থকাটো টান। এই যে মনটো concentrate কৰি নিজৰ মনক সহায় কৰা, নিজৰ মনলৈ শক্তি গোটোৱা- এই প্রক্রিয়াটো এটা বৈজ্ঞানিক প্রক্রিয়া।'
প্ৰতিনিধিত্বমূলক ছবি
নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শংকৰদেৱে ধৰ্মৰ জৰিয়তে বৃহৎ অসমীয়া সমাজ এখন সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছিল। খ্ৰীষ্টীয় পঞ্চম শতিকাৰ পৰা পঞ্চদশ শতিকাপর্যন্ত- যি সময়ত অনাচাৰ, অত্যাচাৰ, ব্যভিচাৰ, হত্যা, উগ্র-যৌনাচাৰ আৰু বৰ্বৰতাই সমাজখন গ্রাস কৰি পেলাইছিল, জাতি-ধর্ম-বর্ণ-ভাষাক লৈ চূড়ান্ত সংঘাত- সংঘর্ষ চলিছিল, সেই সময়তে জন্ম হৈছিল শংকৰদেৱৰ। ধৰ্মৰ জৰিয়তে শংকৰদেৱে সমাজখন নিয়ন্ত্ৰণ কৰিছিল।
শংকৰদেৱ প্ৰৱৰ্তিত ধর্মত গোড়ামি নাছিল, আছিল উদাৰতা। যাৰ বাবে তেওঁ নগাৰ নৰোত্তম, গাৰোৰ গোবিন্দ, মুছলমানৰ চান্দসাইকে ধৰি ভিন ভিন ধর্ম-সম্প্ৰদায়ৰ লোকক শিষ্যত্ব প্রদান কৰিছিল। অথচ এতিয়া শংকৰদেৱ- অনুগামীসকল নিজৰ মাজতে বহুধাবিভক্ত। 'কুকুৰ শৃগাল গর্দভৰো আত্মাৰাম' এতিয়া যেন উপলব্ধিৰ বাহিৰত। শংকৰদেৱ প্রৱর্তিত নতুন ধর্মক কেন্দ্র কৰি যি সাহিত্যৰ সৃষ্টি হ'ল, ভাৰতীয় ইতিহাসত তাৰ তুলনা নাই। শংকৰদেৱৰ নেতৃত্বত যি বৈষ্ণৱ সাহিত্য সৃষ্টি হ'ল, সেয়া অসমীয়া সাহিত্যৰ সঞ্জীৱনী সুধা।
বর্তমান আমাৰ সমাজত সামুহিক চিন্তাৰ অভাৱ পৰিলক্ষিত হৈছে। ভোগ-লালসাত মানুহ মত্ত হৈ পৰিছে। স্থুল চিন্তা-চর্চাই মানুহক কৰি তুলিছে আত্মকেন্দ্রিক। যাৰ কাৰণে সমাজত দুর্নীতি-অনিয়মৰ পয়োভৰ ঘটিছে। কবি- সমালোচক নলিনীধৰ ভট্টাচাৰ্যৰ ভাষাৰে কওঁ 'মানুহৰ উচ্চস্তৰৰ সত্তা এতিয়া সুপ্ত। ব্যৱহাৰিক সত্তা সক্রিয় আৰু সবল হৈ উঠিছে। তাৰ ওপৰত বিবেকৰ পূৰ্ণ নিয়ন্ত্রণ নাই। সাজে-পাৰে, ফোঁটে-লগুণে নমো নমো পাৰিজাত হৈ থাকিলেই ধর্ম পালন নহয়, ধর্ম এবিধ আদর্শ-নিষ্ঠা।
প্ৰতিনিধিত্বমূলক ছবি
প্রহ্লাদৰ বিষ্ণুভক্তিত আমি সেই নিষ্ঠাৰ উমান পাওঁ। সেই স্তৰটোতহে মানুহে বুজিব পাৰে ঈশ্বৰ সকলোতে আছে। এই উপলব্ধি নহ'লে কেৱল বাহ্যিক আচাৰ-নীতি পালন কৰিয়েই মানুহ ধার্মিক হ'ব নোৱাৰে।' ইয়াৰ পৰা এই কথা স্পষ্ট যে ধর্ম হ'ল এক সত্য। সেই সত্যৰ প্রতি আনুগত্য থাকিলে মানুহৰ মনৰ বিকাশ হয়, মানুহ বিবেকবান হয়। মানুহ বিবেকবান হ'লেহে সমাজখন শৃংখলিত হ'ব, সমাজৰ প্রগতি সম্ভৱ হ'ব। সেই অর্থতে আমাক ধৰ্মৰ প্রয়োজন। কিন্তু সেই ধর্ম জাত-পাতৰ চেতনা বঢ়োৱা ধর্ম নহয়, বিভেদ সৃষ্টি কৰা ধর্মও নহয়।
(লেখক এগৰাকী কবি, নিবন্ধকাৰ, শিশু-সাহিত্যিক। আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে এই লেখাটি পুনৰ প্ৰকাশ কৰা হৈছে)