আৱাজ-দ্য ভইচ অসম
বিভিন্ন ঘটনা-পৰিঘটনা, প্রাপ্তি-অপ্রাপ্তিৰ মাজেৰে আমাৰ মাজৰ পৰা কেইটামান ঘণ্টাৰ পিচতে বিদায় ল'ব ২০২৩ বর্ষই। আশা, সম্ভাৱনা আৰু নতুন সপোনৰ প্রতিশ্রুতিৰে আগমন ঘটিব ২০২৪ বৰ্ষৰ। এই বছৰটোতে বিশ্ব দৰবাৰত জিলিকি উঠিল অসম আৰু অসমীয়া। ক্রীড়া, সাহিত্য, সংস্কৃতি, শিক্ষা, কৃষি, চলচ্চিত্রকে ধৰি ভিন্ন ক্ষেত্রত অসমীয়াই দেখুৱালে নিজৰ শৌর্য-বীর্য।
বিদায়ৰ বাবে উন্মুখ হৈ থকা ২০২৩ বর্ষটোত পৃথিৱীৰ পৰা জোনবাইৰ বুকুলৈ অসমীয়াই উৰুৱালে সফলতাৰ বিজয় ধ্বজা। চলিত বছৰটোতে চন্দ্রযান-৩ৰ দৰে অভিযানত অসম সন্তানে নেতৃত্ব দি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে। দিন-ৰাতি একাকাৰ কৰি যিসকল বিজ্ঞানীয়ে যুগান্তকাৰী চন্দ্র অভিযান সফল কৰিলে, তাৰ মাজত থকা অসম সন্তানকেইগৰাকী হ'ল লখিমপুৰৰ চয়ন দত্ত, তিনিচুকীয়াৰ নিধি শর্মা, শিলচৰৰ ৰামনগৰৰ বাই বিশাল সিংহ, হাইলাকান্দিৰ ড" বাহাৰুল ইছলাম বৰভূঞা, জামুগুৰিহাটৰ উদ্দীপনা কলিতা, পংকজ নাথ আৰু ধেমাজিৰ অনুজ নন্দী।
অসমৰ বিজ্ঞানী নিধি শর্মা আৰু চয়ন দত্ত
চন্দ্রযান-৩ অভিযানৰ ভিন্ন ক্ষেত্ৰত স-গৌৰৱেৰে নেতৃত্ব দিলে অসমৰ এই সাতগৰাকী সু-সন্তানে। সূর্য অভিমুখে উৎক্ষেপণ কৰা আদিত্য এল-১ৰ সৈতেও জড়িত হৈ অসমলৈ সুনাম কঢ়িয়াই আনে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ঐশ্বনা শর্মাই।
২০২২ বর্ষটো অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ বাবেও অত্যন্ত গুৰুত্বপূর্ণ বছৰ হিচাপে বিবেচিত হৈছে। চলিত বছৰটোতে হেমাকোষৰ শিৰত জিলিকিল আন এক অক্ষয় কীর্তি। সংকটৰ মাজতো বিশ্বৰ দৰবাৰত প্রতিষ্ঠা হ'ল অসমীয়া ভাষা। ইতিহাস সৃষ্টি কৰি, দৃষ্টিহীনসকলৰ বাবে আশাৰ নতুন জ্যোতি হৈ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অমৰ সৃষ্টি হেমকোষে গঢ়িলে বিশ্ব ৰেকর্ড। বিশ্বৰ সর্ববৃহৎ দ্বি-ভাষিক ব্রেইল অভিধান হিচাপে হেমকোষে স্থান পালে গীনিজ বর্ল্ড ৰেকর্ডছত।
যোৱা ১ মে'ত গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত গীনিজ বুক অব ৱৰ্ল্ড ৰেকর্ডছত প্রতিনিধি ঋষি নাথে ব্রেইল সংস্কৰণৰ দৰে মহান কার্যৰ মূল হোতা তথা 'সাদিন-প্রতিদিন' গোষ্ঠীৰ অধ্যক্ষ তথা 'অসমীয়া প্রতিদিন'ৰ সম্পাদক জয়ন্ত বৰুৱাৰ হাতত অৰ্পণ কৰে বিশ্ব অভিলেখৰ স্বীকৃতিপত্র। গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত এক গাম্ভীৰ্যপূর্ণ অনুষ্ঠানত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য প্রতাপজ্যোতি সন্দিকৈ, বিশিষ্ট ভাষাবিদ বসন্ত কুমাৰ গোস্বামীকে ধৰি বহু বিশিষ্ট ব্যক্তি, দল- সংগঠনৰ উপস্থিতিত গীনিজ বুক অব বর্ল্ড ৰেকর্ড কর্তৃপক্ষই সাদিন-প্রতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্রমাণপত্র প্রদান কৰে।
অসমবাসীক পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে লাভলীনা বৰগোহাঁয়ে। নতুন দিল্লীত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা লাভলীনাই চেম্পিয়নৰ খিতাপ লাভ কৰি দেশ তথা অসমলৈ কঢ়িয়াই আনিলে বিৰল সন্মান। বৰপথাৰৰ জীয়ৰী লাভলীনাই কঠিন যুঁজৰ অন্তত অষ্ট্ৰেলিয়ান প্রতিদ্বন্দী কেটলীন পার্কাৰক ধৰাশায়ী কৰি বক্সিংৰ ক্ষেত্ৰখনত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিবলৈ সক্ষম হয়।
লাভলীনা বৰগোহাঁই
স্বর্ণপদক অর্জন কৰিব নোৱাৰিলেও লাভলীনাই এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰি দেশ তথা অসমলৈ সুখ্যাতি কঢ়িয়াই আনে। অকল লাভলীনাই নহয়, ক্রীড়া ক্ষেত্রত ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্রীয় পর্যায়ত আন বহুকেইগৰাকী প্রতিভাধৰ অসম সন্তান উজলি উঠিবলৈ সক্ষম হয়। চলিত বছৰটোতে দেশৰ প্রথম মহিলা প্রিমিয়াৰ লীগত অসম জীয়ৰী জিন্টিমণি কলিতাই মুম্বাই ইণ্ডিয়ানছ দলত স্থান লাভ কৰে। দহ লাখ টকা লাভেৰে মুম্বাই ইণ্ডিয়ানছৰ দৰে দলত এগৰাকী অসমীয়া জীয়ৰীয়ে স্থান লাভ কৰাটো নিশ্চিতভাৱে অসমৰ মহিলা ক্রিকেটৰ বাবে বৃহৎ সুখবৰ।
লক্ষণীয়ভাৱে জিন্টিমণিয়ে স্থান লাভ কৰা মুম্বাই ইণ্ডিয়ানছ দলটোৱে প্রতিযোগিতাত অসমৰ ক্রীড়া ক্ষেত্ৰখনলৈ সুখবৰ কঢ়িয়াই ভাৰতীয় মহিলা ক্রিকেট দলত স্থান লাভেৰে উমা চেত্রীয়ে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হয়। অসমৰ প্ৰথমগৰাকী ক্রিকেটাৰ হিচাপে বোকাখাতৰ উমাই ভাৰতৰ ছিনিয়ৰ দলত স্থান লাভ কৰি সকলোৰে বাবে সুখবৰ কঢ়িয়াই আনে।
চলিত বছৰটোতে মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত এছিয়ান লন বল চেম্পিয়নশ্বিপত অসমৰ নয়নমণি হাজৰিকা সদস্য হিচাপে থকা ভাৰতীয় দলটোৱে স্বর্ণপদক অর্জন কৰিবলৈ সক্ষম হয়। কোকৰাঝাৰৰ ধূলিয়ৰি বাটেৰে গৈ বিশ্বজয়ৰ সপোন দেখা অপূর্ণা নাৰ্জাৰীয়ে ভাৰতীয় মহিলা ফুটবল দলক নেতৃত্ব দি চমক দিবলৈ সক্ষম হয়। ভিয়েটনামত অনুষ্ঠিত বিশ বছৰ অনুর্ধ্ব এ এফ চি কোৱালিফায়িং ৰাউণ্ডত ভাগ লোৱা ভাৰতীয় মহিলা ফুটবল দলক নেতৃত্ব প্রদান কৰে অপূর্ণাই।
বিশ্ব প্রেক্ষাপটত অসমৰ হৃদয় হাজৰিকা পুনৰ এবাৰ জিলিকি উঠিবলৈ সক্ষম হয়। প্রতিভাবান শ্বুটাৰগৰাকীয়ে আই এছ এছ এফ শ্বুটিং প্রতিযোগিতাত হৃদয় হাজৰিকাই ৰূপৰ পদক লাভ কৰি অসমবাসীক গৌৰাৱান্বিত কৰে। হৃদয়ে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছতো সোণ লাভ কৰিবলৈ সক্ষম হয়।
দেশৰ এথলেটিকছ চার্কিটত দপদপনি অব্যাহত ৰাখি উজলি উঠে অম্লান বৰগোহাঁই। অসমৰ তাৰকা দৌৰবিদগৰাকীয়ে ৬২ সংখ্যক ৰাষ্ট্রীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত মীট ৰেকর্ড গঢ়ি স্বর্ণপদক লাভ কৰে। এছিয়া বেডমিন্টন প্রতিযোগিতাতো উজলি উঠে অসম সন্তান। চীনৰ চাংডুত ১৭ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ অনুষ্ঠিত এছিয়া বেডমিন্টন প্রতিযোগিতাত ১৫ বছৰ অনূর্ধ্বৰ শাখাত শিৱসাগৰৰ সন্তান বর্ণিল আকাশ চাংমাই জয়ী হ'বলৈ সক্ষম হয়। চীনৰ শক্তিশালী প্রতিদ্বন্দ্বীক হৰুৱাই বর্ণিলে স্বর্ণজয় কৰিবলৈ সক্ষম হয়।
উমা চেত্রী আৰু জিন্টিমণি কলিতা
ৰাষ্ট্রীয় প্রেক্ষাপটত পুনৰ এবাৰ সকলোৰে দৃষ্টি আকর্ষণ কৰে অসম সন্তান ৰিয়ান পৰাগে। বি চি চি আইৰ ঘৰুৱা চৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ত দুর্দান্ত প্রদর্শন কৰি ক্রিকেটাৰ ৰিয়ান পৰাগে ক্রমাগত ষষ্ঠ অর্ধশতক অর্জন কৰে। ইয়াৰ জৰিয়তে ৰিয়ানে প্রাক্তন ক্রিকেটাৰ বীৰেন্দৰ ছেহৱাগৰ ৰেকর্ড ভংগ কৰে। গোৱাত অনুষ্ঠিত ৰাষ্ট্রীয় ক্রীড়াতো ভাৰোত্তোলনত অসমৰ পপী হাজৰিকা, দিতিমণি সোনোৱালে স্বর্ণপদক, অসমৰ মহিলা আৰু পুৰুষ বেডমিন্টন দলে সোণ আৰু ব্রঞ্জৰ, অসমৰ পুৰুষৰ টেবুল টেনিছৰ দলে ব্ৰঞ্জৰ, মহিলা সাঁতোৰত শিৱাংগী শর্মাই ৰূপৰ পদক, টাইকোৱানডোত নির্মাণ ৰূপম কাশ্যপে ৰূপ, বক্সিংত অংকুশিতা বড়োৱে স্বর্ণপদক লাভ কৰে। এনেদৰে অসম আর্চাৰী দলটোৰে গোৱা ৰাষ্ট্রীয় ক্রীড়াত দেশৰ ভিতৰতে শ্রেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
গোৱা ৰাষ্ট্রীয় গেমছত অসমে চমকপ্রদ প্রদর্শন কৰি মুঠ ৫৬ টা পদকেৰে তালিকাত ১২ নম্বৰ স্থান লাভ কৰে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাঁহবাৰীৰ ফাতেমাবাদ চাহ বাগিচাৰ বাসিন্দা ভূমিকা সূত্রধৰে ভাৰতীয় ফুটবল দলত ১৯ বছৰ অনূর্ধ্ব শাখাত স্থান লাভ কৰি সুখবৰ কঢ়িয়াই আনে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দৌৰবিদ হিমা দাসে কেৰালাৰ তিৰুৱন্তপুৰমত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ ফ্ৰী-ৱান এথলেটিকছৰ দুশ মিটাৰ শাখাত স্বর্ণপদক লাভ কৰিবলৈ সক্ষম হয়। একেদৰে বেংগালুৰুৰ কান্তি ৰাভা ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় ইণ্ডিয়ান গ্রাঁ ফ্ৰী এথলেটিকছ প্রতিযোগিতাত অম্লান বৰগোহাঁয়ে দুটাকৈ স্বর্ণপদক আৰু মহিলাৰ দুশ মিটাৰ দৌৰত হিমা দাসে সোণৰ পদক লাভ কৰে।
১১.১০৪ গৰাকী বিহুৱা-বিহুৱতীয়ে বিহু নৃত্য পৰিবেশন কৰি বিশ্ব অভিলেখ গঢ়ে। একেদৰে লাচিত বৰফুকনক লৈ ২৪ লক্ষাধিক ৰচনা লিখাৰ ক্ষেত্ৰত অসম চৰকাৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। গীনিজ বুক অৱ বর্ল্ড ৰেকর্ডছ কর্তৃপক্ষই সর্বাধিক ৰচনাৰ বাবে অসম চৰকাৰক বিশ্ব অভিলেখৰ প্রমাণপত্র প্রদান কৰে। নিজৰ প্রজ্ঞা, সাধনাৰ বলত দেশৰ পৰিধি ভাঙি বিশ্ব প্রেক্ষাপটত গৌৰৱময় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যবাসীৰ বাবে সুখবৰ কঢ়িয়াই আমেৰিকাৰ ৰাষ্ট্রপতি জো বাইডেনৰ এক নতুন স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে ১১ এপ্রিলত শপত লয় অসম সন্তান ড° ৰূপম শর্মাই। ডাটা আধুনিকীকৰণ, কৃত্রিম বুদ্ধিমত্তা আৰু স্বাস্থ্য গৰেষণাৰ ওপৰত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত সেৱা আগবঢ়োৱা ২৫ বছৰীয়া অভিজ্ঞতা আৰু দক্ষতাৰ বাবেই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে ড° ৰূপম শর্মা নির্বাচিত হয়।
অকল পৃষ্ঠতে নহয়, পাহাৰৰ শিখৰতো অসমীয়াই বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয়। অসম সন্তান ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে যোৱা ২৫ মে'ত ৮.৫৮৬ মিটাৰ উচ্চতাৰ মাউন্ট কাঞ্চনজংঘা শৃংগ আৰোহণ কৰি ত্রিৰংগা পতাকা অসমীয়াৰ স্বাভিমান ফুলাম গামোচা উৰুৱাই সকলোকে গৌৰৱান্বিত কৰে। চলিত বছৰটোতে ফ্রান্সত ভ্ৰমণৰত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সন্মানার্থে দেশখনৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্র'নে আয়োজন কৰা নৈশভোজলৈ আমন্ত্রিত হয় অসমীয়া মহাকাশ বিজ্ঞানী প্রিয়ংকা দাস ৰাজকাকতি।
অম্লান বৰগোহাঁই
পেৰিছৰ ঐতিহ্যস্বৰূপ ল'ভ্ৰী যাদুঘৰত আয়োজন কৰা নৈশভোজলৈ আমন্ত্রিত মুঠ ২৫০ গৰাকী অতিথিৰ ভিতৰত অন্যতম আছিল প্রিয়ংকা। দেশৰ বেংকসেৱাতো অসমীয়া মহিলাই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। চলিত বছৰটোত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্রবন্ধক পদত অধিষ্ঠিত হয় অসমীয়া মহিলা সুৰঞ্জনা দত্ত। উক্ত পদত অধিষ্ঠিত হোৱা সুৰঞ্জনা দত্ত হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমগৰাকী মহিলা বিষয়া। ন্যায়পালিকাৰ ক্ষেত্ৰখনতো অসম সন্তানৰ গৌৰৱময় যাত্রা চলিত বছৰটোতো অব্যাহত থাকে।
অসম সন্তান তথা তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। ইগন'ৰ দৰে শিক্ষা প্রতিষ্ঠানৰ উপাচার্য পদত অধিষ্ঠিত হয় বিশিষ্ট শিক্ষাবিদ হিন্দী সাহিত্যৰ বিশিষ্ট আলোচক তথা বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ সদস্য ড° কিৰণ হাজৰিকা। অসমবাসীলৈ সুখবৰ কঢ়িয়াই দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ লাভজনক তৈল উদ্যোগ প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে নবৰত্বৰ পৰা মহাৰত্ন উদ্যোগলৈ উন্নীত হ'বলৈ সক্ষম হয়।
চলিত বছৰতে যোৰহাটত মুকলি হয় দেশৰ ভিতৰত প্রথম হাইড্র'জেন 'ফুৱেল চেল ই-বাছ'। অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত পেট্র'ল-ডিজেলৰ বিকল্প হিচাপে চলাব পৰা এখন অত্যাধুনিক হাইড্র'জেন 'ফুৱেল চেল ই-বাছ' যোৰহাটত পৰীক্ষামূলকভাৱে মুকলি কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ে অসমৰ চাহ গৱেষণা ক্ষেত্রলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনে। দীর্ঘদিনীয়া গৱেষণাৰ অন্তত বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে 'টি পাউডাৰ' প্রস্তুত প্রযুক্তি উদ্ভাৱন কৰি চাহ শিল্পৰ ক্ষেত্রত নতুনত্ব প্রয়াসী প্রক্রিয়াৰ সংযোজন ঘটাইছে।
চলিত বছৰটোত অসমৰ পর্যটন ক্ষেত্রৰ বাবেও আছিল সুখবৰ। বিশ্ব পর্যটন দিৱসৰ সৈতে সংগতি ৰাখি কেন্দ্রীয় পর্যটন মন্ত্র্যালয়ে অসমৰ গুপ্তকাশী বিশ্বনাথ ঘাটক দেশৰ শ্রেষ্ঠ পর্যটন গাঁৱৰ বঁটা প্রদান কৰে। মেছেজিং এপ নির্মাণেৰে বিশ্বত চমক সৃষ্টি কৰিলে ডিব্ৰুগড়ৰ যুৱক কিষাণ বাগাৰীয়াই। টেক্স ডট কম নামৰ মেছেজিং এপ নির্মাণ কৰি সমাদৃত হোৱা কিষাণৰ এই এপটি অট'মেটিক কোম্পানীয়ে ৫০ মিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় মূল্য অনুসৰি ৪১৬ কোটি টকাত ক্রয় কৰে।
সুৰঞ্জনা দত্ত
চলিত বছৰটোত বঁটা-বাহনোৰেও ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্রীয় পর্যায়ত উজলি উঠিল অসমীয়া। বিশিষ্ট অসমীয়া লেখক, কবি আৰু অনুবাদক আৰুণি কাশ্যপক আমেৰিকাৰ ৱাশ্বিংটন ডি চি চহৰত ২০২৩ বর্ষৰ নেচনেল এণ্ডাউমেন্ট ফৰ দা আর্টছ ফেল'শ্বিপ প্রদান কৰা হয়। দেশখনৰ নেচনেল এণ্ডাউমেন্ট ফৰ দা আর্টছ প্রতিষ্ঠানে প্রদান কৰা এই বঁটা লাভ কৰা আৰুণি কাশ্যপ হৈছে প্রথমগৰাকী অসমীয়া। অসমৰ তিনিগৰাকী ব্যক্তিয়ে এইবেলি পদ্মশ্রী বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। এই তিনিগৰাকী অসম সন্তান হৈছে- হেমপ্রভা চুতীয়া, হেমচন্দ্র গোস্বামী আৰু ৰামকুইৱাংবে জেনে।
অসম সন্তান তথা লেফটেনেন্ট জোনেৰেল ৰাণাপ্রতাপ কলিতাই পুনৰ এবাৰ অসমবাসীক গৌৰৱান্বিত কৰি পৰম বিশিষ্ট সেৱা পদক লাভ কৰিবলৈ সক্ষম হয়। একেদৰে মাদ্রাজ ৰেজিমেণ্টৰ কর্নেল হীৰেন বৰাই বিশিষ্ট সেৱা মেডেল, ৪২ নং ৰাষ্ট্ৰীয় ৰাইফলছৰ মেজৰ বিজয় বৈশ্য আৰু গাৰোৱাল ৰাইফলছৰ মেজৰ ভাস্কৰ বৰাই সাহসিকতাৰ বাবে সেনা মেডেল লাভ কৰে। নিজ কর্তব্য আৰু দায়িত্ব পালনৰ ক্ষেত্ৰত প্রদর্শন কৰা বিশেষ পাৰদৰ্শিতাৰ বাবে অসমৰ পোন্ধৰগৰাকী আৰক্ষী বিষয়াই ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে। নৌসেনাৰ পেৰেডৰ নেতৃত্ব দি অসম কন্যা প্রিয়ংকা শর্মাই ৰাজ্যলৈ গৌৰব কঢ়িয়াই আনে। গণৰাজ্য দিৱসৰ পেৰেডত ভাৰতীয় নৌ সেনাৰ টুকুৰিৰ লগতে বাহিনীটোৰ প্রতীকপটৰ নেতৃত্ব দিয়ে অসম কন্যা প্রিয়ংকা শর্মাই।
চলিত বছৰটোত অসমৰ পাঁচগৰাকী স্বনামধন্য ব্যক্তিয়ে সংগীত নাটক একাডেমী বঁটা লাভ কৰে। অংকীয়া ভাওনাৰ সংগীত আৰু পৰিচালনাৰ কাৰণে গুণীন্দ্র নাথ ওজা, লোক সংগীত নৃত্যৰ বাবে প্রসন্ন গগৈয়ে ২০২১ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা, সত্রীয়া নৃত্যৰ বাবে বন্ধুমণি শইকীয়া, নাট পৰিচালনাৰ বাবে অবিনাশ শর্মা আৰু অভিনয়ৰ বাবে প্রাঞ্জল শইকীয়াই ২০১৯ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা লাভ কৰে।
ৰাজ্যৰ পাঁচগৰাকী লেখক-লেখিকাই সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। অসমীয়া ভাষাত পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযান শীর্ষক শিশু উপন্যাসৰ বাবে ৰথীন্দ্র নাথ গোস্বামীয়ে সাহিত্য অকাডেমীৰ শিশু সাহিত্য পুৰস্কাৰ, বড়ো ভাষাত গছাইনি গৌজৌন নৌজৌৰি নামৰ চুটি গল্পৰ বাবে প্রতিমা নন্দী নাৰ্জাৰীয়ে সাহিত্য অকাডেমীৰ শিশু সাহিত্য পুৰস্কাৰ, মন মৰা তৰা শীর্ষক চুটি গল্প সংকলনৰ বাবে জিন্টু গীতার্থই সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ, বড়ো ভাষাত 'সম, জিও আৰো....' কাব্য সংকলনৰ বাবে মাইনাওশ্রী দৈমাৰী আৰু নেপালী ভাষাত 'ঘাত-প্রতিঘাত কা উদগাৰহৰু' কাব্যগ্রন্থৰ বাবে নেইনা অধিকাৰীয়ে সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছে।
লেফটেনেন্ট জোনেৰেল ৰাণাপ্রতাপ কলিতা
পদ্মশ্রী ডাঃ ৰবি কান্নানে পুনৰ এবাৰ অসমবাসীক গৌৰৱান্বিত কৰে। চলিত বছৰটোত দেশৰ বিশিষ্ট চিকিৎসক, কাছাৰ কেন্সাৰ হাস্পতাল আৰু গৱেষণা কেন্দ্রৰ পৰিচালক ডাঃ ৰবি কান্নানে ৰমন মেগছেছে বঁটা লাভ কৰে। কৃষি ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰৰ পুৰস্কাৰ লাভ কৰি ৰাজ্যখনক গৌৰৱান্বিত কৰে ধেমাজিৰ দুই কৃষক বিজয় পাম আৰু বলীন পাত্রই। অসমৰ শ্রেয়া ভট্টাচার্যই দেশৰ ৰাষ্ট্ৰপতিৰ পৰা চলিত বৰ্ষত গ্রহণ কৰে প্রধানমন্ত্রী ৰাষ্ট্রীয় শিশু পুৰস্কাৰ।
২৩ জানুৱাৰীত দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাষ্ট্রপতি দ্রৌপদী মূৰ্মূৱে এই পুৰস্কাৰ প্রদান কৰে। চলিত বছৰটোৰ শেষৰ ফালে আছিল আন এক ভাল খবৰ। অসমবাসীক আহ্লাদিত কৰি দেশৰ সাহিত্য ক্ষেত্ৰৰ শ্রেষ্ঠ সন্মান সাহিত্য অকাডেমী বঁটা লাভ কৰিলে অসমৰ তিনিগৰাকী সাহিত্যিকে। সাহিত্যিক ড° প্রণৱজ্যোতি ডেকা, ওদালগুৰিৰ বিশিষ্ট সাহিত্যিক নন্দেশ্বৰ দৈমাৰী আৰু নেপালী ভাষাৰ সাহিত্যিক যুদ্ধবীৰ ৰাণাই নিজ নিজ সাহিত্যৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
কলা-সংস্কৃতিৰ ক্ষেত্রখনতো স্ব-প্রতিভাৰে উজলি উঠে প্রতিভাধৰ অসমীয়া। বলিউডৰ ৬৮ সংখ্যক ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠানত দুটাকৈ বঁটা লাভ কৰি অভিলেখ গঢ়িলে অসমৰ সুমন অধিকাৰীয়ে। বৰপেটাৰ সন্তান সুমনে 'বধাই ডো' ছবিখনৰ বাবে যৌথভাৱে শ্রেষ্ঠ কাহিনী আৰু শ্রেষ্ঠ চিত্রনাট্যৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। আন্তর্জাতিক ভাৰতীয় চলচ্চিত্র একাডেমী বঁটা চমুকৈ আইফাৰ ২৩ সংখ্যক সংস্কৰণত জিলিকি উঠিল অসম সন্তান বলয় কুমাৰ দলৈ। দুই সহযোগীৰ সৈতে মিলি অসমীয়া ছাউণ্ড ইঞ্জিনীয়াজনে ছাউণ্ড মিক্সিঙত আঁজুৰি আনে আইফা সন্মান।
৬৯ সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্রতো ছটাকৈ সন্মান কঢ়িয়াই সৰ্বভাৰতীয় পর্যায়ত উজলি উঠে অসম। কাহিনী চিত্র শাখাত আঞ্চলিক ভাষাৰ শিতানত শ্রেষ্ঠ অসমীয়া ছবি হিচাপে ৰজত কমল বঁটা লাভ কৰিছে সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক অনুৰাধা শর্মা পূজাৰীৰ কাহিনীৰে নির্মিত তথা মঞ্জুলা বৰুৱা পৰিচালিত 'অণুৰ' কথাছবিয়ে। 'অণুৰ'ৰ অভিনেত্রী ডাঃ জাহানাৰা বেগমলৈ আগবঢ়োৱা হয় জুৰীৰ বিশেষ সম্মান।
আনহাতে ৰীমা বৰাৰ দ্বাৰা পৰিচালিত আৰু অসম চলচ্চিত্র উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা প্রযোজিত 'অনুনাদ-দা ৰিজ'নেল 'লৈ আগবঢ়োৱা হৈাছে সামাজিক বিষয়ৰ শ্রেষ্ঠ ছবিৰ শিতানত ৰাষ্ট্রীয় চলচ্চিত্র বঁটা। আঞ্চলিক ভাষাৰ শিতানত মিচিং ভাষাৰ শ্রেষ্ঠ ছবিৰ বঁটা লাভ কৰে বিশ্বজিৎ বৰাৰ 'বুম্বা ৰাইডে'। অকাহিনী শিতানত কৃপাল কলিতাৰ 'হাতীবন্ধু'ৰ বাবে কুলদা কুমাৰ ভট্টাচার্যলৈ আগবঢ়োৱা হয় শ্রেষ্ঠ ধাৰাভাষ্যকাৰৰ বঁটা। প্রণৱজ্যোতি ডেকাৰ তিৱা ভাষাৰ ছবি 'ফায়াৰ অন এজ'লৈ আগবঢ়োৱা হয় শ্রেষ্ঠ নৃতাত্ত্বিক বিষয়ৰ বঁটা। অসমবাসীৰ বাবে সুখবৰ কঢ়িয়াই এইবাৰ ৰাষ্ট্রীয় শিক্ষক বঁটা লাভ কৰে পাঠশালাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক কুমুদ কলিতাই।
ময়ূৰ হাজৰিকা
ৰাজ্যবাসীৰ প্রতি আগবঢ়োৱা উন্নয়নমূলক কামৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সচেঞ্জ ফেল'শ্বিপ লাভ কৰে। কেন্দ্রীয় লোকসেৱা আয়োগৰ দৰে কঠিন পৰীক্ষাত পঞ্চম স্থান দখলেৰে চমক দিয়ে ময়ূৰ হাজৰিকাই। ময়ূৰসহ অসমৰ সাতগৰাকী মেধাৱী সন্তানে চলিত বর্ষত কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীর্ণ হৈ ৰাজ্যলৈ গৌৰব কঢ়িয়াই আনে। এনেদৰে নিজস্ব প্রতিভা, সাধনাৰে ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্রীয় মঞ্চত অসমীয়াই দেখুৱালে নিজৰ শকতি। এইসকল অসমীয়াই পুনৰ এবাৰ গর্বিত কৰিলে সকলোকে।