হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ব্যাকৰণৰ ব্রেইল সংস্কৰণ

Story by  atv | Posted by  Munni Begum • 1 Years ago
অসমীয়া ব্যাকৰণৰ ব্রেইল সংস্কৰণ আৰু হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবি
অসমীয়া ব্যাকৰণৰ ব্রেইল সংস্কৰণ আৰু হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবি
 
অঞ্জু শাণ্ডিল্য
 
আজি দহ ডিচেম্বৰ। ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ জন্মদিন। এই দিনটোতেই অসমৰ প্রতিখন দৃষ্টিহীন বিদ্যালয়ত হেমচন্দ্র বৰুৱাৰ 'অসমীয়া ব্যাকৰণ'ৰ ব্রেইল সংস্কৰণ বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব। যিবোৰ বিশ্ববিদ্যালয়ত দৃষ্টিহীনৰ বাবে পাঠ্যক্রম আছে, সেইবোৰ বিশ্ববিদ্যালয়তো এই অমূল্য গ্রন্থখন দিয়া হ'ব। 
 
ইতিমধ্যে হেমকোষৰ ব্রেইল সংস্কৰণেৰে বিশ্ব অভিলেখ গড়া 'সাদিন-প্রতিদিন' গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই বিগত ১৫ নৱেম্বৰত কৈছিল যে 'অসমীয়া ব্যাকৰণৰ ব্ৰেইল সংস্কৰণ সম্পূর্ণ হৈ উঠিছে আৰু ১০ ডিচেম্বৰত হেমচন্দ্র বৰুৱাৰ জন্মদিনত এই ব্রেইল সংস্কৰণ মুকলি কৰা হ'ব। 
 
হেমকোষৰ ব্ৰেইল সংস্কৰণ উন্মোচন
 
১৮৩৬ৰ পৰা ১৮৭৩ চনলৈ অসমত চৰকাৰী ভাষাৰূপে কার্যালয়, শিক্ষানুষ্ঠান আদিত বাংলা ভাষাৰ প্রচলন আছিল। পাচত যেতিয়া ১৮৭৩ চনত অসমীয়া ভাষা পুনৰ প্রচলন হ'ল, তেতিয়া শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ পাঠ্যপুথিৰ অভাৱ হ'ল। এই অভাৱ দূৰ কবিবলৈ হেমচন্দ্র বৰুৱাই আদিপাঠ', 'পাঠমালা', 'অসমীয়া ল'ৰাৰ ব্যাকৰণ', 'অসমীয়া ব্যাকৰণ', 'পঢ়াশলীয়া ব্যাকৰণ' আদি ৰচনা কৰে। 
 
অসমীয়া ভাষাত পাঠ্যপুথি ৰচনা কৰা হেমচন্দ্র বৰুৱায়ো কিন্তু বাংলা ভাষাতে শিক্ষাগ্রহণ কৰিছিল। ১৮৩৫ চনত হেমচন্দ্র বৰুৱাৰ জন্ম হৈছিল আৰু ১৮৩৬ চনৰ পৰা অসমত বাংলা ভাষাৰ প্রচলন হৈছিল। বাংলা ভাষাত স্কুলত শিক্ষাগ্রহণ কৰা হেমচন্দ্র বৰুৱাই সংস্কৃত টোলত সংস্কৃত ভাষ্য অধ্যয়ন কৰিছিল। সেই সময়ত ইংৰাজী পঢ়িবলৈ সমাজে বাধা আৰোপ কৰাত লুকাই-চুৰকৈ ইংৰাজী ভাষাও শিকে। 
 
'হেমকোষ'ৰ ব্রেইল সংস্কৰণ মুকলিৰ এক দৃশ্য
 
তদুপৰি মাতৃভাষা অসমীয়াও আয়ত্ত কৰে। কম বয়সতেই তেওঁ চাৰিটা ভাষাত পাৰদৰ্শিতা লাভ কৰে। চাৰিটা ভাষা অধ্যয়ন কৰোতে কৰোতে ব্যাকৰণৰ জ্ঞানো আয়ত্ত কৰে। সেয়ে লিখিব পাৰিছিল 'অসমীয়া ল'ৰাৰ ব্যাকৰণ', 'অসমীয়া ব্যাকৰণ'। ব্যাকৰণৰ জ্ঞান অবিহনে অথবা ব্যাকৰণ বিধি নজনাকৈ ভাষা এটা আয়ত্ত কৰা কঠিন। আনহাতে হেমচন্দ্র বৰুৱাই আনুষ্ঠানিকভাৱে উচ্চ শিক্ষাও ল'ব পৰা নাছিল। কাৰণ সেই সময়ত উচ্চ শিক্ষা গ্রহণ কৰিবলৈ কলকাতালৈ যাব লাগিছিল। সৰুতেই পিতৃহাৰা হোৱা হেমচন্দ্র বৰুৱাই দদায়েকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল আৰু বিদ্যা-শিক্ষা আহৰণ কৰিছিল। সেইবাবেই হয়তো উচ্চ শিক্ষাৰ বাবে কলকাতালৈ যাব পৰা নাছিল। 
 
আনুষ্ঠানিকভাৱে উচ্চ শিক্ষাৰে শিক্ষিত নহ'লেও হেমচন্দ্র বৰুৱাই অক্ষয় কীর্তি সাধিলে 'হেমকোষ' ৰচনাৰে। পণ্ডিত হেমচন্দ্র গোস্বামীয়ে কৈছিল- 'হেমচন্দ্র বৰুৱাই হেমকোষ অভিধান আৰু অসমীয়া ভাষাৰ ব্যাকৰণ লিখি অসমীয়া ভাষা আৰু সাহিত্যৰ যি যুগমীয়া উপকাৰ কৰি গ'ল, তাক হেজাৰ মুখেৰে কৈও সাং কৰিব নোৱাৰি।' আৰু কৈছিল- 'অসমীয়া ভাষাৰ উন্নতিৰ নিমিত্তে আৰু অসমীয়া মানুহৰ উপকাৰৰ নিমিত্তে বুকুৰ তেজেৰে লিখাৰ নিচিনাকৈ হেমকোষ লিখিছিল।' 
 
'হেমকোষ'ৰ ব্রেইল সংস্কৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ দিয়াৰ এক দৃশ্য
 
 
সেইখন 'হেমকোষ'ৰে ব্রেইল সংস্কৰণ কৰি যোৱা ২৪ এপ্রিলত গীনিজ ৰেকর্ডছত স্থান লাভ কৰে আৰু হেমচন্দ্র বৰুৱাৰ ১২৭ সংখ্যক মৃত্যুবার্ষিকীত 'হেমকোষ'ৰ বিশ্বাভিলেখৰ আনুষ্ঠানিক প্রমাণপত্র প্রদান কৰা হৈছিল জয়ন্ত বৰুৱাক। বৰুৱাই কৈছিল- 'দৃষ্টিহীন ছাত্র-ছাত্রী তথা শিক্ষকসকলে যাতে অসমীয়া ভাষাটো শুদ্ধ ৰূপত আয়ত্ত কৰিব পাৰে, তাৰ বাবেহে হেমকোষৰ ব্রেইল সংস্কৰণ প্রকাশ কৰিছিলো। এয়া অভিলেখ হ'ব বুলি ভবা নাছিলো। এয়া আছিল আন্তৰিক প্রয়াস।' 
 
কোৱা বাহুল্য যে ব্যাকৰণ অবিহনে অসমীয়া ভাষাটো শুদ্ধ ৰূপত আয়ত্ত কৰিব নোৱাৰি। সেয়ে বৰুৱাই অসমীয়া ব্যাকৰণৰো ব্রেইল সংস্কৰণ কৰাৰ আন্তৰিক প্ৰয়াস কৰিলে। দৃষ্টিহীনসকলে ব্যাকৰণ বিধি মানি অসমীয়া ভাষা শুদ্ধ ৰূপত আয়ত্ত কৰিব পাৰিব আজিৰ পৰাই। হেমচন্দ্র বৰুবাই 'হেমকোষ 'অসমীয়া ব্যাকৰণ' ৰচনা কৰি যি অক্ষয় কীৰ্তি সাধিলে, সেইজন হেমচন্দ্র বৰুৱাৰ পৰিনাতি জয়ন্ত বৰুৱাদেৱেও 'হেমকোষ' আৰু 'অসমীয়া ব্যাকৰণ'ৰ ব্রেইল সংস্কৰণ কৰি যুগমীয়া কীর্তি সাধিছে। 
 
(ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ জন্মজয়ন্তী উপলক্ষে আজি এই লেখাটি প্ৰকাশ কৰা হৈছে।)