লণ্ডন
সাহিত্য জগতৰ অন্যতম সন্মানীয় বঁটা বুকাৰ প্রাইজ এইবাৰ লাভ কৰিছে আইৰিছ ঔপন্যাসিক পল লিঞ্চে। কাল্পনিক দৃষ্টিৰে আয়াৰলেণ্ডৰ নৈৰাজ্যক পটভূমি হিচাপে লৈ ৰচিত হৈছে পল লিঞ্চৰ বুকাৰ প্রাইজ বিজয়ী উপন্যাস 'প্রফেট ছং'। 'প্রফেট ছং' ৪৬ বছৰীয়া লিঞ্চৰ পঞ্চমখন উপন্যাস আৰু তেওঁ বুকাৰ প্রাইজ বিজয়ী পঞ্চমগৰাকী আইৰিছ ঔপন্যাসিক।
বুকাৰ প্ৰাইজৰ বাবে ঔপন্যাসিকগৰাকীয়ে লাভ কৰিছে ৫০ হেজাৰ পাউণ্ড ধন অর্থাৎ ভাৰতীয় হিচাপত ৫২ লাখ টকা। আয়াৰলেণ্ডৰ কল্পিত নৈৰাজ্যত ডাব্লিনৰ চাৰি সন্তানৰ মাতৃৰ জীৱন সংগ্রামক লৈ ৰচিত হৈছে লিঞ্চৰ ৰাজনৈতিক উপন্যাসখন। য'ত চিত্রিত হৈছে আয়াৰলেণ্ডৰ শিক্ষক সংস্থাৰ জ্যেষ্ঠ বিষয়ববীয়া মহিলাগৰাকীৰ স্বামী নিখোজ হৈছে আন হেজাৰ-বিজাৰ লোকৰ সৈতে। স্বামীৰ অবর্তমানত চাৰি সন্তানৰ মাতৃগৰাকীয়ে বৃদ্ধ পিতৃৰ সৈতে গৃহযুদ্ধৰ ভয়াৱহতাৰ মাজত পৰিয়ালটোক এক কৰি ৰখাৰ দুৰ্বাৰ সংগ্রাম চলোৱাৰ কাহিনীৰে আগুৱাইছে উপন্যাসখন।
১৯৭৭ চনত আয়াৰলেণ্ডৰ লিমেৰিকত জন্মা লিঞ্চৰ পূৰ্বৰ পৰিচয় চলচ্চিত্র সমালোচক। ৰাজনৈতিক পটভূমিত 'প্রফেট ছং' উপন্যাসখন ৰচিত হ'লেও নিজকে ৰাজনৈতিক ঔপন্যাসিক বুলি গণ্য কৰিবলৈ অস্বীকাৰ কৰা লিঞ্চে কয়- উপন্যাসখন আইৰিছ সমাজৰ বাবে এক সাৱধানবাণী নহয়। উপন্যাসখনৰ জৰিয়তে মই এই বার্তাকে সমাজক দিব খুজিছো যে যুগে যুগে এনে ঘটনা ঘটি আহিছে আৰু এনে পৰিঘটনাক আমাৰ চিন্তা-চেতনাই কেনে গভীৰতাৰে লয়, তাক লৈহে মই সম্পৰীক্ষা চলাইছো।
উল্লেখ্য যে বিগত বৰ্ষত বুকাৰ বঁটা লাভ কৰিছিল আন এগৰাকী ৰাজনৈতিক ঔপন্যাসিক শ্রীলংকাৰ শ্বেহান কৰুণাতিলকে, তেওঁৰ উপন্যাস 'দা ছেভেন মুনছ অব মালি আলমেইডা'। অৱশ্যে এইবাৰৰ বুকাৰ বঁটাৰ বাছনি প্রক্রিয়াক লৈ প্রশ্ন উত্থাপন কৰিছে বুকাৰ বঁটাৰ অন্যতম দাবীদাৰ তথা কানাডিয়ান ঔপন্যাসিক ইডুগ্যানে।
তেওঁৰ অভিযোগ- লিঞ্চৰ বাছনি সর্বসম্মত নাছিল। ছঘণ্টা ধৰি কেইবাটাও পর্যায়ত হোৱা ভোটিং আৰু আলোচনাৰ পিচতহে চূড়ান্ত হয় বিজয়ীৰ নাম। এইবাৰৰ শ্বর্ট লিষ্টত আছিল আইৰিছ লেখক পল মুৰেৰ 'দা বি ষ্টিং', কেনিয়াৰ ঔপন্যাসিক চেটনা মাৰুৰ 'ৱেষ্টার্ন লেন', মার্কিন লেখকদ্বয় ক্রমে জোনাথন ইস্কুফেৰীৰ 'ইফ আই ছার্ভাইভ ইউ আৰু পল হার্ডিঙৰ 'ডিছ আডাৰ মিয়ামী'।