মীনপালনেৰে স্বাৱলম্বী হোৱা কৰিমগঞ্জৰ নজৰুল হকে লাভ কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা

Story by  Satananda Bhattacharjee | Posted by  Munni Begum • 7 Months ago
 কৰিমগঞ্জৰ মীনপালক নজৰুল হকে লাভ কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা
কৰিমগঞ্জৰ মীনপালক নজৰুল হকে লাভ কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা
 
শতানন্দ ভট্টাচাৰ্য / কৰিমগঞ্জ
 
মীনপালনেৰে স্বাৱলম্বী হোৱা কৰিমগঞ্জৰ নজৰুল হক অজস্ৰজনৰ বাবে আদৰ্শ হৈ উঠিছে। কৰিমগঞ্জ জিলাৰ প্ৰগতিশীল মীন পালকজনে লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সন্মানীয় বঁটা। এই সন্মানেৰে তেওঁ প্ৰমাণ কৰি দিলে যে শিক্ষিত হৈ চাকৰিৰ পিছত দৌৰি থকাৰ সলনি নিষ্ঠা আৰু সততাৰে ব্যৱসায় আৰম্ভ কৰিলে আর্থিকভাৱে স্বাৱলম্বী হ'ব পাৰি। 
 
বদৰপুৰ চহৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগৰ আলেখাৰগুলৰ বাসিন্দা নজৰুল হকে হায়দৰাবাদৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনস্থ ৰাষ্ট্ৰীয় মীন উন্নয়ন ব’ৰ্ডে (এন এফ ডি বি) আগবঢ়োৱা এই বঁটা লাভ কৰি কৰিমগঞ্জ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। গুজৰাটৰ আহমেদাবাদৰ চায়েন্স চিটিত অলপতে বিশ্ব মীন দিৱসৰ অনুষ্ঠানত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৰশোত্তম ৰূপালাই এই বঁটা প্ৰদান কৰে। 
 
নজৰুল হকে লাভ কৰা চাৰ্টিফিকেট
 
নজৰুল হকে মীন খণ্ডত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা আভ্যন্তৰীণ মীনপালকৰ শাখাত এই বঁটা লাভ কৰে। বঁটাৰ সৈতে আছে নগদ এক লাখ টকা আৰু এখন প্ৰশস্তিপত্ৰ। উল্লেখ কৰিব পাৰি যে দেশত মাছৰ উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ লগতে মীন উন্নয়নৰ সংহত আৰু সামগ্ৰিক সমন্বয়ৰ বাবে ২০০৬ চনত এনএফডিবিৰ প্ৰতিষ্ঠা হৈছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
নজৰুল হকে চৰকাৰী চাকুৰিৰ বাবে সময় নষ্ট নকৰাকৈয়ে স্নাতক ডিগ্ৰী পাছ কৰাৰ লগে লগে মাছ উৎপাদনৰ উদ্যোগত নামি পৰে। তেওঁ বঁটা লাভ কৰাৰ পিছত সন্তুষ্টি প্ৰকাশ কৰি নৱপ্ৰজন্মক আৰ্থিক স্বাৱলম্বিতাৰ বাবে বৈজ্ঞানিক মাছ উৎপাদন গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
 
নজৰুলহকে লাভ কৰা চাৰ্টিফিকেট
 
নজৰুল হকৰ পিতৃ এগৰাকী কৃষিজীৱী। ঘৰৰ আৰ্থিক অবস্থাও তেনে ভাল নাছিল, কিন্তু সৰুৰে পৰাই তেওঁৰ কিবা এটা কৰি দেখুৱাৰ প্ৰৱল আগ্ৰহ আছিল। জনা যায় যে প্ৰথমতে তেওঁ মাছৰ ব্যৱসায় কৰিবলৈ ১০ হেজাৰ টকাৰ এটা ঋণ লৈছিল আৰু সেইটোৰ ভালদৰে ব্যৱহাৰ কৰি সময়মতে উভতাই দিছিল। তাৰপৰাই তেওঁৰ জীৱনৰ বাট মুকলি হয়। 
 
মীন পালনৰ প্ৰতিনিধিত্বমূলক ছবি
 
নজৰুল হকে কয় যে চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰি সময় অপচয় নকৰি যদি নিবনুৱাসকলে ব্যৱসায়ক নিষ্ঠাৰে আঁকোৱালি লয়, তেন্তে জীৱনত আর্থিকভাৱে স্বাৱলম্বী হোৱাত কোনো বাধা নাথাকিব। যুৱপ্ৰজন্মক বৈজ্ঞানিক পদ্ধতিৰে মাছৰ ব্যৱসায় কৰিবলৈ তেওঁ আহ্বান জনায়।  নজৰুল হকে এই বঁটা পাই তেওঁ আপ্লুত হৈ পৰিছে আৰু জীৱনৰ সকলো কষ্টৰ এইটো এটা স্বীকৃতি বুলি কয়। তেওঁ ইয়াৰ আগতেও জিলা পৰ্যায়ৰ প্ৰগতিশীল মাছ ব্যৱসায়ীৰ সম্মান পাইছিল।