অঞ্জু শাণ্ডিল্য
কুণ্ডিলৰ পৰা দ্বাৰকালৈ শ্ৰীকৃষ্ণই ৰুক্মিণী দেৱীক হৰণ কৰি নিওঁতে কিছু সময় মাজুলীত ৰৈছিল। অনুপম প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মাজুলীকেই ৰুক্মিণীদেৱীয়ে দ্বাৰকা বুলি ভাবি 'দ্বাৰকা পালোহি!' এইদৰে কৈ উঠিল। ভগৱান শ্ৰীকৃষ্ণই ক'লে যে দ্বাৰকালৈ বহুদূৰ আছে; কিন্তু ৰুক্মিণী দেৱীৰ মুখত এখন ঠায়েই দ্বাৰকা বুলি ওলাল যেতিয়া ইয়াতো দ্বাৰকাসদৃশ পবিত্ৰ ক্ষেত্ৰ হ'ব। আৰু এদিন ইয়াতেই গুৰু দুজনাৰ 'মণি-কাঞ্চন' সংযোগ ঘটিল। কালক্ৰমত মাজুলীখন সত্ৰ-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হৈ পৰিল।
আহোম ৰাজত্বকালতো ৰজাঘৰীয়া চাৰি সত্ৰৰ তিনিওখনেই (আউনীআটী, গড়মূৰ, দক্ষিণপাট) মাজুলীতে স্থাপন হ'ল। অন্যান্য বহু সত্ৰও স্থাপন হৈ মাজুলী এক পুণ্যভূমি হৈ পৰিল। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, পুণ্যভূমি মাজুলীত ২০২২ বৰ্ষৰ ১৬ অক্টোবৰত গড়মূৰত 'ভাওনা-প্রদীপ' সন্মান মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল এজন ইছলামধৰ্মী লোকক।
এই কার্যই শংকৰ-আজানৰ দেশ অসমৰ সাতামপুৰুষীয়া সাম্প্রদায়িক সম্প্রীতিকে প্ৰমাণ কৰিলে। এইখন মাজুলীৰে শ্ৰীশ্ৰীগড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ, বিপ্লৱী ধৰ্মগুৰু শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামীয়ে গুৰুজনাৰ আদৰ্শৰে সাম্প্রদায়িক ঐক্য-শান্তি প্রতিষ্ঠা কৰিছিল। শ্ৰীশ্ৰীগড়মূৰ সত্ৰৰ চৌহদত বসবাস কৰা আমিৰ হুছেইনক শিষ্যত্ব প্ৰদান কৰিছিল। আমিৰ হুছেইনৰ পুত্ৰ, নাতি আদিয়েও পুৰুষানুক্রমে শ্ৰীশ্ৰীগড়মূৰ সত্ৰৰ চৌহদতে বসবাস কৰি সত্ৰৰ বাবে অৱদান আগবঢ়াইছিল আৰু এতিয়া এজন ইছলামধৰ্মী লোকক 'ভাওনা-প্রদীপ' সন্মান প্ৰদান কৰাত মাজুলীৰ ঐতিহ্যত সোণত সুৱগা চৰিল।
সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ
সাংস্কৃতিক মহাসভা অসমে এই সন্মান প্ৰদান কৰাত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰে। সম্মান প্ৰাপকৰ হৈ এই সন্মান গ্রহণ কৰে তেওঁৰ নাতিনীয়েকে। কিন্তু ‘ভাওনা-প্রদীপ' সন্মান লাভ কৰা কোন এইজন ইছলামধৰ্মী লোক? আৰু কিয় তেওঁক এই সন্মান প্ৰদান কৰা হ'ল। ইছলামধৰ্মী লোকজনৰ মাজুলীৰ সৈতে সম্পৰ্ক কি? এইবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ ১৯৪৭ চনলৈ উভতি যাব লাগিব।
এজন ইছলামধর্মী মানুহ। কংগ্ৰেছ দলে ভাৰতৰ ৰাষ্ট্ৰপতিৰূপে (পঞ্চমগৰাকী) মানুহজনক ১৯৭৪ চনৰ ১৩ আগষ্টত মনোনীত কৰে। ১৭ আগষ্টত হোৱা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় ২০ আগষ্টত আৰু মানুহজন ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয়। মানুহজনৰ ককাক আছিল হিন্দুধৰ্মৰ অগাধ পণ্ডিত আৰু হিন্দু ধৰ্মীয় কলা-সংস্কৃতিক গভীৰ শ্ৰদ্ধা কৰিছিল। বংশগতভাৱে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিজনেও এই গুণ লাভ কৰে। ৰাষ্ট্ৰপতিৰূপে ইণ্ডোনেছিয়া ভ্ৰমণ কৰোতে অসমৰ সত্ৰীয়া কলা-সংস্কৃতিৰ দল এটা লৈ গৈছিল। বিদেশত অসমৰ কলা-সংস্কৃতি তথা সত্ৰীয়া সংস্কৃতি প্রদর্শন কৰোৱা প্ৰথম ৰাষ্ট্ৰপতি আছিল এই মানুহজন। নহ'বনো কিয়, এইজন যে শংকৰ-আজান, লাচিত বৰফুকন-বাঘ হাজৰিকাৰ দেশ অসমৰ সন্তান।
ফখৰুদ্দিন আলী আহমেদে ৰাষ্ট্ৰপতি ভৱনত বিদেশী গণ্যমান্য ব্যক্তিসকলক আতিথ্য প্ৰদান কৰিছে
আহোম ৰাজত্বকালত প্রখ্যাত 'ফাৰ্চীপঢ়িয়া' উপাধি পদবী লাভ কৰা বংশৰ সন্তান আছিল এইজন ৰাষ্ট্ৰপতি। পূৰ্বপুৰুষৰ বাসস্থান আছিল গোলাঘাটৰ কছাৰীহাটত। এতিয়াও কছাৰীহাটত পিতৃগৃহ আছে। মানৰ আক্ৰমণৰ সময়ত পূৰ্বপুৰুষৰ লোক গুৱাহাটীৰ লাখটকীয়ালৈ আহে। লাখটকীয়াতে ৰাষ্ট্ৰপতিজনৰ পিতৃ জালনুৰ আলীৰ জন্ম হয়। উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ প্ৰথমজন চিকিৎসকৰূপে প্ৰখ্যাত জালনুৰ আলীয়ে এল এম এছ, এম বি, এম ডি, আই এম এছ আদি ডিগ্রী লাভ কৰি কর্নেল পদবীও লাভ কৰিছিল।
তেওঁৰ পুত্ৰ ফখৰুদ্দিন আলী আহমেদে ১৯৬৬ চনত কেন্দ্রীয় মন্ত্রীসভাত শক্তি আৰু জলসিঞ্চন দপ্তৰৰ কেবিনেট মন্ত্ৰীৰ স্থান লাভ কৰে। ১৯৬৬ৰ পৰা ১৯৭৪ চনলৈ কেন্দ্রীয় মন্ত্রীসভাত আহমেদে আইন, কৃষি, খাদ্য, কোম্পানী, উদ্যোগ, ঔদ্যোগিক বিকাশ, সমবায়, শিক্ষা আদি দপ্তৰত দক্ষতা, নিকা ভাবমূৰ্তি আৰু দুৰ্নীতি নিবাৰক মন্ত্ৰীৰূপে অসমক গৌৰৱান্বিত কৰিলে। কেন্দ্রীয় মন্ত্রীসভাত অসমৰ প্ৰায়বোৰ সমস্যা যুক্তিসহকাৰে দাঙি ধৰি সমাধানৰ চেষ্টা কৰিছিল। তদুপৰি ১৯৪৭ৰ পৰা ১৯৭৪ চনলৈ কংগ্ৰেছ সংসদীয় সমিতি, সৰ্বভাৰতীয় কংগ্ৰেছ সমিতি, কংগ্ৰেছ কাৰ্যকৰী সমিতি আদিৰ সদস্য আছিল আৰু সমিতিৰ বিভিন্ন সভা, অনুষ্ঠানতো অসমৰ সমস্যাৰ কথা আলোচনা কৰিছিল। কেন্দ্ৰীয় কৃষি মন্ত্ৰী আৰু ৰাজ্যৰ পঞ্চায়ত মন্ত্ৰী হৈ থাকোতে কৃষক, শ্রমিক আদিৰ বাবে যি বলিষ্ঠ পদক্ষেপ লৈছিল, তাৰ কৃতজ্ঞতাৰ চিনস্বৰূপে ধুবুৰীৰ চাপৰ-শালকোটা উন্নয়ন খণ্ড উদ্বোধন কৰা আহমেদক ৫ জন কৃষক, ৫ জন শ্রমিক, ৫ জন কমাৰ, ৫ জন কুমাৰ আৰু ৫ জন চৰ্মকাৰে মাল্য প্রদান কৰিছিল। এই অভিনৱ সন্মান-কৃতজ্ঞতা লাভ কৰি মানুহজন অভিভূত হৈ পৰিছিল। জন্মৰে পৰা তেওঁ অসমৰ বাহিৰত থাকি শিক্ষা গ্ৰহণ কৰিলেও অসমীয়া ভাষা-কলা-কৃষ্টিৰ অনুৰাগী আছিল। অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা 'হস্তী বিদ্যার্ণব' গ্ৰন্থখন ৰাষ্ট্ৰপতি হৈ থকা কালতে তেওঁ উন্মোচন কৰিছিল।

আউনি আতীয় সত্ৰৰ প্ৰৱেশদ্বাৰ
১৯৬৭ চনত অসম সাহিত্য সভাৰ টিহুৰ মুকলি অধিবেশন উদ্বোধন কৰি তেওঁ কৈছিল যে গুৰু দুজনাৰ সৃষ্টিৰাজি সমগ্ৰ বিশ্বতে প্ৰচাৰ হোৱা উচিত। ৰাষ্ট্ৰপতিজনাৰ উদ্যোগতে কমলাবাৰী সত্ৰৰ শিল্পীসকলে ভাৰতৰ বিভিন্ন প্ৰান্তত গুৰু দুজনাৰ অপূর্ব সৃষ্টি অংকীয়া নাট-ভাওনা প্ৰদৰ্শন কৰে। ১৯৭৫ চনত ৰাষ্ট্ৰপতিজনাৰ প্ৰচেষ্টাতেই কমলাবাৰী সত্ৰই শ্রীমন্ত শংকৰদেৱৰ 'ৰাম-বিজয়' নাট ইণ্ডোনেছিয়াৰ জাকাটাত প্ৰদৰ্শন কৰে।
সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবেও তেওঁ আঁচনি প্ৰস্তুত কৰিছিল। কিন্তু সেইবোৰ কাৰ্যকৰী হোৱাৰ আগতেই ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰীত তেওঁ মৃত্যুবৰণ কৰে। ২৫ বছৰ বয়সলৈকে অসমৰ বাহিৰতে থাকি ডাঙৰ-দীঘল হোৱা মানুহজন হাড়ে-হিমজুৱে অসমীয়া আছিল।
দক্ষিণ পাট সত্ৰলৈ যোৱা পথ
অসমৰ বাবে কিমান কি কৰিলে, সেয়া কৈ শেষ কৰিব নোৱাৰি। ক্রীড়াপ্রেমী মানুহজনে ছাত্ৰাৱস্থাত টেনিছ, হকী, ফুটবল, ক্রিকেট খেলুৱৈৰূপে সুনাম আৰ্জিছিল আৰু সৰ্বভাৰতীয় ক্রিকেট সংস্থা, টেনিছ সংস্থা, অসম ফুটবল সংস্থা, ক্রিকেট সংস্থা আদিৰ সভাপতিৰূপে অসমৰ ক্ৰীড়া জগতলৈ বৰঙণি আগবঢ়াই গ'ল। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ সৈতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে তেওঁ কাম কৰিছিল।
১৯৪২ চনত স্বাধীনতা আন্দোলনত যোগদান কৰি কাৰাবাস খাটে। যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত থাকোতে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াই কৃতজ্ঞতাৰে কৈছিল — কাৰাগাৰত থাকোতে চুতীয়াদেৱৰ জ্বৰ উঠাত আহমেদে সেবা-শুশ্রূষা কৰি ঔষধ-পথ্য খুৱাইছিল। মুক্তিযোদ্ধা কেকাই সোণোৱাল (কেশব চন্দ্ৰ সোণোৱাল)ক জহৰকোট দিছিল। সোণোৱালে আহমেদৰ মৃত্যুৰ বাতৰি শুনি অনশন কৰি মৃত্যুবৰণ কৰিছিল।
বৰ্তমান অসমত প্ৰাক্তন অসমীয়া ৰাষ্ট্ৰপতিৰ নামেৰে নামাকৰণ কৰা একমাত্ৰ প্ৰতিষ্ঠান বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়
১৯৪২ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈকে কাৰাগাৰত এখন ডায়েৰী লিখিছিল — 'Retrieved Revelation (1943)'। এইখনত ব্যক্তিগত জীৱনৰ কথা নাই। ব্ৰিটিছ চৰকাৰ, পুলিচ আৰু জে'লৰ কৰ্মচাৰীসকলে কিদৰে ৰাজনৈতিক বন্দী, কয়দীসকলক অমানৱীয় আচৰণ, উৎপীড়ন, অত্যাচাৰ কৰিছিল আৰু কয়দীসকলৰ বাবে যোগান ধৰা খাদ্য-সামগ্ৰী কিদৰে আত্মসাৎ কৰিছিল, এইবোৰ কথাৰ লগতে দেৱেশ্বৰ শৰ্মাক ষড়যন্ত্ৰ কৰি চিলেট জে'ললৈ প্ৰেৰণ কৰা, জে'ল কৰ্তৃপক্ষই বিনা দোষত কয়দীক লাঠী, বন্দুকেৰে প্ৰহাৰ কৰা, কুশল কোঁৱৰক বিনা বিচাৰে ফাঁচী দিয়াৰ হৃদয়বিদাৰক কাহিনী, কোঁৱৰৰ পত্নীয়ে জীবন নিৰ্বাহৰ বাবে ঘৰুৱা সা-সম্পত্তি বেচাৰ কৰুণ কাহিনীও ইয়াত লিপিবদ্ধ কৰা আছে।
ড° অজিত বৰুৱাই ফখৰুদ্দিন আলী আহমেদৰ বিষয়ে কৈছিল — 'ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ অসমৰ বৃহত্তৰ স্বাৰ্থত যিসকলে মাত মাতি আহিছিল, সেইসকলৰ ভিতৰত অন্যতম আছিল ফখৰুদ্দিন আলী আহমেদ।' এতিয়া কথা হ'ল — অসমত এতিয়া হিন্দুৱে হওক মুছলমানে হওক, অবৈধ বাংলাদেশীৰ বোজা অসমক নালাগে। আমি নিশ্চিত যে পূৰ্বৰ শংকৰ-আজানৰ দেশৰ অসমীয়াইহে 'জাতি-মাটি-ভেটি' ৰক্ষা কৰিব।
(অঞ্জু শাণ্ডিল্য এগৰাকী সু-লেখিকা)